নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৬৮ পদত মকৰল

ৰাজ্যৰ এখন আগশাৰীৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়(Gauhati University)ত খালী হৈছে ৬৮ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে–Professor (14), Associate Professor (25), Assistant Professor (29)৷Professorৰ ১৪ পদ পূৰণ হ’বলগীয়াDepartmentসমূহ হৈছে Anthropology (1), Mathematics (1), Statistics (1), Zoology (1), Physics (1), Commerce (1), Business Administration (1), Sanskrit (1), Hindi (1), Political Science (1), Psychology (1), Applied Sciences (1)৷Associate Professorৰ ২৫ পদ পূৰণ হ’বলগীয়াDepartmentসমূহ হৈছে Anthroplogy (1), Geography (1), Geological Sciences (2), Physics (1), Botany (1), Statistics (1), Zoology (1), Biotechnology (1), Commerce (1), ELT (1), Assamese (2), Economics (1), Political Science (1), Linguistics (1), English (1), History (1), Education-M.Ed. Course (1), Sanskrit (2), Hindi (1), Library & Information Science (1)৷Assistant Professorৰ ২৯ পদ পূৰণ হ’বলগীয়াDepartmentসমূহ হৈছে Applied Sciences (2), Botany (2), Mathematics (2), Statistics (1), Chemistry (1), Physics (1), Biotechnology (1), Commerce (1), Business Administrarion (1), Education (3), Economics (1), Philosophy (1), Hindi (1), Law (4), Education-M.Ed.Course (3), Sanskrit (3), Assamese (1)৷Professor (Academic Level-14) পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ১,৪৪,২০০–২,১৮,২০০ টকা৷Associate Professor (Academic Level-13A) পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ১,৩১,৪০০–২,১৭,১০০ টকা Assistant Professor (Academic Level-10) পদৰ প্রার্থীৰ দৰমহাৰ নিৰিখ মাহে ৫৭,৭০০–১,৮২,৪০০ টকা৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে ১,০০০ টকা পৰিশোধ কৰাৰ বিপৰীতে এছচি, এছটি আৰু দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.gauhati.ac.in/https://cas.gauhati.ac.in/direct লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ প্রিণ্টআউট কপীৰ সৈতে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপি গাঁঠি প্রস্তুত কৰা আবেদন ঠিকনাTo The Registrar, Gauhati University, Gopinath Bardoloi Nagar, Guwahati, PIN.-781014, Assam, India.লৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১৩ মে’, ২০২৩৷

You might also like