নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও পৌৰসভাৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি

  • বিশাল আৰু বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাই দৃষ্টিনন্দন পৰিবেশ সৃষ্টি কৰিলে মৰিগাঁৱত

নিয়মীয়া বাৰ্তা, ৯ এপ্রিল: কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা মৰিগাঁও পৌৰসভাৰ সোণালী জয়ন্তী উৎসৱৰ আজি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰে সামৰণি পৰে। কালি প্ৰথম দিনৰ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হোৱাৰ পিছত আজি অন্তিম দিনা মৰিগাঁও পৌৰ মৰিগাঁও পৌৰসভাৰ সোনালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন জাতি- জনগোষ্ঠীৰ বৰ্ণাঢ্য আৰু বিশাল সাংস্কৃতিক শোভাযাত্রাই মৰিগাঁওবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। মৰিগাঁও পৌৰসভাৰ সোণালী জয়ন্তী উৎসৱৰ বিশাল শোভাযাত্ৰাই আজি দ্বিতীয় দিনাও উৎসৱ মুখৰ পৰিবেশ সৃষ্টি মৰিগাওঁ চহৰ। মৰিগাঁও চহৰৰ বিহুতলি চৌহদৰ পৰা উলিওৱা বর্ণিল শোভাযাত্রাৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া গৰ্গমোহন দাসে। বিভিন্ন জাতি জনগোষ্ঠীৰ কলা-সংস্কৃতিৰ সাৰ্থক প্ৰতিফলন হোৱা সাংস্কৃতিক শোভাযাত্ৰাত নগৰীয়া জীৱিকা, ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ,বিহু নৃত্য প্ৰদৰ্শন,নাম কীৰ্ত্তন,গায়ন বায়ন আদিকে সাংস্কৃতিক উপাদান সমূহৰ প্ৰতীকী ৰূপে প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ সাংস্কৃতিক শোভাযাত্ৰাত লক্ষণীয়ভাবে কেইবা সহস্ৰাধিক মহিলাই অংশগ্ৰহণ কৰাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰে। মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী, উপ-পৌৰপতি পিংকু মনি দাসৰ উপৰিও বিশিষ্ট ব্যক্তিসকলৰ অংশগ্ৰহণ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মৰিগাঁও পৌৰসভাৰ বিভিন্ন এলেকা পৰিভ্ৰমণ কৰি পুনৰ বিহুতলিত সামৰনি পৰে। ইয়াৰ পিছতেই মৰিগাঁও পৌৰসভাই অসম চৰকাৰৰ বিশেষ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা পদুম পুখুৰী উদ্যান খন আনুষ্ঠানিক ভাৱে মুকলি কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। আনহাতে বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে। মৰিগাওঁ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী,তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ,জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা,আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস,অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস,জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধী,উপ-পৌৰপতি পিংকু মনি দাস,তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰা মুকলি সভাতে মৰিগাঁও পৌৰসভাৰ সোণালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি মৰিগাওঁ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ অচ্যুত দাসৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “পৌৰক্ৰমনিকা”উন্মোচন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই। নিশা অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী জুৱলী,ভাস্কৰ অফছয়েল আৰু আকাঙ্খা ৰ গীতৰ অনুষ্ঠানৰ জৰিয়তে এই দুদিনীয়া কায্যসূচীৰ অন্ত পৰিব

You might also like