নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ ডাকুৱাপাৰা প্ৰাথমিক বিদ্যালয়ত প্ৰকল্প প্ৰদৰ্শনী অনুষ্ঠান সম্পন্ন

নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চঃ ৰাজ্যৰ শিক্ষা বিভাগৰ চি এম এল বকোৰ উদ্যোগত কামৰূপ জিলাৰ বকো, ছমৰীয়া আৰু ছয়গাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত মুঠ ২০খন উচ্চ মাধ্যমিক বিদ্যালয়ত চলি থকা কম্পিউটাৰ শিক্ষাৰ ওপৰত প্ৰকল্প প্ৰস্তূত চলি আছে। এই প্ৰকল্প প্ৰস্তূত কৰি আজি ছাত্ৰ ছাত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰদৰ্শন কৰে। বিভাগ টোৰ টাটা ট্ৰাষ্টৰ টি বি এছ আই গ্ৰুপৰ কৰ্মী সঞ্জীৱ দাস আৰু সংগীতা শইকীয়াই জনোৱা মতে, টাটা ট্ৰাষ্টৰ অৰ্থ সাহাৰ্য্যত বিদ্যালয় সমুহত চলি থকা কম্পিউটাৰ শিক্ষা কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলোৰ মাজত বিভিন্ন প্ৰকল্প প্ৰস্তূত কৰা হয়। আজি বকোৰ ডাকুৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ সহযোগত প্ৰকল্প প্ৰস্তূত কৰি প্ৰদৰ্শন কৰা কাৰ্য্যসুচী আয়োজন কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক প্ৰফুল্ল কুমাৰ বড়োৰ উপৰিও শিক্ষক শিক্ষয়িত্ৰী সকল আৰু অন্যান্য বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলৰ উপস্থিতিত ছাত্ৰ ছাত্ৰী সকলে প্ৰস্তূত কৰা প্ৰকল্প সমুহ প্ৰদৰ্শন কৰা হয়। অনুস্থানত চি এম এলৰ কৰ্মী জনক বড়ো, টি বি এছ আই গ্ৰুপৰ বিশ্বজীৎ ৰাভা, মিৰ্জাউৰ ৰহমানে সহযোগ আগবঢ়াই। ইফালে ডাকুৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল কুমাৰ বড়োই শুভাৰম্ভ কৰা অনুস্থানৰ আত ধৰে জনক বড়োই। আনহাতে উন্নত প্ৰকল্প প্ৰস্তূত কৰি প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীৰ মাজত বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠান পৰিচালনা কৰে সঞ্জীৱ দাসে আৰু অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলোৰ সহযোগিতাৰ লগতে সু স্বাস্থ্য কামণা কৰে উদ্যোক্তা মণ্ডলীয়ে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like