বনগীতৰ বিশিষ্ট গায়ক, শ্ৰষ্টা তথা বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰা নৃত্যেন চন্দ্ৰ বেজবৰুৱাৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ৭ মে’: বনগীতৰ বিশিষ্ট গায়ক তথা শ্ৰষ্টা যোৰহাটৰ ন আলি কমলাবৰীয়া গাঁও, হাবি চুক পথ নিবাসী নৃত্যেন চন্দ্ৰ বেজবৰুৱাৰ(৮৭)আজি পৰলোক হয়। দীৰ্ঘদিনধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা নৃত্যেন চন্দ্ৰ বেজবৰুৱাৰ আজি পুৱা ৮-২৫ বজাত নিজা বাসগৃহতে চিকিতসাধীন অৱস্থাত মৃত্যু হয়। উল্লেখ্য যে ১৯৩৫ত জন্মগ্ৰহন কৰা নৃত্যেন চন্দ্ৰ বেজবৰুৱাই সৰুৰে পৰাই সংগীতৰ লগত উতঃপ্ৰোত ভাৱে জৰিত আছিল। বিদ্যালয়ত পঢ়ি থকা অৱস্থাৰ পৰাই বনগীত, টোকাৰী গীত, দেহ বিছাৰ গীত, বিহু গীত গাই ৰাইজৰ প্ৰশংসা লাভ কৰা বেজবৰুৱাই তেতিয়াই সৌমাৰ মইনা পাৰিজাতৰ সংগীত পৰিচালকৰ দায়িত্ব বহন কৰিছিল আৰু সমান্তৰালভাৱে গীত ৰচনা কৰি গৈছিল। বিভিন্ন অনুষ্ঠানত গীত পৰিবেশন কৰি থকা নৃত্যেন চন্দ্ৰ বেজবৰুৱাৰ এবাৰ কৰঙাত নিজা কথা আৰু সুৰেৰে বৰবিহ নাখাবি আওঁবাটে নাযাবি শীৰ্ষক গীতটো শুনি বিষ্ণু প্ৰসাদ ৰাভাই বেছ বঢ়িয়া হৈছে, অভ্যাস নেৰিবা বুলি আশীৰ্বাদ দিছিল। ইয়াৰ উপৰি সাংসদ হেম বৰুৱাই জীয়া ভৰালীৰ জীয়া পানীত বগা বালিৰ ৰঙা কাহিনী গীতটো শুনি আশীৰ্বাদ দিছিল। তবলা, হাৰমনিয়াম, পেপা, মাউথ অৰ্গেন আদিৰ এগৰাকী সু বাদক আছিল আৰু তেখেতৰ গীত দুৰদৰ্শন কেন্দ্ৰ গুৱাহাটী, যোৰহাট অনাতাঁৰ কেন্দ্ৰত প্ৰচাৰিত হৈছিল। নিয়োগ বিনিময় কেন্দ্ৰত কৰ্মৰত বেজবৰুৱাৰ একমাত্ৰ বনগীতৰ পুথি বনগীত বনৰে সুৰ নামৰ সংকলনটো যোৰহাটৰ প্ৰজ্ঞা সাৰথি আৰু ক্ৰিয়েটিভ আৰ্ট এণ্ড মিউজিক চেণ্টাৰে দুটা বছৰ পূৰ্বে প্ৰকাশ কৰি উলিয়াই। জানিব পৰা মতে তেখেতে ব্ৰজাৱলী ভাষাতো গীত ৰচনা কৰিছিল। বনগীত, বিহুগীত, দেহ বিচাৰ গীত, শিশু গীত, আধুনীক গীতকে আদিকৰি ৰচনা কৰা গীতৰ সংখ্যা ২৮৩৫ টা। ইতিমধ্যে নৃত্যেন চন্দ্ৰ বেজবৰুৱাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জনাইছে। আজি তেখেতৰ বিয়োগৰ বাতৰি প্ৰচাৰ হোৱাত বিভিন্ন দল সংগঠনৰ লগতে গুনমূগ্ধসকলৰ মাজত শোকৰ ছাঁ পৰিছে। তেখেতৰ মৃত্যুত পৰ্যটক ক্ৰীড়া আৰু সাংস্কৃতিকগোষ্ঠী, আশীৰ্বাদ শৈক্ষিক ন্যাস, চেকনী গাঁৱৰ গাঁও প্ৰধান দিগন্ত বৰুৱা, প্ৰজ্ঞা সাৰথিকে আদিকৰি বহুতেই শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত পত্নী ৰীণা বেজবৰুৱাৰ লগতে পুত্ৰ তথা বিশিষ্ট শিল্পী পণজয় বেজবৰুৱা, মনজয় বেজবৰুৱা আৰু জী মনজিতা বেজবৰুৱাৰ লগতে বোৱাৰী, নাতি –নাতিনীক এৰি থৈ যায়।
- নবজ্যোতি তামুলী,চিনামৰা