নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত ৪৯৯ গৰাকী লোকক দহ হাজাৰ টকাকৈ চিকিৎসা সাহাৰ্য্য প্ৰদান

নিয়মীয়া বাৰ্তা, ৬ মে’: মুখ্যমন্ত্ৰীৰ ৰোগীৰ চিকিৎসা সাহাৰ্য্য আঁ‌চনিৰ অধীনত আজি মৰিয়নিত ৪৯৯ গৰাকী লোকক দহ হাজাৰ টকাকৈ এককালীন চিকিৎসাৰ সাহাৰ্য্য প্ৰদান কৰে । মৰিয়নি বিধান সভা সমষ্টিৰ মুঠ ৪৯৯ গৰাকী লোকক বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দহ হাজাৰ টকাৰ চেক প্ৰদান কৰে । মৰিয়নিৰ কাটনি গাঁও পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহ, মৰিয়নি নগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহ, মধ্য নকছাৰী গাঁও পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু হেমলাই গাঁও পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত চাৰিখন সভাত এই লোক সকলক সাহাৰ্য্যৰ চেক প্ৰদান কৰা হয় । সভাত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুখীয়া দৰিদ্ৰ লোকৰ সুবিধাৰ্থে গ্ৰহণ কৰা এই আঁ‌চনিয়ে কিছু হ’লেও তেনে লোকক সহায় কৰিব বুলি মন্তব্য কৰে । দুখীয়া আৰু নিষ্পেষিত লোকৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে বহু কাম কৰিছে বুলি উল্লেখ কৰি কয়- সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰতিজন দুখীয়া লোক বিজেপি চৰকাৰৰ শাসনৰ দিনত উপকৃত হৈছে । সভাত কাটনি গাঁও পঞ্চায়তৰ সভাপতি অপূৰ্ব শইকীয়া, মধ্য নকছাৰী গাওঁ পঞ্চায়তৰ সভাপতি চন্দন গগৈ, পূৱ লাহিং গাঁও পঞ্চায়তৰ সভাপতি ৰিতু বুঢ়াগোঁ‌হাই, হেমলাই গাঁও পঞ্চায়তৰ সভানেত্ৰী চন্দ্ৰমা গগৈ, যোৰহাট মহকুমাৰ চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ অধ্যক্ষ তৰুণ ৰাজৱাৰ, চেলেং মণ্ডল বিজেপিৰ সভাপতি গিৰীশ দাস, সাধাৰণ সম্পাদক অভিজিত গগৈ, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ যোৰহাট জিলাৰ সভাপতি নিলোৎপল গগৈ, উমেশ তাছা, সংগীতা কুৰ্মী আদি উপস্থিত থাকে ।

দিব্যজ্যোতি শইকীয়া

You might also like