নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় অভিমুখী সকলো বিমান আৰু ৰে’লৰ ওপৰত নিৰাপত্তা সংস্থাৰ চোকা নজৰ! কাৰাগাৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি

  • ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্তৰ আশংকা!

কাৰাগাৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধিঃজেলৰ কাষত পাৰ্কিং বন্ধ!

‘৯১ চনত ডিব্ৰুগড় কাৰাগাৰৰ পৰাই পলায়ন কৰিছিল ৫ শীৰ্ষ আলফা নেতা!

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত যিকোনো সময়তে ব্যাপক প্ৰতিবাদ সাব্যস্ত হব পাৰে।পৰিস্থিতিয়ে কি ৰূপ লব পাৰে সেয়া এতিয়াই পূৰ্বানুমান কৰিব নোৱাৰিলেও কাৰাৰুদ্ধ হৈ থকা উগ্ৰ খালিস্তানী তথা বিচিন্নতাবাদী নেতা অমৃতপল সিং সন্ধুৰ একাংশ সৰ্মথকে প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাতো এক চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ পাইছে।
ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বী তথা উগ্ৰ খালিস্তানী নেতা অমৃতপল সিং বৰ্তমানে আবদ্ধ হৈ থকা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত তেওঁৰ একাংশ সমৰ্থকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ প্ৰচেষ্টা কৰিব পাৰে বুলি প্ৰকাশ পোৱা বাতৰিৰ পাছতে পাঞ্জাৱ আৰু দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী সকলো ৰে’ল আৰু বিমানৰ ওপৰত নিৰাপত্তা সংস্থাসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি সূত্ৰত প্ৰকাশ।আৰক্ষীৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, অমৃতপাল সিঙৰ সমৰ্থকসকলে ডিব্ৰুগড়ত উপস্থিত হৈ উচ্চ নিৰাপত্তাসম্পন্ন ডিব্ৰুগড় কাৰাগাৰৰ বাহিৰত কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সম্ভাৱনাৰ বিষয়ে তেওঁলোকৰ হাতত ‘ইণ্টেল ইনপুট'(সঠিক গোপন তথ্য)আছে।কালি অমৃতপল সিঙক কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে ৩৭ নং ৰাষ্টীয় ঘাইপথৰ সলনি মোহনবাৰী-মাইজান পথৰে এটা ১৬ জনীয়া পঞ্জাৱ আৰক্ষীৰ দলৰ সহায়ত এস্কৰ্ট প্ৰদানৰে ১১ খন গাড়ীৰ এক বিশাল কনভয়ৰ মাজেৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছিল।আনহাতেদি পঞ্জাৱ আৰু দিল্লীৰ আৰক্ষীৰ ভাষ্য অনুসৰি—
‘আমাৰ চোৰাংচোৱাৰ তথ্য আছে যে অমৃতপল সিঙৰ একাংশ সমৰ্থক ব্যক্তিয়ে হয়তো ডিব্ৰুগড়লৈ আহি কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি খালিস্তানী নেতাগৰাকীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিব পাৰে।সেয়েহে আমি বিশেষকৈ ডিব্ৰুগড় অভিমুখী ৰে’লসমূহত খালিস্তানী সমৰ্থকৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছো’।ইফালে এনে ধৰণৰ তথ্য লাভ কৰাৰ পাছতে ডিব্ৰুগড় কাৰাগাৰৰ বাহিৰতো সকলো ধৰণৰ আইন-শৃংখলাৰ পৰিস্থিতি ৰোধ কৰিবলৈ নিৰাপত্তা বৃদ্ধি কৰা হৈছে।জানিব পৰা মতে, অহা ২৭এপ্ৰিলত (বৃহস্পতিবাৰে) দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হ’ব পঞ্জাৱৰ শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক সমিতিৰ ৩ জনীয়া আইনী পৰামৰ্শদাতা এটা দল। ইয়াৰ পূৰ্বে যোৱা ১০ এপ্ৰিলত ডিব্ৰুগড় কাৰাগাৰত অধিবক্তা ভগৱন্ত সিং ছিয়ালকা, মনদ্বীপ সিদ্ধু আৰু ৰোহিত শৰ্মাৰে গঠিত দলটোৱে ডিব্ৰুগড় কাৰাগাৰত ৱাৰিছ পঞ্জাৱ দেৰ সদস্যসকলক সাক্ষাৎ কৰিছিল।বৃহস্পতিবাৰে কেইজনমান ৱাৰিছ পঞ্জাৱ দে সদস্যৰ পৰিয়ালৰ সদস্যও ডিব্ৰুগড়ত উপস্থিত হৈ বন্দীসকলক সাক্ষাৎ কৰাৰ কথা,যদিও এতিয়ালৈ সেয়া স্পষ্ট হোৱা নাই।বৰ্তমানলৈ কেৱল কাৰাবন্দী,খালিস্তানী সমৰ্থক তথা পঞ্জাবী ছবি জগতৰ অভিনেতা,প্ৰযোজক,পৰিচালক দলজীত সিং কালছিৰ পত্নী আৰু পুত্ৰইহে তেওঁক লগ কৰিবলৈ ডিব্ৰুগড়লৈ আহিছে।যোৱা ২০ এপ্ৰিলত ডিব্ৰুগড় কাৰাগাৰত কালছীৰ পত্নী নৰিন্দৰ কৌৰ ওৰফে নীৰু কালসী আৰু পুত্ৰ ছিমৰজীত সিং ওৰফে ছানীয়ে সাক্ষাৎ কৰে।অমৃতপল সিঙৰ উপৰিও তেওঁৰ ঘনিষ্ঠ সহযোগী দলজীত সিং কালসী, পাপলপ্ৰীত সিং, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং (অমৃতপাল সিঙৰ ককাক), ভগৱন্ত সিং ওৰফে প্ৰধান মন্ত্ৰী বাজেকে, বসন্ত সিং আৰু গুৰিন্দৰ সিংকে ধৰি ৯ জন ঘনিষ্ঠ সহযোগী আউজলাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কাৰাগাৰত ভৰ্তি কৰা হৈছে। ইফালে অমৃতপল সিঙক ডিব্ৰুগড় কাৰাগাৰৰ এক সুকীয়া কোঠাত ৰখা হৈছে।যিটো কোঠা তেওঁৰ সহায়কসকলৰ পৰাও বহু দূৰৈত বুলিও জানিব পৰা গৈছে।সূত্ৰৰ পৰা জানিব পৰা মতে, অমৃতপল সিঙক তেওঁৰ কোঠাৰ ভিতৰত কেৱল জেলৰ কৰ্মচাৰীয়েহে খাদ্য যোগান ধৰি আহিছে।তেওঁৰ স্বাস্থ্যৰ ওপৰতো কাৰাগাৰৰ চিকিৎসকে নিয়মীয়াকৈ নিৰীক্ষণ কৰি আছে। ৱাৰিছ পঞ্জাব ডিৰ মুৰব্বী গৰাকীক ৰিচাৰ্চ এণ্ড এনালাইছিছ উইং (আৰ এ ডব্লিউ) আৰু চোৰাংচোৱা ব্যুৰো (আই বি)ৰ দৰে কেন্দ্ৰীয় সংস্থাই শ্ৰীঘেই কাৰাগাৰৰ ভিতৰত জেৰা কৰাৰ সম্ভাৱনা আছে।তদুপৰি অমৃতপাল সিঙৰ সৈতে ডিব্ৰুগড়লৈ অহা ১৬ জনীয়া পঞ্জাৱ আৰক্ষীৰ দলটো এই পৰ্যন্ত
পুনৰ পঞ্জাৱলৈ উভতি যোৱা নাই।বৰ্তমানে দলটো ডিব্ৰুগড় আৰ্ৱত ভৱনত বাহৰ পাতি থকাৰ লগতে কালি পঞ্জাৱৰ মোগাত গ্ৰেপ্তাৰ হোৱা অমৃতপল সিঙক জেৰা কৰিবলৈ আৰু কেইদিনমান থকাৰ সম্ভাৱনা আছে বুলিও সূত্ৰত প্ৰকাশ।
আনহাতে বিগত এমাহত ডিব্ৰুগড় কাৰাগাৰখন সৰ্বোচ্চ উচ্চ নিৰাপত্তাযুক্ত কাৰাগাৰলৈ ৰূপান্তৰিত কৰা হৈছে।য’ত হাতত উদ্যত স্বয়ংক্ৰিয় মাৰানাস্ত্ৰ লৈ অসম আৰক্ষীৰ ব্লেক পেন্থাৰ কমাণ্ডো, চি আৰ পি এফৰ জোৱানৰ উপৰিও নিয়মীয়া কাৰাগাৰৰ প্ৰহৰীয়ে ২৪ ঘণ্টাই কাৰাগাৰত পহৰা দি আছে। ৬৯ টা চিচিটিভি কেমেৰাই কাৰাগাৰখনৰ কয়দী আৰু দৰ্শনাৰ্থীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ১৮৫৯ চনতে নিৰ্মিত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰখন উত্তৰ-পূবৰ আটাইতকৈ পুৰণি কাৰাগাৰ য’ত ৬৮০ জন কয়দী থাকিব পৰাৰ ব্যবস্থা আছে আৰু বৰ্তমানে কাৰাগাখনৰত ৩৩০ জনতকৈও কম কয়দী ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে।উল্লেখ কৰা ভাল যে বিগত আলফাৰ ভৰপক সময়ত এই কাৰাগাৰত বহু শীৰ্ষ আলফা কাৰাৰুদ্ধ হৈ থকাৰ সময়তে ১৯৯১ চনৰ ২৬ জুনৰ পুৱতি নিশা ৫ গৰাকীকৈ শীৰ্ষ আলফাই ৱাল বগাই পলায়ন কৰিছিল।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like