এই সাফল্যৰ বাবে বিগত দুবছৰে একাগ্রতাৰে অনুশীলন কৰিছিলোঁ: লাভলীনা
নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ: গ্রেটেষ্ট শ্ব’ অন দ্য আর্থ ৰূপে পৰিচিত অলিম্পিক গেমছত ব্রঞ্জৰ পদক অর্জন কৰাৰ লগতে দেশৰ শ্রেষ্ঠতম ক্রীড়া সন্মান ‘খেলৰত্ন’ লাভ কৰিছিল দেশৰ অন্যতম শ্রেষ্ঠ তাৰকা তথা অসম কন্যা লাভলীনা বৰগোহাঁয়ে৷ ইয়াৰ পাছতে এক অপ্রাপ্তিয়ে খেদি ফুৰিছিল এইগৰাকী দৃঢ়মনা মহিলা বক্সাৰক৷ কিয়নো দুবাৰকৈ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদকতে সন্তুষ্ট হ’বলগীয়া হৈছিল তেওঁ৷ এই বৃহৎ প্রতিযোগিতাখনত স্বর্ণ জয় কৰাৰ সপোন ইমানদিনে আধৰুৱা হৈ আছিল লাভলীনাৰ৷
দেওবাৰে এই সপোন পূর্ণ কৰি ঈপ্সিত লক্ষ্যত উপনীত হ’ল এইগৰাকী অসম কন্যা৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত অনুষ্ঠিত মহিন্দ্রা আইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অষ্ট্রেলিয়াৰ প্রতিপক্ষক মষিমূৰ কৰি আঁজুৰি আনিলে স্বর্ণ পদক৷ ৭৫ কিলোগ্রাম শাখাৰ ফাইনেলত টকিঅ’ অলিম্পিকৰ ব্রঞ্জৰ পদক বিজয়ী লাভলীনাই দুবাৰৰ কমনৱেলথ গেমছৰ পদক বিজয়ী অষ্ট্রেলিয়াৰ কেটলিন আন পার্কাৰক চমকপ্রদ প্রদর্শনেৰে ৫–২ পইণ্টৰ ব্যৱধানত পৰাজিত কৰি বিশ্ব বক্সিং চেম্পিয়নশ্বিপত প্রথমটো সোণৰ পদক অর্জন কৰে৷
অলিম্পিকত ছেমিফাইনেলত তুৰস্কৰ এলনাজ ছুৰমেনেলিৰ হাতত পৰাজিত হৈ ব্রঞ্জৰ পদক দখল কৰিছিল লাভলীনাই৷ কিন্তু দেশৰ মাটিত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত এইবাৰ পূর্বৰ ভুলৰ পুনৰাবৃত্তি কৰিব নিবিচাৰিলে তেওঁ৷ প্রথমৰ পৰাই স্বর্ণ বিজয়ৰ ক্ষেত্রত অতিশয় প্রত্যয়ী আছিল লাভলীনা৷ সন্মুখত আহি পৰা সকলো প্রতিযোগীকে ধৰাশায়ী কৰিলে তেওঁ৷ ফাইনেলতো দেখা গ’ল অনুৰূপ প্রদর্শন৷ প্রতিপক্ষক ভালদৰে খোপনি পুতিবই নিদিলে৷ অলিম্পিকত পদক জয় কৰাৰ পাছত নিশাৰ ভিতৰতে খ্যাতিৰ শিৰোনামলৈ আহিছিল অসম কন্যা৷ ৰাজ্যৰ এখন পিছপৰা গাঁৱৰ পৰা উঠি অহাৰ কাহিনীয়ে অনুপ্রাণিত কৰিছিল নতুন প্রজন্মক৷ ইয়াৰ পাছতে পাৰিবাৰিক সমস্যা, কমনৱেলথ গেমছৰ পূর্বে বিতর্কত জড়িত হৈ পৰা আদি ঘটনাই তেওঁৰ খেলত প্রভাৱ পেলাইছিল৷
কমনৱেলথ গেমছৰ কোৱার্টাৰ ফাইনেলৰ পৰা বিদায় ল’বলগীয়া হোৱাত সমালোচনাৰো সন্মুখীন হৈছিল তেওঁ৷ কিন্তু বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুর্দান্ত প্রত্যাৱর্তনেৰে সফলতাৰ শীর্ষত অৱতীর্ণ হ’ল লাভলীনা৷ উল্লেখ্য যে প্রতিযোগিতাখনত নতুন ওজন শাখাত অৱতীর্ণ হৈছিল তেওঁ৷ ওজন শাখা সলনি কৰিলেও প্রতিযোগিতাখনত দর্শনীয় খেলেৰে ফাইনেলত নিজৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰে৷ ইয়াৰ পূর্বে ২০১৮ চনত নতুন দিল্লীত আৰু ২০১৯ চনত ৰাছিয়াত অনুষ্ঠিত বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক অর্জন কৰিছিল লাভলীনাই৷ টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদকেৰে ইতিহাস গঢ়া অসম কন্যাই এইবাৰ ৬৯ কিলোগ্রাম শাখাত প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ কিন্তু বিগত কমনৱেলথ গেমছৰ পাছতে লাভলীনাই ওজন শাখা সলনি কৰি এতিয়া ৭৫ কিলোগ্রাম শাখাত খেলিছে৷ এই নতুন শাখাত এছিয়া তথা ৰাষ্ট্রীয় স্তৰত স্বর্ণ জয় কৰিলেও বিশ্ব চেম্পিয়নশ্বিপত প্রথমবাৰৰ বাবে লাভলীনাই অর্জন কৰিলে সোণৰ পদক৷ আজি তেওঁ দেশৰ হৈ প্রতিযোগিতাখনত চতুর্থটো সোণৰ পদক আঁজুৰি আনে৷
উল্লেখ্য যে বিশ্ব মহিলা বক্সিঙত ৭৫ কিলোগ্রাম শাখাত ইমানদিনে চীনৰ লি কিয়ানে আছিল একক সম্রাজ্ঞী৷ তেওঁ ২০১৮ চনৰ বিশ্ব চেম্পিয়নশ্বিপত খিতাপ জয় কৰাৰ লগতে অলিম্পিকত অর্জন কৰিছিল দুটাকৈ পদক৷ চীনে কমনৱেলথ গেমছ নেখেলে বাবেই অষ্ট্রেলিয়াৰ কেটলিন পার্কাৰে স্বর্ণ পদক জয় কৰিছিল৷ এইবাৰ লাভলীনাই ৭৫ কিলোগ্রাম শাখাত অৱতীর্ণ হৈ ছেমিফাইনেলত চীনৰ লি কিয়ানক ৪–১ পইণ্টৰ ব্যৱধানত বিধ্বস্ত কৰি স্বর্ণ পদকৰ যুঁজত অৱতীর্ণ হৈছিল৷ সেইবাবে আজি মেচখনৰ পূর্বে লাভলীনাকেই সকলোৱে ফেভাৰিট হিচাপে গণ্য কৰিছিল৷ তদুপৰি পার্কাৰক পৰাজিত কৰি স্বর্ণজয় কৰিবলৈ লাভলীনা আছিল দৃঢ় আৰু আত্মবিশ্বাসী৷
ইপিনে, মেচখনত জয়লাভ কৰাৰ পাছত ৰিঙৰ পৰা নামি আহিয়ে নিজৰ প্রতিক্রিয়াত লাভলীনাই কয়– মই খেলি থকাৰ সময়ত চাপৰ সন্মুখীন হৈছিলোঁ বাবেই ১০০ শতাংশ দিব পৰা নাছিলোঁ৷ কিন্তু প্রশিক্ষকৰ নির্দেশ অনুসৰি খেলি সফল হ’লোঁ৷ ৯০ শতাংশ দি মই সফলতা লাভ কৰিলোঁ যদিও এই বিজয়ক লৈ যথেষ্ট সুখী৷ নিজৰ সফলতাৰ লগতে দেশক সোণৰ পদক দিব পৰাটো মোৰ বাবে লক্ষ্যপ্রাপ্তিৰ সাফল্য৷ বিগত দুবছৰ ধৰি এই সফলতাৰ বাবে একাগ্রতাৰে অনুশীলন কৰিছিলোঁ৷