নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত এড়ী পলু পোহা খেতিয়কক এড়ী পলু পালনৰ সা-সঁজুলি বিতৰণ উপায়ুক্ত স্বপ্নীল পালৰ

 

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিল: তিনিচুকীয়া জিলাৰ ৰেচম বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়ত আজি ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০১৮-১৯ বৰ্ষৰ অধীনত হাপজান আৰু কাকপথাৰ খণ্ডৰ ৭১ গৰাকী এড়ী পলু পালকক এড়ী পলু পোহাৰ সা-সঁজুলি আনুষ্ঠানিক ভাবে বিতৰণ কৰে জিলা উপায়ুক্ত স্বপ্নীল পালে। উপায়ুক্ত গৰাকীয়ে এড়ী পালকসকলৰ সৈতে জিলাখনত এড়ী উৎপাদন সন্দৰ্ভতো মতবিনিময় কৰে। জিলা উপায়ুক্তগৰাকীয়ে জিলাখনৰ এড়ী পালকসকলে ৰেচম বিভাগৰ পৰা লাভ কৰা সা-সঁজুলি আৰু যাৱতীয় প্ৰশিক্ষণৰ জৰিয়তে এড়ী উৎপাদন বহুগুণে বৃদ্ধি কৰিব পাৰে বুলি মন্তব্য আগবঢ়ায়। এই ক্ষেত্রত এড়ী পালকসকলে কিবা অসুবিধাৰ সন্মুখীন হ’লে ৰেচম বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। জিলা উপায়ুক্তগৰাকীয়ে ৰেচম বিভাগক জিলাখনৰ এড়ী পালকসকলৰ বাবে উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা লবলৈ আহ্বান জনায়। আজিৰ অনুষ্ঠানত ৰেচম বিভাগৰ সহকাৰী সঞ্চালক চুম্বিত কোঁৱৰ, ৰেচম বিভাগৰ সম্প্ৰসাৰণ বিষয়াসকলৰৰ লগতে কাৰ্য্যালয়ৰ অন্যান্য কৰ্মচাৰীসকল উপস্থিত থাকে।

প্ৰেৰক:-বিবেক বড়া

You might also like