নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাগ্ৰাবাৰীত ৪৯ সংখ্যক ৰংজালী বৈশাগু পালন : বড়ো জনগোষ্ঠীয় গীত-নৃত্যৰে উখল-মাখল মাইনাও ফৌথাৰ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিল: চিৰাং জিলাৰ বাসুগাঁও চহৰৰ নিকটৱৰ্তী খাগ্ৰাবাৰী মাইনাও যুৱক সংঘৰ উদ্যোগত ৪৯ সংখ্যক ৰংজালী বৈশাগু বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৫ আৰু ১৬ এপ্ৰিল (১ আৰু ২ বহাগ)ত পালন কৰা হয় । বড়ো জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰৰ্দশনেৰে পালিত হোৱা ৰংজালী বৈশাগুৰ লগত সংগতি ৰাখি দ্বিতীয় দিনা আবেলি লাংদাং বৈশাগু(মুকলি বিহু) অনুষ্ঠিত হয় । লাংদাং বৈশাগুটি ফিটাকাটি শুভ উদ্বোধন কৰে গাঁৱৰ বিশিষ্ট জেষ্ঠ শিল্পী-অভিনেতা পদ্মলোচন দৈমাৰীয়ে । তেওঁ উদ্বোধনৰ লগে লগে গীতৰ তালে তালে অভিনয়ৰে অনুষ্ঠানটিৰ অন্য মাত্ৰা প্ৰদান কৰে । ইয়াৰ অন্তত দহটাৰো অধিক দলে লাংদাং(মুকলি) বৈশাগু প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে । সন্ধিয়া বড়ো জনগোষ্ঠীয় নৃত্যৰ উপৰি পেটেলাগাঁৱৰ শিল্পী সকলে কোঁচ ৰাজবংশী নৃত্য প্ৰৰ্দশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে । উপৰি নবীন-প্ৰবীণ শিল্পীয়ে গীত পৰিবেশন কৰি পৰিবেশটি আনন্দ মুখৰ কৰি তোলে । দুয়োদিনাৰ বৰ্ণিল কাৰ্যসূচী সফলভাবে সামৰণি পৰাত সন্তোষ প্ৰকাশ কৰে খাগ্ৰাবাৰী মাইনাও যুৱক সংঘ বৈশাগু খুংফুং আফাদৰ সভাপতি অমবিকা দৈমাৰী আৰু সম্পাদক এণ্টনী বসুমতাৰীয়ে । অহাবাৰ পঞ্চাশ বছৰ উপলক্ষে সোনালী জয়ন্তী বৰ্ষ ৰংজালী বৈশাগু উৎসৱটি বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হব বুলি তেওঁলোকে কয় । ইয়াৰোপৰি প্ৰথম দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পন, ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্য মূলক প্ৰতিযোগিতা, সন্ধিয়া একক নৃত্য, দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । খাগ্ৰাবাৰীৰ ৰংজালী বৈশাগুৰ উপৰি অঞ্চলটিৰ বাসুগাঁও চহৰ, শাকাতি গাঁও, জৰেগাঁও, চৌটাকী, শিমলাগুড়ী গাঁও আদি ঠাইত বিহু, বিষুৱা আদি বিভিন্ন আকৰ্ষীয় কাৰ্যসূচীৰে পালন কৰা হয় ।

 

ভৃগু মুনি ৰায়, বাসুগাঁও ।

You might also like