শ্ৰী শ্ৰী সিদ্ধেশ্বৰী কালী মন্দিৰৰ প্ৰতিষ্ঠা দিৱস; মহাযজ্ঞানুষ্ঠানৰ প্ৰস্তুতি
নিয়মীয়া বাৰ্তা,২০এপ্ৰিলঃ উজনি অসমৰ ডিব্ৰুগড় চহৰৰ প্ৰানকেন্দ্ৰ স্বৰূপ মধ্য চৌকিডিঙী জিগ্ জাগ্ ৰ’ডস্থিত শ্ৰী শ্ৰী সিদ্ধেশ্বৰী কালী মন্দিৰৰ প্ৰতিষ্ঠা দিবসক কেন্দ্ৰ কৰি আগন্তুক ২২ আৰু ২৩ এপ্ৰিলত দুদিনীয়া কাৰ্য্যসূচীৰে ধৰ্মীয় ৰীতি-নীতি অনুসৰি মহাযজ্ঞানুষ্ঠানৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে।দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তপ্ৰান ৰাইজৰ আস্থাৰ স্থল হিচাপে পৰিগনিত উক্ত সিদ্ধেশ্বৰী কালী মন্দিৰত ভক্তসকলে মনোবাঞ্ছা পূৰনৰ বাবে প্ৰাৰ্থনা জনালে কালী গোসাঁনীৰ আশীৰ্বাদ লাভ কৰে বুলি জনবিশ্বাস থকাৰ লগতে এই দেৱী জাগ্ৰত বুলিও আস্থা আছে।উক্ত মন্দিৰ পৰিচিলনা সমিতিৰ সভাপতি দীপক দে আৰু সম্পাদক নবেন্দু ঘোষে জনাই যে অহা ২৩ এপ্ৰিল তাৰিখে অক্ষয় তৃতীয়া তিথিৰ শুভমূহুৰ্তত শ্ৰী শ্ৰী সিদ্ধেশ্বৰী কালী মন্দিৰৰ প্ৰতিষ্ঠা দিবসৰ সৈতে সঙ্গতি ৰাখি মা কালীৰ বেদীৰ পুনৰ উন্মোচন কৰা হ’ব ন-ৰূপত। উল্লেখযোগ্য যে, ১৯৭৪ চনত স্থানীয় ভক্তপ্ৰান ৰাইজৰ দান-অনুদান,বৰঙনি আৰু আন্তৰিক প্ৰচেষ্টাত স্হাপিত এই মন্দিৰ অৰ্দ্ধ-শতিকাৰ ইতিহাস বিজৰিত। বাঁহ আৰু টিনপাতেৰে নিৰ্মিত তাহানিৰ মন্দিৰত মহাদেবক মাটীৰ শিবলিঙ্গ আৰু আই কালীক মাটীৰ প্ৰতিমাৰ দ্বাৰাই কৰা হৈছিল বন্দনা।উদ্যোক্তা সমিতিয়ে প্ৰকাশ কৰা অনুসৰি ১৯ শতিকাৰ শেষৰ ফালে দেবাদিদেব শিব আৰু মা কালীৰ শিলামূৰ্তি স্থাপনেৰে অক্ষয় তৃতীয়াৰ দিনাই নব-নিৰ্মিত মন্দিৰৰ প্ৰতিষ্ঠা কৰা হৈছিল।সেয়েহে পুৰণিৰ স্মৃতিক ৰোমন্থন কৰি আৰু স্থানীয় কলা-কূশলী, শিল্পীৰ নিপুণ শিল্পকৰ্মক অগ্ৰাধিকাৰ প্ৰদানৰে আগন্তুক প্ৰতিষ্ঠা দিবস পালনৰ বাবে সাজু কৰি তোলা হৈছে সু-শিল্পকলাৰ সমাহাৰেৰে আটকধুনীয়াকৈ মণ্ডপ আৰু ৰভাথলী। ২২ এপ্ৰিলৰ ৰাতিপুৱা কলচ যাত্ৰাৰে শুভাৰাম্ভ হ’ব মাঙ্গলিক অনুষ্ঠানৰ।সন্ধিয়া অধিবাস , মঙ্গলাৰতি আদিও অনুষ্ঠিত কৰা হ’ব। মূল কাৰ্য্যসূচীৰ অংশ হিচাপে ২৩ এপ্ৰিলৰ পুৱাৰে পৰা আৰম্ভ হ’ব ডিগবৈৰ পৰা অহা আৰু স্থানীয় পুৰোহিত সকলৰ দ্বাৰা বৈদিক মন্ত্ৰ উচ্চাৰণেৰে মহাযজ্ঞৰ অনুষ্ঠান। পুষ্পাঞ্জলি প্ৰদানৰ সমান্তৰাল ভাৱে ভক্তসকলৰ মাজত মহাপ্ৰসাদো কৰা হ’ব বিতৰণ। বিভিন্ন সমাজসেৱামূলক কাৰ্য্যসূচীৰ সৈতে জৰিত শ্ৰী শ্ৰী সিদ্ধেশ্বৰী কালী মন্দিৰ সমিতিৰ তৰফৰ পৰা এই বিশাল তথা মহাযজ্ঞ অনুষ্ঠানক সাফল্যমণ্ডিত কৰি তোলাত ভক্তপ্ৰান ৰাইজৰ উপস্থিতি আৰু সহযোগ একান্তভাৱে কামনা কৰিছে আহ্বায়ক মণ্ডলীয়ে।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।