নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাছাৰত উদ্ধাৰ বিৰল প্ৰজাতিৰ ৯টা বিদেশী বন্যপ্ৰাণীঃ গুৱাহাটী চিৰিয়াখানালৈ প্রেৰণ

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: ধলাইত উদ্ধাৰ হল বিৰল প্ৰজাতিৰ মুঠ ৯টা বিদেশী বন্যপ্ৰাণী। বন বিভাগৰ বিষয়াসকলৰ মতে, দক্ষিণ আমেৰিকাৰ মাদাগাস্কাৰৰ জংঘলৰ ৭টা স্পাইডাৰ বান্দৰ আৰু কলম্বিয়াৰ পানামাৰ দুটা লেমুৰ পোৱা যায়। উদ্ধাৰ হোৱা বন্যপ্ৰাণীকেইটা বিশেষ এম্বুলেন্সত গুৱাহাটীৰ চিৰিয়াখানালৈ লৈ যোৱা হয়।

সোমবাৰে ধলাই থানাত হাজিৰ হৈ আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে কয় যে, মিজোৰামৰ ছাইফাই হৈ অসমত প্ৰৱেশ কৰিছিল বন্যপ্ৰাণী। দেওবাৰে অসমৰ মাজেৰে ৰাজ্যৰ বাহিৰলৈ সৰবৰাহ কৰিবলৈ গৈ থকা এখন মাৰুতি ৱেগনাৰ গাড়ী সীমান্ত অঞ্চলত জব্দ কৰে আৰক্ষীয়ে। যদিও বন্যপ্ৰাণী সৰবৰাহৰ গোচৰত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই, তথাপিও দুজন লোকক সন্দেহজনকভাৱে সোধা-পোছা কৰা হৈছে বুলি আৰক্ষী অধীক্ষকে জনায়।

অসমৰ কাছাৰ জিলাৰ আন্তঃৰাজ্যিক সীমান্তৰ অন্যান্য ৰাজ্যৰ বিভাগীয় বিষয়াৰ সৈতে যোগাযোগ কৰি চোৰাং ব্যৱসায় প্ৰতিহত কৰাত সক্ৰিয় হৈ পৰিছে আৰক্ষী। আৰক্ষী অধীক্ষক জনোৱা মতে, বন বিভাগৰ বিষয়াৰ উপস্থিতিত উদ্ধাৰ হোৱা বন্যপ্ৰাণীক বিভিন্ন ফল-মূল খুৱাইছে। আৰু সোমবাৰে বন বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত গুৱাহাটী চিৰিয়াখানা কৰ্তৃপক্ষই সংৰক্ষণৰ বাবে বন্যপ্ৰাণী পৰিবহণ এম্বুলেন্সৰ ব্যৱস্থা কৰা হয়। এইদিনা ধলাইত আৰক্ষী অধীক্ষক নোমাল মাহাতোৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণকুমাৰ দাস, গুৱাহাটী চিৰিয়াখানা কৰ্তৃপক্ষৰ ডিএফঅ’ অশ্বিনী কুমাৰ, চিচিএফ বৰাকভেলী শিৱ কুমাৰ, ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱা আদি উপস্থিত আছিল।

গৌতম তালুকদাৰ, শিলচৰ।

You might also like