নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় কাৰাগাৰত আৰম্ভ হ’ল তিনি স্তৰৰ নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা!

  • ৬৮০ জনীয়া বৃহৎ নিৰাপত্তাৰক্ষীৰ দলে অৰ্হনিষে চোকা পহৰা!
  • অভেদ্য দুৰ্গত পৰিণত ডিব্ৰুগড় কাৰাগাৰ

নিয়মীয়া বাৰ্তা, ২২মাৰ্চ: ডিব্ৰুগড় কাৰাগাৰত এতিয়াৰে পৰা আৰম্ভ হ’ল তিনি স্তৰৰ কঠোৰ নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা।ব্লেক কামাণ্ডো,বেটেলিয়ন আৰু অসম আৰক্ষীৰ দিনে-নিশাই পহৰা, কাৰাগাৰৰ ভিতৰে-বাহিৰে।যেন একপ্ৰকাৰ অভেদ্য দুৰ্গত পৰিণত হৈছে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কৰাগাৰ।খালিস্তান সমৰ্থক সংগঠন ৱাৰিছ পঞ্জাব দে’ৰ সাতজন কৰ্মীক, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখাৰে পৰা বহুস্তৰীয় নিৰাপত্তাৰক্ষী ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে।

আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় যে যোৱা ১৯ মাৰ্চৰ পৰা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপল সিঙৰ সহযোগী সকলক পঞ্জাৱৰ পৰা ডিব্ৰুগড়লৈ বিমানেৰে অনাৰ পিছত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।তেতিয়াৰে পৰা এটি ৬৮০ জনীয়া বৃহৎ নিৰাপত্তাৰক্ষীৰ দলে অৰ্হনিষে চোকা পহৰা ৰাখিছে।দলজীত কালসী, বসন্ত সিং, গুৰমীত সিং ভূখানৱালা আৰু ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকেক ১৯ মাৰ্চত উচ্চ নিৰাপত্তা বেষ্টনীৰ মাজেৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনাৰ বিপৰীতে আৰু তিনিজন সদস্য হৰজিৎ সিং (অমৃতপাল সিঙৰ খুৰাক), কুলৱন্ত সিং ধলিৱাল আৰু গুৰিন্দৰ পাল সিঙক ২১ মাৰ্চত ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল।

আজি পৰ্যন্ত ৱাৰিছ পঞ্জাৱ দে’ৰ ৭ জন সদস্যক ডিব্ৰুগড় কাৰাগাৰত ৰখা হৈছে।ৰাষ্ট্ৰীয় নিৰাপত্তা আইন চমুকৈ এন এছ এৰ অধীন গ্ৰেপ্তাৰ হোৱা উক্ত বন্দীসকলৰ নিৰাপত্তা ব্যৱস্থা,আন কয়দীৰ তুলনাত বেলেগ হোৱাৰ বাবে তেওঁলোকক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ উচ্চ নিৰাপত্তাৰক্ষীৰে আবৃত্ত চেলত(কোঠাত) ৰখা হৈছে বুলি উপাযুক্ত বিশ্বজিৎ পেগুৱে আৰু অধিক সবিশেষ প্ৰকাশ নকৰাকৈয়ে এইদৰে কয়।

জেলৰ সূত্ৰ অনুসৰি ব্লেক পেন্থাৰ অসম আৰক্ষীৰ কমাণ্ডোৰ এটা দলক জেলৰ বাহিৰৰ পৰিধি সুৰক্ষিত কৰাৰ দায়িত্ব অৰ্পণ কৰাৰ বিপৰীতে চি আৰ পি এফ, অসম আৰক্ষীৰ জোৱান আৰু কাৰাগাৰৰ প্ৰহৰীয়ে কাৰাগাৰৰ ভিতৰৰ নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰিছে।তদুপৰি ডিব্ৰুগড় কাৰাগাৰৰ সমগ্ৰ বাহিৰৰ সীমাত নিৰাপত্তা বৃদ্ধিৰ বাবে চিচিটিভি কেমেৰা লগোৱা হৈছে।আনহাতেদি ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বী অমৃত পল সিঙক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।আনহাতে পঞ্জাৱ আৰক্ষীয়ে খালিস্তানৰ উগ্ৰ সমৰ্থক,বিচিন্নতাবাদী নেতা অমৃতপাল সিঙৰ ফটো সকলোতে প্ৰকাশ আৰু প্ৰচাৰ কৰি,তেওঁক গ্ৰেপ্তাৰ কৰাত জনসাধাৰণক সহায় কৰিবলৈ আহবান জনাইছে।

আজি চণ্ডীগড়ত আয়োজিত এখন সংবাদমেলত আৰক্ষী মহাপৰিদৰ্শক সুখচাইন সিং গিলে কয় যে অমৃতপল সিঙৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ) আৰোপ কৰা হৈছে।খালিস্তান সমৰ্থক নেতাগৰাকীৰ বিৰুদ্ধে লুক আউট চাৰ্কুলাৰ(সাৱধান বাণী) আৰু ন’ন-বেইল এবল ৱাৰেণ্টো(জামিন বিহীন গ্ৰেপ্তাৰী পৰোৱানা)জাৰি কৰা হৈছে।মোগা জিলাৰ ৰাওকে গাওঁৰ কুলৱন্ত সিং ৰাওকে আৰু কাপুৰথালাৰ গুৰিন্দৰপাল সিং ওৰফে গুৰি আউজলাকো ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত আটক কৰিছে আৰক্ষীয়ে।মুঠতে ৭ জন লোকক এন এছ এৰ অধীনত আটক কৰা হৈছে বুলি পঞ্জাৱ আৰক্ষীয়ে প্ৰকাশ কৰিছে।অসমৰ ডিব্ৰুগড় কাৰাগাৰলৈ স্থানান্তৰিত হোৱা হৰজিৎ সিঙ আৰু হৰপ্ৰীত সিঙে জলন্ধৰ আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল বুলিও পঞ্জাৱ আৰক্ষী মহাপৰিদৰ্শক সুখচাইন সিং গিলে সদৰী কৰে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like