মৰিয়নিত আঘাতপ্ৰাপ্ত নাহৰফুটুকী পোৱালি উদ্ধাৰ
বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত কাকজান চাহ বাগিচাত আজি এটা আঘাতপ্ৰাপ্ত নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ কৰা হয়। বাগিচাখনৰ ৭নং চেকছনৰ এখন কেটল ব্ৰীজৰ তলত সোমাই থকা অৱস্থাত পোৱালিটো উদ্ধাৰ কৰা হয়। নাহৰফুটুকীৰ পোৱালিটোৱে কঁকালত গুৰুতৰভাৱে আঘাত পোৱা বুলি সন্দেহ কৰা হৈছে। আজি পুৱা বাগিচাখনত নাহৰফুটুকী পোৱালিটো বাগিচাৰ লোকে দেখা পাই ব্বন বিভাগক খৱৰ দিয়ে। পিছত বন বিভাগৰ লোক উপস্থিত হৈ পোৱালিটো উদ্ধাৰ কৰি হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ লৈ যোৱা হয়। তাতেই প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত কাজিৰঙাৰ বন্যপ্ৰাণী ৰেচকিউ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ লৈ যোৱা হয়। বন বিভাগৰ সূত্ৰৰ মতে কোনো লোকে নাহৰফুটুকীৰ পোৱালিটোক প্ৰচণ্ড আঘাত কৰিছে যাৰ ফলত পোৱালিটো গুৰুতৰভাৱে আহত হয় । প্ৰায় এবছৰীয়া বয়সৰ পোৱালিটো মতা বুলি জানিব পৰা গৈছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া