নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত বৌদ্ধিক মহ’লৰ সৈতে আটাছুৰ ঘূৰণীয়া মেজমেল

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিল: আজি তিনিচুকীয়াৰ হোটেল প্ৰমোদ আসামত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এখনি ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰে ৷ তাই আহোম জনগোষ্ঠীৰ জিলাখনৰ বৌদ্ধিক মহ’লৰ স’তে তাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বৰ জনগোষ্ঠীৰ বহুকেইটা সমস্যাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় ঘূৰণীয়া মেজমেলখনত ৷ ঘূৰণীয়া মেজমেলখনত তাই আহোম জনগোষ্ঠীটো জনজাতিকৰণ, সমষ্টি পুনৰ নিৰ্ধাৰণৰ লগতে জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা অৰ্থাৎ তাই আহোম ছাত্ৰ সন্থাৰ বিভিন্ন দাবীৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ লগতে আগন্তুক দিনসমূহত তাই আহোম জনগোষ্ঠীক জনজাতিকৰণ, সমষ্টিৰ পুনৰ নিৰ্ধাৰণকে আদি কৰি সংগঠনটোৰ দাবীসমূহৰ সন্দৰ্ভত কেনেদৰে পদক্ষেপ ল’ব আৰু জনগোষ্ঠীটোৰ উন্নয়নৰ কাৰণে কেনেদৰে পদক্ষেপ ল’ব তাৰ ওপৰত গুৰুত্বপূৰ্ণভাৱে আলোচনা কৰে ৷

 এইসন্দৰ্ভত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁই উপস্থিত থাকি জনগোষ্ঠীটোৰ বৌদ্ধিক মহ’লে অতি যোগাত্মক পৰামৰ্শ আগবঢ়োৱা বুলি উল্লেখ কৰে ৷ বৌদ্ধিক মহ’লে এইক্ষেত্ৰত কাম কৰিবলৈ ইচ্ছা আছিলে যদিও সুবিধা পোৱা নাছিল, গতিকে তাৰেই এক পদক্ষেপ লোৱা হৈছে বুলি জানিবলৈ দিয়ে আৰু আগন্তুক দিনসমূহত এওঁলোকৰ পৰামৰ্শ অনুসৰি একেলগে কাম কৰা হ’ব বুলি উল্লেখ কৰে ৷

প্ৰেৰক:- বিবেক বড়া

You might also like