নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ কবু চাপৰি সংৰক্ষিত বনাঞ্চলৰ বনভূমি এৰিবলৈ নিৰ্দেশ প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, ১৬ মে : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ জোনাইতো বন বিভাগৰ জাননী৷ জোনাইৰ প্ৰস্তাৱিত কবু চাপৰি সংৰক্ষিত বনাঞ্চলত যুগ যুগ ধৰি বসবাস কৰি থকা পৰিয়াল সকলক অসম চৰকাৰৰ বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ উন্নয়ন বিভাগে নিৰ্দেশ দিয়াৰ পিছতে সোমবাৰে জোনাই আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা দলে ঘৰে ঘৰে গৈ এসপ্তাহৰ ভিতৰত বনভূমি এৰি খালী কৰি দিবলৈ জাননী প্ৰেৰণ কৰে। উক্ত সময়সীমাৰ ভিতৰত যদি কোনো পৰিয়ালে স্ব-ইচ্ছাৰে বনভূমি বেদখল মুক্ত নকৰে তেন্তে বনাঞ্চল সংৰক্ষণ আৰু পৰিৱেশ উন্নয়ণৰ স্বাৰ্থত বন আইন অনুসৰি বিভাগীয়ভাৱে উচ্ছেদ কৰা হ’ব বুলি জানিবলৈ দিয়ে বে-দখলকাৰী পৰিয়ালক। ইফালে বনবিভাগৰ জাননী লাভ কৰাৰ পিছত ক্ষোভিত হৈ পৰিছে কবু চাপৰিৰ বাসিন্দা সকল৷ বানে বিধ্বস্ত কৰা কবু চাপৰিত যুগ যুগ ধৰি বসবাস কৰি থকাৰ পিছত বন বিভাগে হঠাৎ বনাঞ্চল এৰিবলৈ জাননী দিয়াত ক্ষোভিত হৈ পৰিছে৷  গুলীয়াই মাৰিলেও নিজৰ জন্ম ভূমি এৰি নাযায় বুলি হুংকাৰ দিয়ে কবু চাপৰিৰ বাসিন্দা সকলে৷ চৰকাৰৰ এই জাননীক কোনো পধ্যেই গ্ৰহনযোগ্য নহয় বুলি দাবী কৰিছে কবু চাপৰিৰ ৰাইজে৷
প্ৰেৰক কৰবী দলে
You might also like