নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত অচিনাকি ব্যক্তি উদ্ধাৰ; বিপাঙত আৰক্ষী

নিয়মীয়া বাৰ্তা, ২২ মাৰ্চ: ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰিত উদ্ধাৰ হোৱা এজন অচিনাকি ব্যক্তিক লৈ আজি বিপাঙত পৰিছে সোণাৰি চাপৰি আৰক্ষী ৷ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত ভাটি কেকুৰীত মঙলবাৰে নিশা এজন অচিনাকি লোকক প্ৰতক্ষ কৰি স্বানীয় ৰাইজে আবদ্ধ কৰি লাট গাঁওবুঢ়াক অৱগত কৰাত ভাটি কেকুৰীৰ গাঁওবুঢ়াই লোক জনক আৰক্ষীক গতাই দিয়া পিছতে সোণাৰি চাপৰি আৰক্ষীয়ে অচিনাকি ব্যক্তি জনক চমজি লয় যদিও ব্যক্তি জনৰ ঠিকনা উলিয়াবলৈ সক্ষম হোৱা নাই ৷  অসমীয়া,ইংৰাজী ,হিন্দী বা ভাষা বুজি নোপোৱাৰ লগতে ব্যক্তি জনে কোনো কথা নোকোৱাত বা  কব নোৱাৰত বিপাঙত পৰিছে সোণাৰি চাপৰি আৰক্ষী ৷ কোনো কথা কব নোৱাৰা ব্যক্তি জনক বৃদ্ধ আশ্ৰমত ৰখোৱা ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দি কোনো লোকে এইজন ব্যক্তি চিনি পালে ঢকুৱাখনা বা সোণাৰি চাপৰি আৰক্ষীক খবৰ দিবলৈ অনুৰোধ জনাইছে সোণাৰি চাপৰি আৰক্ষীয়ে ৷

প্ৰেৰক: ৰাজেশ বুঢ়াগোহাঞি

You might also like