বকো গ্ৰন্থমেলাৰ বাকৰিত কামৰূপৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া
- “বকোত গ্ৰন্থমেলাৰ জৰিয়তে শৈক্ষিক বাতাবৰণ সৃষ্ঠি কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ প্ৰতি আগ্ৰহ বঢ়াইছে”;
- বকো গ্ৰন্থমেলাৰ বাকৰিত কামৰূপৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া
- ‘দীক্ষিতাৰ উদ্যোগত ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিধান বিতৰন’
নিয়মীয়া বাৰ্তা, ৬ মে::-“বকোত বিগত ১৭ বছৰ ধৰি গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈ আহিছে।এই গ্ৰন্থমেলাৰ জৰিয়তে বকো অঞ্চললৈ এটা শৈক্ষিক বাতাবৰন তথা এক জাগৰনৰ সৃষ্টি কৰাৰ লগতে এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষাৰ প্ৰতি যি ধাউতি তথা আনুষংগিক পঢ়াৰ প্ৰতি ধাউতি জন্মাবলৈ সক্ষম হৈছে।নতুন শিক্ষানীতিৰ আধাৰত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন দিশত আগবাঢ়িবলৈ হলে কিছু পৰিৱেশ আৰু সমলৰ প্ৰয়োজন হব।বৰ্তমান সময়ত ডিজিটেল মাধ্যমৰ যি প্ৰাদুৰ্ভাৱ,সেই প্ৰাদুৰ্ভাৱৰ মাজত ও গ্ৰন্থৰ প্ৰতি যি প্ৰেম ভালপোৱা সেইটো আমাৰ উঠি অহা নতুন প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ হলে এনেধৰনৰ অনুষ্ঠানৰ আয়োজনৰ প্ৰয়োজনীয়তা আছে।আমি দেখিবলৈ পাইছো ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম দক্ষতা বৃদ্ধিৰ যিটো বিষয় এইধৰনৰ কাৰ্যসূচী বোৰে যথেষ্ট সহায়ক ভূমিকা লয়।গুনোৎসৱত এই অঞ্চলৰ বহুকৈইখন বিদ্যালয়ে ভাল ফলাফল দেখুৱাইছে।কামৰূপ জিলাই গুনোৎসৱত অসমৰ ভিতৰত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে।বকো অঞ্চলৰ বহুকেইখনে বিদ্যালয়ে A/A+ পাবলৈ সক্ষম হৈছে।এইক্ষেত্ৰত গ্ৰন্থমেলাৰ যথেষ্ট প্ৰভাৱ আছে।বিদ্যালয় সমূহৰ গঠনৰ ক্ষেত্ৰত এনেকোৱা কাৰ্যসূচীয়ে যথেষ্ট সহায় কৰিছে।লগতে নতুন শিক্ষানীতিৰ আধাৰত আমাৰ যি নিপুন ভাৰত কাৰ্যসূচী যি আছে;তাত অধ্যয়নৰ কথাটো যথেষ্ট গুৰুত্বসহকাৰে লোৱা হৈছে।বকো গ্ৰন্থমেলাত ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীক বকোৰ দীক্ষিতাৰ উদ্যোগত অভিধান প্ৰদান কৰা কায্যসূচী এক মহান কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ মূল ব্যক্তি দীক্ষিতাৰ স্বত্বাধিকাৰী তথা সমাজকৰ্মী জনাৰ্দন বড়োই সাহিত্য ক্ষেত্ৰত লোৱা উদ্যোগটো প্ৰশংসনীয়।”
কামৰূপ জিলাৰ বকো গান্ধী মৈদানত চলিত মে মাহৰ ৪ তাৰিখৰ পৰা ৭ মেলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা বকো গ্ৰন্থমেলাৰ তৃতীয় দিনৰ অভিধান বিতৰন অনুষ্ঠানত উপস্থিত হৈ এনেদৰে সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়াই কামৰূপৰ বিদ্যালয় পৰিদৰ্শক অপুৰ্ব ঠাকুৰীয়াই।
প্ৰেৰক – ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন