নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যতিক্ৰমী চিন্তাৰে চাবোন প্ৰস্তুতেৰে চৰ্চিত নাহৰকটীয়াৰ কাশ্মীৰ ফুকন

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন। প্ৰবাদ আছে যে অসমীয়াৰ বাপতি সাহোন ৰঙালীৰ মানুহ বিহুৰ দিনা মাহ হালধিৰে প্ৰলেপেৰে গা ধুলে বছৰটোৰ বাবে ছালৰ ৰোগ নোহোৱাৰ লগতে বিভিন্ন ৰোগৰ পৰা মুক্তি পোৱা যায়। যাৰ বাবে পতাত পিচি লোৱা এই মাহ আৰু কেঁচা হালধীৰে গা ধুৱাটো অসমীয়াৰ চহা সমাজ জীৱনত এক পৰম্পৰা অতীজৰ দিনৰে পৰা চলি আহিছে। কিন্তু বৰ্তমান গাঁৱৰ ঘৰ এৰি কৰ্ম জীৱন বা শিক্ষা জীৱন আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত চহৰমুখী হোৱা অসমীয়াই বিহুৰ দিনটোত বিশেষ কৈ কেঁচা হালধি গোটোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই সমস্যা সমাধান কৰি যাতে বিহুৰ দিনা চহৰ বা নগৰত বসবাস কৰা লোক সকলে যাতে অতি সহজতে মাহ-হালধিৰ এক আধুনিক ৰূপ লাভ কৰিব পাৰে তাৰ বাবে আগবাঢ়ি আহিছে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ বৃহত্তম কৃষিভিত্তিক অঞ্চল চাচনীৰ এগৰাকী বোৱাৰী। মাহ হালধিকে ধৰি অসমীয়া জাতিৰ বিভিন্ন পৰম্পৰাগত সামগ্ৰী ব্যৱহাৰ কৰি ঘৰতে গা-ধোঁৱা চাবোন তৈয়াৰ কৰি জনসাধাৰণক সকাহ দিবলৈ দিনে নিশাই চাবোন তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে এগৰাকী মহিলা। অসমৰ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে অতি কম খৰছতে আৰু কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া বিহীন গ্ৰাম্যাঞ্চলৰ প্ৰতিঘৰ ব্যক্তিৰ বাৰীৰ হালধি আৰু মাহ সংমিশ্ৰণ থকা এডোখৰ সম্পূৰ্ণ জৈৱিক গা-ধোঁৱা চাবোন লাভ কৰিব পাৰে তাৰ বাবে দিনে নিশাই চাবোন প্ৰস্তুত কৰাত এইদৰে ব্যস্ত হৈ পৰা এইগৰাকী মহিলা হল নাহৰকটীয়া চাচনী মেৰবিল ভুমুক গাওঁৰ কাশ্মীৰ ফুকন। উল্লেখযোগ্য যে অকল মাহ হালধিৰে নহয় নিম, হালধী, ছাগলী গাখীৰ, আলু ৰস, নেমু, চন্দন, বিলাহী, গাখীৰ, মৌ, মুলতানী মাটি, মচুৰ দাইল, চাউলৰ গুড়ি, গোলাপ, জবা ফুল, এলোভিৰা, চাহপাত, তিয়ঁহ, অমিতা, বিত আদিৰ জৰিয়তে ঘৰুৱা আৰু প্ৰাকৃতিক ভাৱে গা-ধোঁৱা চাবোন প্ৰস্তুত কৰি স্বাৱলম্বী হোৱাৰ লগতে শিশুৰ দেহৰ বাবে উপযোগী চাবোন ও প্ৰস্তুত কৰিছে কাশ্মীৰ ফুকন নামৰ এইগৰাকী মহিলাই। কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা অবিহনেই একমাত্ৰ ইনষ্টাগ্ৰামৰ পৰা শিকি বুজি এনেধৰণৰ চাবোন তৈয়াৰ কৰি ফেচবুকত “স্পৰ্শ” নামৰে এটি ফেচবুক পেজ খুলি ঘৰৰ পৰাই এখন বৃহৎ বজাৰ গঢ়ি তোলাৰ দিশে অগ্ৰসৰ হৈছে মহিলাগৰাকীয়ে। ১০০ গ্ৰাম ওজনৰ এই জৈৱিক চাবোনসমূহ ৪০ পৰা ৫০ টকাত ফেচবুকৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰা লগতে কাশ্মীৰে ভোলৰ ছালৰ পৰা প্ৰস্তুত কৰা চাবোনে গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মাত্ৰ এহেজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰি পিছলৈ আত্মসহায়ক গোট পৰা পোৱা লোণ সঠিক কামত ব্যৱহাৰ কৰি বৰ্তমান নিজকে আৰ্থিক দিশত সবল কৰি গঢ়ি তোলা নাই, চৰকাৰী চাকৰিৰ পিছত নদৌৰি নিজৰ উদ্ভাৱনী শক্তি আৰু প্ৰচুৰ সৃষ্টিশীলতাই আন বহুজনৰ বাবেও স্বাৱলম্বিতাৰ এক ন দুৱাৰ মুকলি কৰি সমাজৰ অন্যান্য মহিলাসকলৰ বাবেও হৈ পৰিছে এক আদৰ্শৰ চানেকি ।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like