নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি ৰে’ল ষ্টেচনত অত্যাধুনিক লিফট উদ্বোধন

বিশেষ বাৰ্তা, ১১ মেঃ অসমৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু ব্যস্ত ৰে’লৱে ষ্টেচন মৰিয়নি ৰে’ল ষ্টেচনত যাত্ৰীৰ সুবিধাৰ্থে আজি অত্যধুনিক আৰু স্বয়ংক্ৰিয় লিফটৰ ব্যৱস্থাৰ উদ্বোধন কৰা হয়। যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে আজি বিয়লি মৰিয়নি ৰে’ল ষ্টেচনত দুটাকৈ অত্যধুনিক আৰু স্বয়ংক্ৰিয় লিফটৰ ব্যৱস্থাৰ উদ্বোধন কৰে। এই উপলক্ষ্যে ৰে’ল ষ্টেচনৰ এক নম্বৰ প্লেটফৰ্মত এক চমু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংসদ তপন কুমাৰ গগৈয়ে ৰে’ল যাত্ৰীৰ সুবিধাৰ্থে লিফটৰ ব্যৱস্থা কৰাৰ বাবে ৰে’ল বিভাগৰ শলাগ লয়। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে যোগাযোগ আৰু আন্তঃগাঁ‌থনি উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া বুলি উল্লেখ কৰি কয় উত্তৰ পূৰ্বাঞ্চলৰ ৫৯টা ৰে’লৱে ষ্টেচনক অমৃত ষ্টেচনৰ আধাৰত আটকধুনীয়াকৈ নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লৈছে। ইয়াৰে ৪৯টা ষ্টেচনেই অসমৰ বুলিও উল্লেখ কৰে। আনহাতে, অমৃত ষ্টেচনৰ অধীনত নিৰ্মাণ হ’বলগীয়া মৰিয়নি-শিমলুগুৰি আৰু শিৱসাগৰ ৰে’ল ষ্টেচনক এক ‘হেৰিটেজ লুক’ দিবলৈও ৰে’ল বিভাগৰ প্ৰতি সাংসদ গগৈয়ে আহ্বান জনায়। তেনে কৰিলে উজনি অসমৰ হেৰিটেজ দিশটো উজলি উঠাৰ লগতে পৰ্য্যটকক আকৰ্ষণ কৰিবলৈও সক্ষম হ’ব বুলি সাংসদ গগৈয়ে আশা প্ৰকাশ কৰে। প্ৰসংগক্ৰমে তেওঁ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা ৰে’ল আলিৰ ওপৰেদি হলৌ বান্দৰ পাৰ হ’ব পৰাকৈ এক সাঁকো তৈয়াৰ কৰাৰ সম্পৰ্কত ৰে’লমন্ত্ৰীলৈ এক পত্ৰ লিখাৰ পিছত সম্প্ৰতি ৰে’লমন্ত্ৰীয়ে তাৰ লিখিত উত্তৰ দিয়াৰ লগতে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলিও জানিবলৈ দিয়ে। মৰিয়নি নগৰৰ মাজত অৱস্থিত দুখনকৈ ৰে’লৱে গেটে জনসাধাৰণক বিভিন্ন সময়ত সমস্যাত পেলাই আহিছে বুলি মন্তব্য কৰি মৰিয়নি নগৰত এখন ফ্লাই অভাৰ নিৰ্মাণ কৰাৰ সম্পৰ্কতো ৰে’ল বিভাগৰ সৈতে আলোচনা কৰা হৈছে বুলিও তেওঁ লগতে কয়। ইফালে, নতুনকৈ ৰে’ল ষ্টেচনৰ নিৰ্মাণৰ ফলত ৰে’লৰ মাটিত যিসমূহ ব্যৱসায়ীয়ে লীজত ব্যৱসায় কৰি আছে সেইসকলক উচ্ছেদ কৰাৰ পৰিৱৰ্তে অন্য উপযুক্ত স্থানত ব্যৱসায়ৰ ব্যৱস্থা কৰি দিবলৈও ৰে’ল বিভাগৰ বিষয়াসকলৰ প্ৰতি আহ্বান জনায়। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়- এই লিফটৰ ব্যৱস্থাৰ ফলত জ্যেষ্ঠ ব্যক্তিসকলৰ লগতে বিশেষকৈ বিশেষভাৱে সক্ষম লোকসকল উপকৃত হ’ব। এই ব্যৱস্থা আগতেই হ’ব লাগিছিল বুলি উল্লেখ কৰি বিধায়ক কুৰ্মীয়ে কয়- ৰে’ল বিভাগৰ এনে সদিচ্ছাৰ প্ৰাসংগিকতা আছে। নগালেণ্ডৰ কেবাখনো জিলাৰ বাবে মৰিয়নি ৰে’ল ষ্টেচনৰ গুৰুত্ব আছে বুলি উল্লেখ কৰি ৰূপজ্যোতিয়ে কয়- মৰিয়নি ৰে’লৱে জংচনত টিকট কাউন্টাৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে যাত্ৰীৰ বাবে অধিককৈ অন্যান্য সুবিধা প্ৰদান কৰিবলৈ ৰে’ল বিভাগৰ প্ৰতি আহ্বান জনায়। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ তিনিচুকীয়া সংমণ্ডলৰ সংমাণ্ডলিক বাণিজ্য প্ৰৱন্ধক (ডিচিএম) কৃষ্ণ প্ৰসাদ আৰে আঁ‌ত ধৰা সভাখনত তিনিচুকীয়া সংমণ্ডলৰ সংমাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক ( ডি আৰ এম ) উত্তম প্ৰকাশে ৰে’ল বিভাগে সদায় যাত্ৰীৰ সুবিধাৰ প্ৰতি দৃষ্টি দি আহিছে বুলি মন্তব্য কৰে। তেওঁ মৰিয়নি ৰে’ল ষ্টেচনত দৈনিক প্ৰায় তিনিহাজাৰ যাত্ৰী অহা যোৱা কৰে বুলি উল্লেখ কৰাৰ লগতে মৰিয়নি ৰে’ল ষ্টেচন হৈ দৈনিক ১৬ খনকৈ মেইল আৰু এক্সপ্ৰেছ ৰে’ল আৰু দুখন যাত্ৰীবাহী ৰে’লৰ চলাচল কৰে বুলি জানিবলৈ দিয়ে। সেয়েহে মৰিয়নি ৰে’ল ষ্টেচনৰ গুৰুত্ব আছে বুলি লগতে মন্তব্য কৰে। সভাত তিনিচুকীয়া সংমণ্ডলৰ সহকাৰী ৰে’লৱে প্ৰৱন্ধক কে. চিংচন, তিনিচুকীয়াৰ জ্যেষ্ঠ সংমাণ্ডলিক অভিযন্তা অৰুণ কুমাৰ সিং, তিতাবৰ মহকুমাৰ মহকুমাধিপতি ৰাহুল গুপ্তা, মৰিয়নি ৰে’ল ষ্টেচনৰ ষ্টেচন প্ৰৱন্ধক অনুপম গগৈ আদি বহুকেইজন ৰে’লৱে বিষয়া উপস্থিত থাকে। বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে ৰে’ল বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত সাংসদ তপন কুমাৰ গগৈয়ে অত্যধুনিক আৰু স্বয়ংক্ৰিয় লিফট ব্যৱস্থাৰ ফিটা কাটি শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে মৰিয়নি ৰে’ল ষ্টেচনৰ এক নম্বৰ প্লেটফৰ্মৰ সৈতে দুই আৰু তিনি নম্বৰ প্লেটফৰ্মক সংযোগ কৰা অভাৰ ব্ৰীজলৈ যাত্ৰীসকল উঠা-নমা কৰিবৰ বাবে এই লিফটৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাই যাত্ৰীসকলক নিশ্চিতভাৱে উপকৃত কৰিব। সচেতন ৰাইজে ৰে’ল বিভাগৰ এনে কাৰ্য্যৰ শলাগ লৈছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like