প্ৰধানমন্ত্ৰী মোদীৰ লগতে অমিত শ্বাহৰ অসম ভ্ৰমণ ৰাজ্যবাসীৰ বাবে বহু আশাব্যঞ্জকঃ সাংসদ কামাখ্যা প্ৰসাদ তাচা
নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: প্ৰধানমন্ত্ৰী মোদীৰ লগতে অমিত শ্বাহৰ অসম ভ্ৰমণ ৰাজ্যবাসীৰ বাবে বহু আশাব্যঞ্জক। আগয়ে দেশৰ কেন্দ্রীয় মন্ত্রী সকলে মুকলিকৈ অৰুণাচল বা সীমান্ত আদি অঞ্চললৈ যাব পৰা পৰিৱেশ নাছিল।কিন্তু এতিয়া নৈশ যাপন কৰিব পৰাৰো এক পৰিৱেশ গঢ় লৈ উঠিছে–এই ভাষ্য সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ডিব্ৰুগড় ভ্ৰমণক লৈ প্ৰস্তুতিৰ সন্দৰ্ভত আজি ডিব্ৰুগড়ত আয়োজিত এক সংবাদমেলত পুনৰাই কয় যে আগতে উত্তৰ পূব বুলি কলে শেষ সীমা বুলিও ভবা হৈছিল।যেন দেশৰ আন প্ৰান্তৰ সৈতে কোনো সৰ্ম্পকই নাই।কিন্তু আজি সেই পৰিৱেশ নাই, পৰিৱেশ সকলো সলনি হল।ভাৰত এতিয়া বিশ্বৰ ভিতৰতে অন্যতম,শক্তিশালী ৰাষ্ট্ৰ।কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে বিহুৰ বতৰত প্ৰধান মন্ত্ৰী অসমলৈ অহা কাৰ্যই সমগ্ৰ বিশ্বলৈ এক ইতিবাচক বাৰ্তা লৈ যাব বুলিও সদৰী কৰে।
অমিত শ্বাহৰ আগমনক লৈ ডিব্ৰুগড়ত কামাখ্যা তাছাই সংবাদ মেল সম্বোধন কৰি ৰাইজক অমিত শ্বাহে সম্বোধন কৰিব লগীয়া মানকটা চাহ বাগিচাৰ খেলপথাৰৰ সভালৈ সকলোকে নিমন্ত্রণ জনাই কয় যে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্ৰায় ৪০ হাজাৰ লোকৰ সমাৱেশ ঘটিব জনসভাত।সভাস্থলীৰ পৰাই অমিত শ্বাহে চহৰখনৰ জীৱন ফুকন নগৰত নিৰ্মান হব লগীয়া বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ আধাৰশিলা কৰিব।ইয়াৰ পূৰ্বে ভূমি পূজন পুৱা ৯ বজাত ৰাজ্যিক সভাপতি ভবেশ কলিতা,সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ লগতে সাংসদ,উজনিৰ সকলো বিধায়ক দলীয় কৰ্মকতা সকল উপস্থিত থাকিব বুলি সাংসদ তাচাই সদৰী কৰি এই কাৰ্যালয়ৰ জৰিয়তে জনগণৰ মাজত ন্যায় প্ৰতিস্থা কৰা হব বুলিও অৱগত কৰে।লগতে অমিত শ্বাহৰ ভ্ৰমণ সূচী সম্পৰ্কে বিতং ভাৱে অৱগত কৰে।এই সভা নিৰ্বাচনী ৰণদংকা নহলেও অমিত শ্বাহৰ আগমনে জনসাধাৰণক উৎসাহিত কৰিব লগীয়া এক বাৰ্তা দি যাব বুলি কয় তাছাই।এইয়া লোকসভা নিৰ্বাচনৰ আগে আগে কৰ্মী সকলক সম্বোধন কৰাৰ সুযোগ আখ্যা দিলে তাছাই।সংবাদ মেলত হাউচিং বৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত,বিজেপিৰ অবিচি চেলৰ প্ৰশান্ত গগৈ উপস্থিত থাকে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।