নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ স্বাস্হ্য উৎসৱত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া আৰু বিধায়ক ৰেকিবুদ্দিন আহমেদ

  • ছয়গাঁৱত অতিশীঘ্ৰে স্থাপন হ’ব এখন ১০০ খন বিছনাযুক্ত চিকিৎসালয়- বিধায়ক ৰেকিবুদ্দিন
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল : ৰাজ্যত চলি আছে স্বাস্হ্য উৎসৱ । ৰাজ্যৰ চিকিৎসালয় সমূহৰ সমস্যাৰ লগতে অভাৱ অভিযোগ তথা সা-সুবিধা সমূহৰ বিষয়ে চিকিৎসা বিভাগৰ বিষয়া সকলে বুজ লোৱাৰ উদ্দেশ্য বিভিন্ন চিকিৎসালয় পৰিদৰ্শন কৰিছে । এই উদ্দেশ্য ৰাজ্যত ৩ দিনীয়াকৈ অনুষ্ঠিত স্বাস্হ্য সেৱা উৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত আজি পুৱা প্ৰায় ১০ বজাত ৰাষ্ট্ৰীয় স্বাস্হ্য অভিযান অসমৰ সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই কামৰূপ জিলাৰ ছয়গাঁও প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰৰ বহিঃবিভাগ পৰিদৰ্শন তথা পৰ্যবেক্ষণ কৰে । সঞ্চালক গৰাকীয়ে চিকিৎসালয় খনৰ চিকিৎসক তথা স্বাস্হ্যকৰ্মী সকলৰ লগত মত বিনিময় কৰি চিকিৎসালয় খনৰ থকা সা-সুবিধা তথা সমস্যাৰ বুজ লয় । তদুপৰি সঞ্চালক গৰাকীয়ে চিকিৎসালয় খনলৈ অহা ৰোগীৰ লগতো মত বিনিময় কৰে । উল্লেখ্য যে এই উৎসৱৰ দ্বিতীয়  দিনাৰ কাৰ্যসূচীত আজি গোৱৰ্ধনস্থিন ছয়গাঁও প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰত দুপৰীয়াৰ ভাগত উপস্হিত হয় ছয়গাঁও সমষ্টিৰ স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদ । বিধায়ক গৰাকী চিকিৎসালয় খনত উপস্হিত হৈ মহকুমা স্বাস্হ্য বিষয়া নৰেন্দ্ৰ চন্দ্ৰ শৰ্মা বৰদলৈৰ লগতে চিকিৎসালয় খনৰ চিকৎসক তথা কৰ্মচাৰী সকলৰ সৈতে কিছু সময় মত বিনিময় কৰে । ইয়াৰ পিছতে বিধায়ক গৰাকীয়ে চিকিৎসালয় খন পৰিদৰ্শন কৰাৰ লগতে চিকিৎসা কৰিবলৈ অহা ৰোগীৰো চিকিৎসাৰ বুজ লয় । উল্লেখ্য যে বিধায়ক গৰাকীয়ে চিকিৎসালয় খন পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয় যে ছয়গাঁৱত অতিশীঘ্ৰে স্থাপন হ’ব এখন এশ(১০০) খন বিছনাযুক্ত চিকিৎসালয়।গোৱৰ্ধনস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ওচৰত স্থাপন হ’ব লগা চিকিৎসালয় খনৰ বাবে ভূমি আৱণ্টনৰ কাম ইতিমধ্যে সমাপ্ত হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ।
প্ৰেৰক: বিশ্বজিৎ কলিতা, ছয়গাঁও
You might also like