নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত কৃষক মৰ্চাৰ ধান ক্ৰয়-বিক্ৰয় ব্যৱস্থাকৰণ কাৰ্যসূচীত অংশগ্ৰহণ ৰঞ্জিত ভট্টাচাৰ্য্যৰ

বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ আজি অসম ৰাজ্যিক কৃষক মৰ্চাৰ ধান ক্ৰয় বিক্ৰয় সমিতিৰ উদ্যোগত দৰং জিলা কৃষক মৰ্চাৰ সহযোগত দৰং জিলাৰ ছিপাঝাৰৰ ঐতিহাসিক পথৰিঘাট মণ্ডলত বৰকলিয়াঝাত চৰকাৰী ধান ক্ৰয় বিক্ৰয় কাৰ্যসূচীত অনুষ্ঠিত হয়। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই। অনুষ্ঠানত উপস্থিত থাকি তেওঁ কয় যে মধ্যভোগীৰ জৰিয়তে নহয়, উচিত মূল্যত “চৰকাৰী ধান ক্ৰয় বিক্ৰয় কেন্দ্ৰ”ৰ জৰিয়তে ধান ক্ৰয় বিক্ৰয় কৰি লাভাম্বিত হব কৃষক। চৰকাৰক পোনপটীয়াকৈ ধন ক্ৰয় বিক্ৰয় কৰি অসমৰ কৃষক সকল সুখী। কৃষকসকলৰ চকুত আজি সম্ভাৱনীয়তাৰ নতুন ধাৰা সৃষ্টি হোৱা বুলি মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে। তেওঁ আশা কৰে যে এই ব্যৱস্থাৰ জৰিয়তে অত্যন্ত লাভাম্বিত হব অসমৰ কৃষক। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে থলুৱা কৃষকসকলে। অনুষ্ঠানত উপস্থিত থাকে ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, দৰঙৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাতে, মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি।

You might also like