২২-২৬ জুনলৈ নীলাচল পাহাৰত মহা অম্বুবাচী মেলা
বিশেষ বার্তা, ২৯ এপ্রিলঃ সমাগত অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে কালি কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত জিলা প্রশাসন আৰু আৰক্ষী প্রশাসনৰ শীর্ষ বিষয়া, মেলা আয়োজনৰ বিভিন্ন দায়িত্বত থকা বিভাগসমূহৰ বিষয়া আৰু কামাখ্যা দেৱালয়ৰ দলৈসহিতে কেইবাজনো প্রতিনিধিৰ অংশগ্রহণেৰে এখন বৈঠক অনুষ্ঠিত হয়৷ অতিৰিক্ত উপায়ুক্ত ড০ ধ্রুৱজ্যোতি হাজৰিকাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত কোনোধৰণৰ অসুবিধা নোহোৱাকৈ অহা ২২ জুনৰ পৰা ২৬ জুনলৈ হ’বলগীয়া অম্বুবাচী মেলা সম্পন্ন কৰাৰ বাবে বিভাগসমূহে পালন কৰিবলগীয়া দায়িত্বৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়৷ মেলা আয়োজনৰ ক্ষেত্রত কামৰূপ (মহানগৰ) জিলা প্রশাসনে সকলো বিভাগ আৰু কামাখ্যা দেৱালয়ৰ মাজত সমন্বয় সাধন কৰিব৷ অতিৰিক্ত উপায়ুক্ত ড০ হাজৰিকাই জনাই যে বিগত বর্ষত ভক্তৰ বাবে পাঁচটা শিবিৰ স্থাপন কৰা হৈছিল যদিও এইবাৰ শিবিৰৰ সংখ্যা বৃদ্ধিৰ চিন্তা–চর্চা কৰি থকা হৈছে৷ বৈঠকত লোৱা সিদ্ধান্ত মর্মে গুৱাহাটী পৌৰ নিগমে মেলাৰ দিনকেইটাত মন্দিৰ চৌহদ সহিতে সমগ্র গুৱাহাটী মহানগৰীৰ স্বচ্ছতাৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ লগতে নামনিৰ পৰা কামাখ্যা মন্দিৰলৈ অহা–যোৱা পথ আলোকিত কৰিব৷ জিএমডিএই জালুকবাৰী উৰণীয়া সেতু, ভূপেন হাজৰিকা সমাধিক্ষেত্র, বালাজী মন্দিৰ, উমানন্দ মন্দিৰ, বিভিন্ন উদ্যানকে ধৰি গুৰুত্বপূর্ণ স্থানসমূহ আলোকিত কৰাৰ দায়িত্ব পালিন কৰিব৷ স্বাস্থ্য বিভাগে কামাখ্যা মন্দিৰৰ লগতে মন্দিৰৰ নামনিৰ প্রৱেশ পথ আৰু ভক্ত থাকিবলগীয়া শিবিৰত স্বাস্থ্য শিবিৰ স্থাপন কৰিব৷ এপিডিচিএলে মেলাৰ দিনকেহটাত অবিৰত বিদ্যুৎ যোগান নিশ্চিত কৰিব৷ বন বিভাগক কামাখ্যা মন্দিৰৰ সমীপত বিপদসংকুলভাৱে থকা গছৰ ডালবোৰ কটাৰ দায়িত্ব দিয়া হয়৷ বন বিভাগক লগতে সাপৰ বিষনাশক দৰব মজুত ৰখা আৰু সাপ ধৰা মানুহ সাজু কৰি ৰাখিবলৈ কোৱা হয়৷ শিবিৰ আৰু গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা কামাখ্যা মন্দিৰৰ নামনিলৈ ভক্ত কঢ়িয়াবৰ বাবে বাহনৰ ব্যৱস্থা অসম ৰাজ্যিক পৰিবহণ নিগমে কৰিব৷ পাহাৰৰ নামনিৰ পৰা ভক্তক মন্দিৰলৈ নিয়াৰ বাবে ফেৰী কাৰৰ ব্যৱস্থা কৰা হ’ব৷ মেলাৰ সময়ত মন্দিৰ চৌহদ আৰু ভক্তৰ বাবে স্থাপন কৰা শিবিৰত যাতে পানীৰ নাটনি নহয় তাৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নির্দেশ দিয়া হয়৷ হয়াৰোপৰি যান–জঁট আৰু ভিৰ ব্যৱস্থাপনা, ভক্তৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ল’বলগীয়া সামগ্রিক পৰিকল্পনা গুৱাহাটী আৰক্ষী আয়ুক্তৰ কার্যালয়ে গ্রহণ কৰিব৷ বৈঠকত অসম পর্যটন ডন্নয়ন নিগম, ৰে’লৱে, লোকনির্মাণ, এন ডি আৰ এফ, এছ ডি আৰ এফ, স্কাডট এণ্ড গাহড আদি বিভাগসমূহকো তেওঁলোকৰ দায়িত্বসমূহ ভগাহ দিয়া হয়৷