নিয়মীয়া বাৰ্তা, ১০ মে’: যোশীমঠত পুনৰ কেইবাটাও বাসগৃহত নতুনকৈ ফাট মেলিছে৷ এইবাৰ পার্বত্য অঞ্চলত নহয়, যোশীমঠৰ তুলনামূলকভাৱে সুৰক্ষিত অঞ্চলৰ আৱাসিক প্রাসাদবোৰত দেখিবলৈ পোৱা গৈছে ফাট৷ কেইমাহমান পূর্বে যোশীমঠৰ পার্বত্য অঞ্চলৰ ঘৰবোৰত ফাট দেখিবলৈ পোৱা গৈছিল৷ ইয়াৰ পিছতে বহু মানুহে ঘৰ এৰিবলৈ বাধ্য হৈছে৷ এইবাৰ যোশীমঠৰ গান্ধীনগৰৰ বহু প্রাসাদত ফাট দেখা দিছে৷ লগে লগে উদ্বিগ্ন হৈ পৰিছে ইয়াৰ বাসিন্দাসকল তথা স্থানীয় প্রশাসন৷ কেইবাদিনো ধৰি চলি থকা বৃষ্টিপাতৰ ফলত এই সমতল অঞ্চল কেইবাইঞ্চিও বহি যোৱা বুলি ধাৰণা কৰা হৈছে৷ প্রশাসনে লগে লগে এই অঞ্চলটোত ‘য়েলো জ’ন’ বুলি ষ্টিকাৰ লগাই গৈছে ফাট মেলা ঘৰবোৰত৷