নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৬টা বিদেশী কৃত্রিম উপগ্রহক লৈ উৎক্ষেপণ দেশৰ বৃহত্তম ৰকেট এলভিএম–৩

  • ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ৰ বৃহৎ সাফল্য

 

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ: মহাকাশ পৰিবহণৰ বৃহৎ সাফল্য লাভ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ৱে৷ আজি পুৱা অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্রৰ পৰা ৩৬টা কৃত্রিম উপগ্রহ লৈ মহাকাশলৈ উৎক্ষেপণ কৰে ভাৰতৰ আটাইতকৈ বৃহৎ লন্স ভেহিকল মার্ক–৩ (এলভিএম–৩) ৰকেট৷ এইধৰণৰ ৰকেটক পূর্বে জিয়াছিংক্রোনাছ ছেটেলাইট লেন্স ভেহিকল এমকে–৩ নামেৰে জনা গৈছিল৷ চন্দ্রায়ন–২ অভিযানৰ সময়তো এই ৰকেট ব্যৱহাৰ কৰা হৈছিল৷ ৱানৱেব গ্রুপ অৱ কোম্পানিজ ইংলেণ্ডৰ এটা সংস্থা৷ এই সংস্থাটোৱে চৰকাৰী আৰু বাণিজ্যিক কামত ইণ্টাৰনেট সেৱা সৰবৰাহ কৰি থাকে৷ ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ সৈতে এই সংস্থাৰ এক চুক্তি স্বাক্ষৰ হয়৷ এই চুক্তি অনুসৰি ৭২টা কৃত্রিম উপগ্রহ মহাকাশলৈ লৈ যোৱাৰ দায়িত্ব লাভ কৰিছে নিউ স্পেচে৷ চুক্তি অনুসৰি ২০২২ৰ ২৩ অক্টোবৰত প্রথমবাৰলৈ ৱানৱেবৰ ৩৬টা কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰিছিল ইছৰোৱে৷ ৪৩.৫ মিটাৰ দৈর্ঘ্যৰ ৬৪৩ টন ওজনৰ এই ৰকেটটোক শ্রীহৰিকোটাৰ দ্বিতীয় উৎক্ষেপণ কেন্দ্রৰ পৰা আকাশলৈ উৎক্ষেপণ কৰা হয়৷ কৃত্রিম উপগ্রহনির্ভৰ ইণ্টাৰনেট পৰিসেৱা দিয়াৰ লক্ষ্যৰে ৩৬টা উপগ্রহ উৎক্ষেপণ কৰা হৈছে৷ পৃথিৱীৰ বায়ুমণ্ডলৰ আটাইতকৈ নিম্ন কক্ষপথত এই কৃত্রিম উপগ্রহকেইটা স্থাপিত হ’ব৷ প্রেৰণ কৰা কৃত্রিম উপগ্রহসমূহৰ ওজন ৫,৮০৫ কেজি৷

You might also like