নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধ ক্ষেত্রত এইবাৰ কামান ধৰিব মহিলা সেনাই

নিয়মীয়া বাৰ্তা, ৭এপ্ৰিল: এইবাৰ ভাৰতীয় সেনাৰ আর্টিলাৰী ফ’চ অর্থাৎ পদাতিক বাহিনীত মহিলা জোৱানসকলে সমুখৰ পৰা শত্রুৰ বিৰুদ্ধে যুঁজিব৷ চলিত মাহতেই সেনা একাডেমীৰ প্রশিক্ষণ সম্পূর্ণ হ’ব মহিলা সেনা বিষয়াসকলৰ৷ ইয়াৰ পাছতে প্রশিক্ষণপ্রাপ্ত মহিলা সেনা বিষয়াসকলক দিয়া হ’ব গুৰুত্বপূর্ণ দায়িত্ব৷ ইয়াৰ লগে লগে দেশৰ সামৰিক ইতিহাসত সংযোজিত হ’ব নতুন অধ্যায়৷ প্রথমবাৰৰ বাবে পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই শত্রুপক্ষৰ বিৰুদ্ধে কামান ধৰিব মহিলা জোৱানসকলে৷ এই মহিলা জোৱানসকলে ইতিমধ্যে বায়ুসেনাৰ সর্বোচ্চ প্রশিক্ষণ লাভ কৰিছে৷ উৰাইছে দুৰন্ত গতিত যুদ্ধবিমান৷ পুৰুষতকৈ কোনোগুণে যে কম নহয়, সেই কথা মহিলা সেনা বিষয়াই প্রমাণ কৰিছে৷

You might also like