নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত সোৱনশিৰিৰ ব্যাপক খহনীয়া: বহু হেক্টৰ কৃষি ভূমি বিলিন সোৱনশিৰিৰ বুকুত 

নিয়মীয়া বাৰ্তা, ৬ মে’:  বিশ্বৰ বৃহত্তম নদী দ্বীপ, সত্ৰীয়া সংস্কৃতিৰ  প্ৰানকেন্দ্ৰ, পবিত্ৰ ভূমি মাজুলীত বাৰিষা শুমোৱাৰ লগে লগে  প্ৰলয়ংকাৰী গড়াখহনীয়ই কাল ৰূপ ধাৰন কৰিছে ।  মাজুলীৰ সৰ্ববৃহৎ আঁহতগুৰি , শালমৰা মৌজা, কমলাবাৰী মৌজাৰ বৃহৎ অংশ ব্ৰহ্মপুত্ৰৰ  ব্যাপক খহনীয়াত জাহ যোৱাৰ পিছত  নদী দ্বীপটোৰ মুল ভূ খণ্ড  সংকুচিত হৈ আহিল । বৰ্তমান সময়তো  দ্বীপটোৰ পূৱ আৰু  দক্ষিণে ব্ৰহ্মপুত্ৰৰ, উত্তৰে ,  খৰকটীয়া, পশ্চিমে শোৱনশিৰীৰ ধাৰাবাহিক খহনীয়াই  ভৌগোলিক অৱস্থিতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে  । মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্ব ব্ৰক্ষ্মপুত্ৰ বৰ্ডক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে যদিও ২০০৪ চনৰ পৰা মাজুলীৰ এচপৰাও মাটি সংৰক্ষণ কৰিব পৰা এই সংস্থাটোৱে ৷ যাৰ বাবে  প্ৰতি বছৰ বাৰিষা অহাৰ লগে লগেই মাজুলীৰ শালমৰা , ভকত চাপৰি আদিকে ধৰি বিভিন্ন নদী পৰীয়া স্থানত ব্যাপক হাৰত খহনীয়া অব্যাহত আছে ৷ উল্লেখ্য  যে নামনি মাজুলী কৰতিপাৰ পঞ্চায়তৰ অন্তৰ্গত ১নং মিছামৰাত এতিয়া খহনীয়াই কালৰূপ ধাৰন কৰিছে  ৷ গাঁও খনৰ বহু কেইটা পৰিয়ালে  এতিয়া কৃৃৃৃষি পথাৰৰ সমান্তৰালকৈ আৱাস গৃহ  নদীৰ বুকুত জাহ যোৱাৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ৷ ইফালে মিছামৰাৰ বহু পৰিয়ালৰ আহুধানৰ পথাৰ এতিয়া ক্ৰমত যাহ গৈছে সোৱনশিৰিৰ বুকুত   । ইফালে কেইবাটাও পৰিয়ালে লাম লাকুট লৈ আনৰ ঘৰত আশ্ৰয় লব  লগাৰ দৰে পৰিস্থিতিৰ  সুুুুচনা  হৈছে  ৷ ঘৰৰ ভেতি সলনি কৰিব লগা হৈছে । নদীক ভাল পোৱা সহজ – সৰল মিছিং জনগোষ্ঠী টোৰ এইসকল লোকক যেন  খেদিবলৈ ধৰিছে  সোৱনশিৰি  নদীয়ে । বিগত সময়ত জলসম্পদ বিভাগে বিজ্ঞান সন্মত ভাৱে খহনীয়া ৰোধ কৰি পৰিয়াল সমুহ , নামনি মাজুলীক  সুৰক্ষা  আচনিঁ ৰ কাম নকৰাৰ  বাবে প্ৰতিবছৰ খহনীয়াত পতিত হৈছে নামনি মাজুলী বাসী । নিৰ্বাচনৰ সময়ত খহনীয়া প্ৰতিৰোধ ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰতিশ্ৰুতি পাহৰা , বিধায়ক ভুৱন গামৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে খহনীয়াগ্ৰস্থই। এতিয়া  চৰকাৰে এই লোক সকলক নিৰাপত্তা দিব নোৱাৰিলে  পৰিয়ালৰ সৈতে সকলো ভুক্তভোগী নদীত জাপ দিয়াৰ বিকল্প নাই   বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে  । আনহাতে আজি এটা সপ্তাহে বিভিন্ন সময়ত অহা বতাহ -ধুমুহাৰ ফলত কেইবাটাও পৰিয়ালৰ আৱসগৃহ বিধস্ত হৈ পৰাৰো খবৰ পোৱা গৈছে আৰু ক্ষতিপুৰণৰ বাবে জিলা প্ৰশাসনলৈ দাবী জনাইছে অঞ্চলটোৰ  সচেতন মহলে ৷
কালৰূপ ধৰা সোৱনশিৰি ৰ ভয়ংকৰ খহনীয়া ত নিশেষ হৈ যোৱাৰ উপক্ৰম হৈছে এখন বিশাল গাঁও। নিধিৰাম চৰ্দাৰৰ ৰূপত মাজুলীৰ দুৰ্নীতি গ্ৰস্থ জলসম্পদ বিভাগ। হাহাকাৰ নৈ পৰীয়া গঞাৰ মৰ্মবেদনা এতিয়া বুজিব কোনে । কোনে আবঢ়াব সহায়ৰ হাত ৷ এই সংকটৰ সন্ধিক্ষনত চকুপানী ৰে বাট নেদেখা হৈছে খহনীয়া গ্ৰস্থৰ। স্থানীয় ৰাইজে  তীব্ৰ  ক্ষোভ প্ৰকাশ কৰিছে জিলা প্ৰশাসন আৰু  চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ওচৰত ৷  জল সম্পদ মন্ত্ৰী জনক আহি মাজুলীৰ খহনীয়া গ্ৰস্ত অঞ্চল সমুহ  পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ এক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে  ।

 

 

 

( প্ৰাঞ্জল খাউণ্ড )
You might also like