বকোৰ নৃত্য শিল্পী কলিকতাৰ ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত সফলতা অৰ্জন
নিয়মীয়া বাৰ্তা ; ১৩ এপ্ৰিল – শিল্পীৰ সাধনা আৰু প্ৰতিভাৰ বলত নিজকে প্ৰতিষ্ঠা কৰি কামৰূপ জিলাৰ বকোৰ শিল্পীয়ে সুদুৰ কলিকতাত নিজকে উজলাই তোলা এক খৱৰে আলোড়ন সৃষ্টি কৰিছে। প্ৰাপ্ত খৱৰ অনুসৰি যোৱা ১০ এপ্ৰিলত সুদুৰ কলিকতাৰ শৰৎ স্বজন ভৱনত অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতা। কলিকতাৰ “ছাইনাৰজী” ডাঞ্চ ষ্টুডিঅ’ৰ উদ্যোগত হৈছিল ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতা খনি। এই নৃত্য প্ৰতিযোগিতাত অসমৰ পৰা প্ৰায় ১২০ গৰাকী নৃত্য প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে। আৰু ইয়াৰে জিলমিল ডাঞ্চ এণ্ড এক্টিং ফ্লোৰ, বকোৰ পৰা অধ্যক্ষ তথা নৃত্য পৰিচালক মনোজ দাসৰ (মন) তত্বাৱধানত ৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই Dance Revolution Tour-23 প্ৰতিযোগিতাত ভাগ লয়। আৰু ইয়াৰে সুপ্ৰীয়া চেত্ৰী য়ে Top 10 ত প্ৰবেশ কৰি ‘Super Dancer Award ‘ পাবলৈ সক্ষম হয়। ইফালে বাকী পাঁচগৰাকীয়ে Best Dancer Award আৰু প্ৰথম স্থান পাবলৈ সক্ষম হয়। নৃত্য শিল্পী কেইগৰাকীৰ এই সফলতা তথা ছাত্ৰ ছাত্ৰীক নৃত্য পৰিচালনা কৰাৰ বাবে মনোজ দাস (মন)ক Best Choreographer Award প্ৰদান কৰে। জানিব পৰা মতে ; বিশিষ্ট নৃত্য পৰিচালক ৰাজ চাংমাৰ পৰিকল্পনাত হোৱা নৃত্য প্ৰতিযোগিতা খনিত বিচাৰক হিচাপে উপস্থিত আছিল Dance India Dance -2014 ৰ Best নৃত্য শিল্পী বিকি দাসকে ধৰি বহু কেইজন নৃত্য শিল্পী।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।