নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত বিজেপিৰ বুথ সৱলিকৰণ অভিযানৰ পৰ্যালোচনা সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পূ্ব নলবাৰী মণ্ডলৰ উদ্যোগত আজি বিয়লি ৪-০০ বজাত চান্দকুছিত আয়োজিত বুথ সবলীকৰণ অভিযানৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয় । সভাত উপস্থিত থাকি সমষ্টিটোৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দলৰ সাংগঠনিক দিশৰ ওপৰত বক্তৃতা প্ৰদান কৰে। মণ্ডলটোৰ মুঠ ১০২টা বুথৰ সভাপতিসকল, ১১ জনীয়া বুথ কমিটিৰ সদস্যসকল আৰু শক্তিকেন্দ্ৰ আহ্বায়কসকলক সম্বোধন কৰি তৃণমূল কর্মীসকলক দলক সাংগঠনিক ভাবে সুদৃঢ় কৰাত সচেষ্ট থাকিবলৈ আহ্বান তেওঁ‌ জনায় ৷

এই পৰ্যালোচনা বৈঠকত সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়া , জিলা পৰিষদ অধ্যক্ষ সভাপতি নিতুল ডেকা আৰু পূব নলবাৰী মণ্ডল সভাপতি প্রতুল কলিতা উপস্থিত থাকে। ইয়াৰ লগতে দিনৰ ১২-০০ বজাত নলবাৰী নাট্যমন্দিৰত টাউন মণ্ডলৰ উদ্যোগত সাংগঠনিক সভা আৰু পুৱা ১০-০০ বজাত ঘগ্ৰাপাৰ হৰি মন্দিৰ প্ৰাংগনত বুথ সৱলিকৰণ সাংগঠনিক সভা অনুষ্ঠিত হয় ।

শ্বাহ আলম আহমেদ, নলবাৰী

You might also like