নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় মেডিকেলৰ চিকিৎসক হত্যাকাণ্ডৰ ৯ বছৰঃ চূড়ান্ত ৰায়দান অহা ১৭ মে’ত

  • নৃশংসভাবে হত্যা কৰা হৈছিল ডাঃ সৰিতা তচনিৱালক

নিয়মীয়া বাৰ্তা, ১২মেঃ ডিব্ৰুগড় মেডিকেলৰ চিকিৎসক হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায়দান প্ৰদান কৰাৰ কথা আছিল যদিও সেয়া অহা ১৭ মে’ত নিৰ্দ্ধাৰণ কৰা হৈছে।প্ৰায় ৯ বছৰৰ পূৰ্বে
এক শিহৰণকাৰী তথা নৃশংস হত্যাকাণ্ডই জোকাৰি গৈছিল ৰাজ্যৰ লগতে সমগ্ৰ দেশ।প্ৰতিবাদৰে উত্তাল হৈ পৰিছিল সমগ্ৰ অসম।অভিযুক্তৰ ফাঁচীৰ দাবীত ক্ষোভৰ দাবানলে কঁপাই তুলিছিল ৰাজ্যৰ চৌদিশ।ঐতিহাসিক অসম মেডিকেল কলেজৰ প্ৰসূতি বিভাগতেই সংঘটিত হৈছিল আজিৰ পৰা ৯ বছৰৰ পূৰ্বে উক্ত লোমহৰ্ষক হত্যাকাণ্ড।এগৰাকী প্ৰতিভাসম্পন্ন,নিৰ্জু চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উঠিছিল।অসম মেডিকেল কলেজৰ চিকিৎসক ডাঃ সৰিতা তচনিৱালক ২০১৪ চনৰ ৯ মে’ৰ দিনা ধৰ্ষণ কৰি অতি নিৰ্মমভাবে হত্যা কৰিছিল।উক্ত হত্যাকাণ্ডৰ বাবে মেডিকেলৰে চিকিৎসক ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰু মেছক প্ৰধান অভিযুক্ত হিচাপে চিনাক্ত কৰি তেতিয়াই হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত দুয়ো জামিন লাভ কৰিছিল।সুদীৰ্ঘকাল দুয়োপক্ষৰ শুনানি,বাদ-বিবাদ,মোকৰ্দ্দমাৰ পাছত সেই গোচৰৰ ৰায়দান ডিব্ৰুগড় জিলা আৰু চেচন ন্যায়াধীশ আদালতে আজি চূড়ান্ত ৰায়দান প্ৰদানৰ সম্ভাৱনাৰ কথা আছিল যদিও ঘটনাৰ অন্যতম অভিযুক্ত কিৰু মেছে কিছু অসুবিধাৰ বাবেই আদালতত উপস্থিত থাকিব নোৱাৰিলে বুলি অভিযুক্তৰ অধিবক্তা শ্যামল শীলে সংবাদ মাধ্যমৰ আগত কয় যে আদালতত যথাবিধি অনুযায়ী তথা সময়মতে প্ৰতিটো তাৰিখত তেওঁলোক উপস্থিত আছিল।আদালতে নিশ্চয়কৈ ন্যায় প্ৰদান কৰিব বুলিও অধিবক্তা গৰাকীয়ে সাংবাদিকৰ আগত আজি সদৰী কৰে।যাৰ বাবে আগন্তুক ১৭ মে’ তাৰিখ ৰায়দানৰ বাবে নিশ্চিত কৰা বুলি অভিযুক্ত পক্ষৰ অধিবক্তাই সদৰী কৰে।ফলত চিকিৎসক সৰিতা তচনিৱালৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান, সুৰ্দীঘ ৯ বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি চূড়ান্ত ৰায়দানৰ সম্ভাৱনা আছিল যদিও অহা ১৭ মে’লৈ পিছুৱাই দিয়া হয়।উল্লেখ্য যে সেই সময়ত ঘটনাৰ সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত ভাৰতীয় দণ্ড বিধিৰ ৩০২ ধাৰাত ৩৭০/১৪ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছিল।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like