নিয়মীয়া বাৰ্তা, ৮ মে’: জি–২০ৰ গুৰুত্বপূর্ণ সন্মিলনৰ পূর্বে কাশ্মীৰত বৃহৎ কূটাঘাতৰ পৰিকল্পনা ব্যর্থ কৰিছে আৰক্ষীয়ে৷ কাশ্মীৰৰ পুলৱামাত অভিযান চলাই বিপুল পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰে আৰক্ষীয়ে৷ এই বিস্ফোৰক সামগ্রী ৰখাৰ সন্দেহত গ্রেপ্তাৰ কৰা হৈছে এজন ব্যক্তিক৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি আজি তালাচী অভিযানৰ সময়ত ৬ কিলোগ্রাম আই ই ডি উদ্ধাৰ কৰা হয়৷ সন্ত্রাসবাদী সংগঠনে বৃহৎ কূটাঘাতৰ পৰিকল্পনাৰে এই আই ই ডি ৰাখিছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে৷ গোপন সূত্রৰ পম খেদি আৰক্ষীয়ে এই তালাচী অভিযান চলাইছিল৷ অভিযানত সফলতা লাভ কৰাৰ পিছতে জি–২০ৰ সন্মিলনৰ পূর্বে সন্ত্রাসবাদীৰ কূটাঘাতৰ বৃহৎ পৰিকল্পনা ব্যর্থ হোৱা বুলি দাবী কৰিছে জম্মু–কাশ্মীৰ আৰক্ষীয়ে৷