বৰপেটাত বিজেপিৰ ডাটা মেনেজমেন্ট এণ্ড লিভাৰেজ কৰ্মশালা সম্পন্ন
নিয়মীয়া বাৰ্তা, ৬ মে’: ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বৰপেটা চহৰত আজি বিজেপি দলৰএখন এখন গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত হয় ৷ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ জৰিয়তে বিজেপি দলক কিদৰে আৰু আগুৱাই নিব পাৰি সেই লক্ষ্যৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে এই কৰ্মশালা ৷ ব্লক কমিটি, বুথ কমিটি আদি কমিটিৰ কৰ্মকৰ্তাৰ জৰিয়তে কিদৰে তথ্য সংগ্ৰহ কৰিব লাগে সেই উদ্দেশ্যে ডাটা মেনেজমেন্ট এণ্ড লিভাৰেজ কৰ্মশালাৰ আয়োজন কৰা হয় ৷ এই কৰ্মশালাত বিজেপিৰ ১১ খন জিলা প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷ বৰপেটা জিলা বিজেপিৰ সাধাাৰণ সম্পাদক হেমন্ত_কুমাৰ দেউৰীৰ পৰিচালনাত আৰু সভাপতি অনিল কুমাৰৰ আদৰণী ভাষণেৰে কৰ্মশালাৰ আৰম্ভ কৰা হয় ৷ কৰ্মশালাখনত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ঋতুবৰণ শৰ্মা, ডাটা মেনেজমেন্ট এণ্ড লিভাৰেজৰ ৰাজ্যিক আহ্বায়ক বিমল ওছোৱাল, ছচিয়েল মিডিয়াৰ ৰাজ্যিক প্ৰভাৰী পলাশ লাহন, অসম আৰু ত্ৰিপুৰা বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণী শৰ্মা, বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক অৰুণজ্যোতি হাজৰিকাই সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৷ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগত বিজেপি দলটোক কিদৰে ৰাইজৰ একেবাৰে ওচৰত লৈ যাব পাৰি তাৰ ওপৰত বক্তব্য আগবঢ়ায় সমল ব্যক্তি কেইগৰাকীয়ে ৷ কৰ্মশালাত বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসৰ লগতে কেইবা গৰাকী নেতা কৰ্মী আৰু বিজেপিৰ ১১ খন জিলাৰ প্ৰতিনিধি উপস্থিত থাকে ৷