নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হংস বাহনেৰে ভাগৱত যাত্রা, হৰিনামেৰে মুখৰ সমন্বয় ক্ষেত্ৰ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ হৰিনামে ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি- শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ কমাৰাগাঁও অধিৱেশনৰ তৃতীয় দিনা হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ল বোকাখাত কমাৰগাঁৱৰ দিহিঙীয়া–মহুৰা পথাৰ৷ পুৱাৰে পৰা প্রায় আঢ়ৈ লাখ ভক্তৰ সমাগমেৰে বৈকুণ্ঠত পৰিণত হ’ল কাজিৰঙা সমন্বয় ক্ষেত্র৷ উত্তৰ–পূব ভাৰতৰ সর্ববৃহৎ ধম্য় অনুষ্ঠান শ্রীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত জিলা সমিতিৰ আপ্যায়নত কমাৰগাঁও দিহিঙীয়া–মহুৰা পথাৰত অনুষ্ঠিত ৮৯সংখ্যক বার্ষিক অধিৱেশনৰ তৃতীয় দিনা উলিওৱা হংস বাহনেৰে ভাগৱত ভ্রমণ আৰু বর্ণাঢ়্য সাংসৃকতিক শোভাযাত্রাই সমৱেত ভকত–বৈষৱৰ আকর্ষণৰ কেন্দ্রবিন্দু হৈ পৰে৷ এই বিশাল সাংসৃকতিক শোভাযাত্রাত মিচিং, কার্বি, গোর্খা কৃষ্টি, মণিপুৰী গায়ন–বায়ন, অসমীয়া গায়ন–বায়ন, ব্রহ্মকুমাৰী সেৱা আশ্রমৰ দল, সমৰ কলা, স্থানীয় বিভিন্ন বিদ্যালয়–মহাবিদ্যাল্ শিক্ষামূলক বিভিন্ন কর্মসূচী, চহা গাঁৱৰ লোকৰ দৈনন্দিন কর্মসূচী, কৃষিকর্মৰ সঁজুলি প্রদর্শন কৰাৰ লগতে বিভিন্ন জাতি–জনগোষ্ঠীৰ সাংসৃকতিক ঐতিহ্যৰ লগতে গুৰুজনাৰ সৃষ্টিৰাজিক লৈ প্রদর্শন কৰা ভাওনা কেলিগোপাল, কালিয় দমন আদিৰ উপৰি ইতিহাস বিজডিত জয়মতী, বীৰাংগনা সতী সাধনী আদিৰ দৃশ্যাংশ প্রদর্শন কৰা হয়৷ এই শোভাযাত্রাত লক্ষাধিক ভকত–বৈষৱে পৱিত্র ভাগৱত হংসবাহনত লৈ প্রায় ষোল্ল কিলোমিটাৰ পথ ভ্রমণ কৰি হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্র কমাৰগাঁও অঞ্চলৰ আকাশ–বতাহ৷ শোভাযাত্রাত সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ আৰু প্রধান সম্পাদক বাবুল বৰাই সমূহ ভকত–বৈষৱক সেৱা জনাই আগবঢ়াই নিয়ে শোভাযাত্রা৷ অতি শৃংখলাবদ্ধভাৱে ৭২টা সাংস্কৃতিক দলৰ লগতে কেইবাসহস্র ভকত–বৈষৱে অংশগ্রহণ কৰে৷ এই বিশাল শোভাযাত্রা বোকাখাতৰ দিহিঙীয়া–মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্রৰ পৰা পুৱা ১০.৩০ বজাত শুভাৰম্ভ কৰি ৩৭নং ৰাষ্ট্রীয় পথেৰে পূবে আগবাঢ়ি গৈ তামুলীপথাৰ পথেৰে বিস্তীর্ণ গ্রামাঞ্চলৰ মুঠ ১৬ কিলোমিটাৰ পথ অতিক্রম কৰি মহুৰা চাৰিআলি হৈ কমাৰগাঁও মহাবিদ্যালয়ৰ সমুখেৰে পুনৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত উঠি অধিৱেশনথলী দিহিঙীয়া–মহুৰা পথাৰত বিয়লি ৪.৩০ বজাত সমৱেত হৈ সমাপন কৰে৷ এই যাত্রাত কুৰি সহস্রাধিক লোকে অংশগ্রহণ কৰাৰ লগতে ৰাস্তাৰ দুয়োদিশে এই বিৰল দৃশ্য চাবৰ বাবে হাজাৰ হাজাৰ লোক সমৱেত হয়৷

অধিৱেশনৰ তৃতীয় দিনা দুই লক্ষ ভকতে গ্রহণ কৰিলে দুপৰীয়াৰ আহাৰঃ ডেৰশ কুইণ্টল চাউল, ৩০ কুইণ্টল দাইল আৰু ৩০০ কুইণ্টল পাচলি
অধিৱেশনৰ পৱিত্র মিলনভূমিত উপস্থিত হোৱা লক্ষ লক্ষ ভকত–বৈষ্ণৱৰ ভিতৰত প্রায় দুই লক্ষ ভকত–বৈষ্ণৱ, বাপ–বান্ধৱ আৰু আইমাতৃয়ে আজিৰ দুপৰীয়াৰ অন্ন গ্রহণ কৰে৷ অধিৱেশনৰ তৃতীয় দিনৰ দুপৰীয়াৰ আহাৰ আগবঢ়ায় বোকাখাত সত্যনাৰায়ণ মন্দিৰ পৰিচালনা সমিতিয়ে৷ ভগৱানৰ প্রসাদস্বৰূপ আজিৰ দুপৰীয়াৰ আহাৰত আছিল ডেৰশ কুইণ্টল চাউল, ৩০ কুইণ্টল দাইল, ৪০ কুইণ্টল আলু আৰু ৩০০ কুইণ্টল পাচলি৷ আজিৰ প্রথম সাঁজ অন্নত আছিল ভাত, বিভিন্ন দাইলৰ সংমিশ্রণত প্রস্তুত কৰা আঞ্জা আৰু কেইবাবিধো শাক–পাচলিৰ সংমিশ্রণত তৈয়াৰ কৰা সুস্বাদু ভাজি আৰু বিলাহীৰ টক৷

You might also like