পাটাছাৰকুছি শাখা সাহিত্য সভাৰ উদ্যোগত তিনিখন গ্ৰন্থ উন্মোচন আৰু আলোচনা সত্ৰ সম্পন্ন
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ “আমি নতুন প্ৰজন্মক অতীতৰ বিষয়ে জনাৰ সুযোগ দিব লাগে। বিভিন্ন লেখকৰ লিখনিবোৰ পঢ়িবলৈ দিব লাগে । তেনেদৰে ৰজনীকান্ত বৰদলৈকো এনে অনুষ্ঠানৰ জৰিয়তে নতুন প্ৰজন্মই জানিব পাৰে ৷ ৰজনীকান্ত বৰদলৈৰ মনোমতী উপন্যাসখন এখন বিশেষ উপন্যাস ৷ যিখন উপন্যাসত যোগাত্মক দিশ সন্নিবিষ্ট কৰি সমাজ জীৱনক প্ৰতিফলিত কৰিছে ৷ তেওঁৰ উপন্যাসত প্ৰেমৰ সম্পৰ্ক আছে ৷ বৰ্তমান সাম্প্ৰতিকৰ পৰা অতিসাম্প্ৰতিক সময় আহি পৰিছে ৷ সাম্প্ৰতিক সময়ৰ উপন্যাসবিলাকত বৰ্তমানৰ সামাজিক চিত্ৰ উপস্থাপন কৰা হৈছে৷“ আজি পাটাছাৰকুছি শাখা সাহিত্য সভাৰ উদ্যোগত আৰু শাখা সভাৰ সভাপতি দিলীপ কুমাৰ ৰয়ৰ আমন্ত্ৰণত তেখেতৰ বাসভৱনত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা “ সাম্প্ৰতিক উপন্যাসত বিষয়বস্তুৰ গুৰুত্ব ” শীৰ্ষক আলোচনা সত্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰি দিয়া ভাষণত সৰুপেটাৰ বি এইচ বি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নমিতা দাস গুৰুঙে এনেদৰে কয়৷ তেওঁ উপন্যাসৰ সৃষ্টি আৰু ধ্বংসৰ বিষয়েও বিভিন্ন উদাহৰণেৰে ব্যাখ্যা আগবঢ়ায় ৷ সাহিত্যিক পেঞ্চনাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত বৰপেটা জিলা সাহিত্য সভাই প্ৰকাশ কৰা আৰু দিলীপ কুমাৰ ৰয়ৰ ৰচিত “ বজালীৰ সাৰথি ” ( প্ৰথম খণ্ড ) , পাটাছাৰকুছি শাখা সাহিত্য সভাৰদ্বাৰা প্ৰকাশিত দিলীপ কুমাৰ ৰয়ৰে ৰচিত “ বজালীৰ লোকবিশ্বাস ” আৰু পাটাছাৰকুছি শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত গীতিকা পাঠক ৰয়ৰ ৰচিত “ বাক সংহতি ” নামৰ গ্ৰন্থ তিনিখন উন্মোচন কৰে ক্ৰমে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা , অসম সাহিত্য সভাৰ প্ৰকাশন সচিব গোবিন্দ কলিতা আৰু বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে ৷ শাখা সভাৰ সহকাৰী সম্পাদক নিতুল শৰ্মাই আঁত ধৰা উক্ত অনুষ্ঠানত ৰাতিপুৱা প্ৰথমে হোম যজ্ঞ কৰাৰ পিছতে দিলীপ কুমাৰ ৰয়ৰ চোতালত নিৰ্মাণ কৰা নতুন নামঘৰটো ফিটা কাটি উন্মোচন কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিত কুমাৰ দাসে ৷ তাৰ পিছতে মন্ত্ৰী দাসে দিলীপ কুমাৰ ৰয়ৰ পিতৃ আৰু মাতৃৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বালন , মাল্যাৰ্পণ আৰু উন্মোচন কৰে ৷ লগতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় বৰপেটা জিলা সাহিত্য সভাৰ উপ সভাপতি বাণী ভূঞাই ৷ তাৰ পিছতে “ চিৰ চেনেহী মোৰ ভষা জননী ” গীতটো পৰিৱেশন কৰা হয় ৷ নামঘৰ আৰু প্ৰতিচ্ছবি উন্মোচন কৰি দিয়া ভাষণত মন্ত্ৰী ৰণজিত কুমাৰ দাসে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ বিষয়ে চমুকৈ কয় ৷ পাটাছাৰকুছি শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক গৌতম গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা এই অনুষ্ঠানত গ্ৰন্থ উন্মোচক তিনিওগৰাকীয়ে চমু ভাষণ দিয়ে ৷ অনুষ্ঠানত পাটাছাৰকুছি শাখা সাহিত্য সভাৰ দ্বাৰা আয়োজিত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মনোমতী উপন্যাসৰ বিষয়বস্তু , কাহিনী , পটভূমি আৰু সংলাপ সামৰাকৈ অনুষ্ঠিত কৰা সমালোচনাত্মক প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰা ক্ৰমে পূৱ কামৰূপ মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাষিকৰ আচিক আলি , গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিকৰ হৰ্ষজিত কলিতা আৰু পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষাণ্মাসিকৰ মিতুমনি কলিতাৰ লগতে টিহু মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষাণ্মাসিকৰ অলিন্দিতা কলিতাক উদ্গনিমূলক পুৰস্কাৰ প্ৰদান কৰা হয় ৷ অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি সভাৰ সামৰণি মৰা হয় ৷
উৎপল মেধি