নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ খামাৰ নৱৰূপ পুথিভঁৰালৰ উদ্যোগৰ বিহুত গীত মাত নৃত্যৰ বৰ্ণিল কাৰ্য্যসূচীৰ সমাহাৰ

 

নিয়মীয়া বাৰ্তা ;১৪ মে’ – অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন বিহুক ৰাজ্য চৰকাৰে গিনিছ ৰেকৰ্ড কৰা আনন্দত মতলীয়া হৈ পৰিছে বিহু ববীয়া ৰাইজ। এই খৱৰে কামৰূপ জিলাৰ বকোৰ খামাৰতো সমগ্ৰ ৰাইজক উৎসাহিত কৰিছে। সেয়ে খামাৰ নৱৰূপ পুথিভঁৰালৰ উদ্যোগৰ ২৯ ব’হাগ অৰ্থাৎ ১৩ মে’ত দিনযোৰা কাৰ্য্যসুচীৰে উদযাপন কৰে ৰঙালী বিহু সন্মিলন। খামাৰ নৱৰূপ পুথিভঁৰাল আৰু ৰাইজৰ সহযোগত উদযাপন কৰা বিহুৰ কাৰ্য্যসূচী অনুসৰি বিহু উদযাপন সমিতিৰ সভাপতি গোপাল দলৈয়ে পতাকা উত্তোলন কৰে ;গছ পুলি ৰোপন কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া সতীশ দলৈয়ে আৰু শ্বহীদ তৰ্পণ কৰে বিশিষ্ট শিল্পী তথা সমাজ কৰ্মী ভাৰত চৌধুৰীয়। দিনৰ ভাগত মুকলি খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া পৰত বিহুৰ সাংস্কৃতিক মঞ্চত বন্তি প্ৰজ্বলন কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ সুমিত ৰাভাই আৰু সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰে বিশিষ্ট সমাজ সংগঠক যতীন পাঠক বাপে। সাংস্কৃতিক মঞ্চ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতিপ্ৰসাদ দাস ; সংহত জনজাতীয় উন্নয়ণ প্ৰকল্পৰ অধ্যক্ষা লাৱন্য বড়োকে ধৰি বহু কেইজন বিশিষ্ট অতিথি। যুৱ সাংবাদিক গোবিন্দ দলৈয়ে আত ধৰা অনুস্থানত সহযোগ কৰে সম্পাদক দ্বয় মনোজ ক্ৰামচা আৰু ইন্দ্ৰজিৎ দাসে। ইফালে বৰ্ণাঢ্য কাৰ্য্যসুচীৰে আয়োজন কৰা বিহুত নিশা হোৱা সাংস্কৃতিক অনুষ্ঠানত গীত মাত নৃত্যৰ সমাহাৰে ৰাইজৰ মাজত উৎসাহ উদ্দীপনাই পৰিবেশ মধুৰ কৰিছে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like