নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্দ্ধিত পৌৰকৰৰ বিৰুদ্ধে মৰিয়নিত নাগৰিক সভা

নিয়মীয়া বাৰ্তা, ২২মাৰ্চ: বৰ্দ্ধিত পৌৰকৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মৰিয়নিতো বৰ্দ্ধিত পৌৰকৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে । অসম চৰকাৰে পৌৰসভাৰ জৰিয়তে নাগৰিকৰ ওপৰত জাপি দিব খোজা অত্যধিক কৰৰ বিৰুদ্ধে আজি মৰিয়নিত এক নাগৰিক সভা অনুষ্ঠিত হয় । মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াৰ কিংশুক ভৱনত ছাত্ৰ সন্থাত সভাপতি স্মাইল তাঁ‌তীৰ পৌৰোহিত্যত অনুষ্ঠিত নাগৰিক সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে উপদেষ্টা অনন্ত বৰঠাকুৰে । উল্লেখযোগ্য যে, মৰিয়নি পৌৰসভাই মৰিয়নি নগৰৰ বাসিন্দাসকলৰ পৌৰকৰ এপ্ৰিল মাহৰ পৰা প্ৰযোজ্য হোৱাকৈ বৃদ্ধি কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে । বৰ্তমানতকৈ কেবাগুণো অধিক হ’বলগীয়া এই বৰ্দ্ধিত পৌৰকৰৰ ফলত সৰ্বসাধাৰণ নাগৰিক যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে । তাৰ পৰিপ্ৰেক্ষিতত এই সভাৰ আয়োজন কৰা হৈছিল । মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিবেক সাহাই আঁ‌ত ধৰা সভাখনত মৰিয়নিৰ বহুকেইটা সংগঠনৰ নেতৃত্বৰ লগতে সচেতন নাগৰিকে অংশগ্ৰহণ কৰে । মৰিয়নি নাগৰিক সমিতিৰ কাৰ্য্যকৰী সভাপতি তথা তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নেকিব ইছলামে পৌৰসভাই জাপি দিব খোজা অত্যধিক কৰে জনসাধাৰণক ব্যতিব্যস্ত কৰি তুলিব বুলি উল্লেখ কৰে । জ্যেষ্ঠ ব্যক্তি তথা সমাজকৰ্মী দ্বীপেন ফুকনে বৰ্তমানৰ চৰকাৰখনে সকলো ক্ষেত্ৰতে ৰাইজক কৰৰ বোজাৰে টেটুচেঁ‌পা দিছে বুলি উল্লেখ কৰি ইয়াৰ প্ৰতিবাদ হোৱা উচিত বুলি মন্তব্য কৰে । জ্যেষ্ঠ সংবাদকৰ্মী তথা ক্ৰীড়া সংগঠক দীপক দত্তই পৌৰসভাৰ এনে হঠকাৰী সিদ্ধান্ত কেতিয়াও মানি ল’ব নোৱাৰি বুলি মন্তব্য কৰে । যুৱ সমাজকৰ্মী দ্বীপেন দাস চৰকাৰখনক তীব্ৰ সমালোচনা কৰি মৰিয়নিবাসী ৰাইজ সকলো দিশতে উপেক্ষিত হৈ আহিছে বুলি মন্তব্য কৰে । ৰাজনৈতিক কাৰণতে মৰিয়নি সৰ্বদিশতে পিছ পৰি ৰোৱা বুলি কোৱাৰ লগতে প্ৰাক্তন ছাত্ৰ নেতাজনে কয়- বহু বিষয় ৰাইজৰ সচেতনতাৰ অভাৱৰ বাবেই তল পৰি ৰৈছে । আনহাতে, জ্যেষ্ঠ সংবাদকৰ্মী তথা প্ৰাক্তন ছাত্ৰ নেতা প্ৰাঞ্জল পাওগামে কয়- আন্দোলন নকৰিলে মৰিয়নিবাসীয়ে একো লাভ নকৰে । মৰিয়নিবাসীয়ে প্ৰতিটো প্ৰাপ্যৰ বাবে আন্দোলন বা প্ৰতিবাদ কৰিব লগীয়া হৈছে । এইবাৰো সকলো মিলি বৰ্দ্ধিত পৌৰকৰৰ বিৰুদ্ধে মাত মাতিবলৈ সকলোৰে প্ৰতি তেওঁ আহ্বান জনায় । সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ চেতিয়া ( সুৰেন ), অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি প্ৰিয়াংশু বৰুৱা, প্ৰাক্তন ছাত্ৰ নেতা তথা জ্যেষ্ঠ নাগৰিক সন্মিলন মৰিয়নিৰ কাৰ্য্যকৰী সভাপতি ধীৰেন্দ্ৰ নাথ দত্ত, আটছা নেতা দীপক তাঁ‌তী আদিয়েও বক্তব্য প্ৰদান কৰি অসম চৰকাৰৰ এনে জনবিৰোধী সিদ্ধান্তৰ বিৰোধীতা কৰে । সদৌ অসম ছাত্ৰ সন্থাত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য দীপ দত্তই এই সমস্যা কেৱল মৰিয়নি নগৰবাসীৰ সমস্যা নহয় বুলি উল্লেখ কৰি এই সমস্যাৰ বিৰোধীতা কৰি সকলো ৰাইজকে ওলাই আহিবলৈ আহ্বান জনায় । তেওঁ কয়- মৰিয়নিৰ বিভিন্ন সমস্যা সমাধানৰ বাবে ৰাইজ আগবাঢ়ি আহিবই লাগিব । তেতিয়াহে ৰজাঘৰে ৰাইজৰ একত্ৰিত শক্তিক বুজি পাব আৰু ৰাইজৰ সমস্যাসমূহ সমাধান কৰিব । অন্যথা চৰকাৰে সদায় হেঁচা দিবলৈহে বিচাৰে বুলি তেওঁ লগতে মন্তব্য কৰে । সংবাদকৰ্মী দীপক দত্ত ( জোন ), ৰাজীৱ কৰ্মকাৰ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসমৰ কেন্দ্ৰীয় সাংগাঠানিক সম্পাদক পবিত্ৰপ্ৰাণ বৰঠাকুৰ, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মৰিয়নিৰ সম্পাদক ঘনকান্ত শইকীয়া, সদস্য প্ৰদীপ দাস ( দিপু ), চহন কানু, মাৰৱাৰী যুৱ মঞ্চৰ মৰিয়নি শাখাৰ প্ৰতিনিধি আদি উপস্থিত থকা সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সকলোৱে সভাত নগৰবাসীয়ে কোনো কাৰণতে বৰ্দ্ধিত পৌৰকৰ নিদিয়াৰ হুংকাৰ দিয়ে । সভাত পৰৱৰ্তী কাৰ্য্যপন্থাৰ বাবে এখনি আহ্বায়ক সমিতি গঠন কৰা হয় । ইয়াৰ বাবে নাগৰিক সমিতিৰ কাৰ্য্যকৰী সভাপতি নেকিব ইছলামক সম্পাদক, ছাত্ৰ সন্থাৰ অনন্ত বৰঠাকুৰ আৰু সৌৰভ কলিতাক যুটীয়া সম্পাদক আৰু জ্যেষ্ঠ নাগৰিক দ্বীপেন ফুকন, সংবাদকৰ্মীদ্বয় দীপক দত্ত আৰু দীপক দত্ত ( জোন ), জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ঘনকান্ত শইকীয়া আৰু প্ৰদীপ দাস ( দিপু ), ব্যৱসায়ী ৰমেশ আগৰৱালা, প্ৰনীত বৰ্মন আৰু দুল হাজৰিকাক সদস্য হিচাপে লৈ আহ্বায়ক সমিতি গঠন কৰা হয় । এই সমিতিৰ জৰিয়তে অহা ২৮ মাৰ্চত পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইয়াৰ লগতে মৰিয়নিৰ বিভিন্ন সমস্যাৰ সন্দৰ্ভত পৰৱৰ্তী পৰ্য্যায়ত আলোচনা কৰাৰ লগতে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব বুলিও তেওঁলোকে জানিবলৈ দিয়ে ।

দিব্যজ্যোতি শইকীয়া

You might also like