নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দোমোজাত কংগ্ৰেছ : শিৱকুমাৰ নে ছিদ্দাৰামায়া : সিদ্ধান্তত লগা নাই মোহৰ

বিশেষ বাৰ্তা, ১৬ মেঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ পিছত এতিয়া কংগ্ৰেছৰ সন্মুখত এক নতুন সমস্যাৰ সৃষ্টি হৈছে। সমস্যাৰ বিষয় পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচন। নিৰ্বাচনৰ ফলাফলৰ তিনি দিন পিছতো মুখ্যমন্ত্ৰীৰ নাম সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লব পৰা নাই কংগ্ৰেছ হাইকমাণ্ড। এফালে কৰ্ণাটকৰ ৰাজ্যিক সভাপতি হিচাপে দলৰ বিজয়ৰ নায়ক হিচাপে আত্মপ্ৰকাশ কৰা ডি কে শিৱকুমাৰ আৰু আনফালে বিধায়কসকলৰ অভিজ্ঞতা আৰু সমৰ্থন অধিক থকা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া। এনে পৰিস্থিতিত কংগ্ৰেছে যদি সঠিকভাৱে সিদ্ধান্ত নলয়, তেন্তে কৰ্ণাটকতো ৰাজস্থানৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। এনে সময়ত হয়তো দলৰ হাইকমাণ্ডে ডি কে শিৱকুমাৰক ক’ব লাগে যে তেওঁৰ হাতত এতিয়াও সময় আছে। এনে পৰিস্থিতিত তেওঁক ডেৰ-দুবছৰৰ পিছত বা পৰৱৰ্তী সময়ত সুযোগ দিব পাৰি। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ বাবে সিদ্দাৰমাইয়া আৰু ডি কে শিৱকুমাৰে দাবী উত্থাপন কৰিছে যদিও সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰিলে সিদ্ধাৰমাইয়াই আগবাঢ়ি আছে। কৰ্ণাটকত চৰকাৰ গঠনৰ সূত্ৰৰ ওপৰত ভিত্তি কৰিয়ে সিদ্ধান্ত লব কংগ্ৰেছে। এইপৰ্যন্ত যি তথ্য ওলাইছে সেই অনুসৰি পুনৰ এবাৰ ছিদ্দাৰমায়াক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব পাৰে। সেই ফালৰ পৰা ডি কে শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰীৰ পদ দিয়া হ’ব। ইয়াৰ সমান্তৰালকৈ ডি কে শিৱকুমাৰৰ হাতত ৰাজ্যত দলৰ দায়িত্বও থাকিব, অৰ্থাৎ তেওঁ ৰাজ্য কংগ্ৰেছৰ সভাপতিও হ’ব। অৱশ্যে এই সন্দৰ্ভত সিদ্ধান্ত ল’ব লগা হৈছে মল্লিকাৰ্জুন খাৰ্গেই। ইয়াৰ পূৰ্বে দেওবাৰে কংগ্ৰেছ বিধানসভা দলৰ বৈঠকত কংগ্ৰেছৰ কেন্দ্ৰীয় পৰ্যবেক্ষকসকলে মুখ্যমন্ত্ৰী পদৰ সন্দৰ্ভত তেওঁলোকৰ মতামত বিচাৰিছিল। ইয়াত বিধায়কসকলৰ সৈতে পৃথকে পৃথকে মৌখিক আলোচনা অনুষ্ঠিত হয়। ইয়াৰ সমান্তৰালকৈ বিধায়কসকলৰ বাবে গোপনে ভোটদান কৰা হৈছিল। সোমবাৰে তিনিওজন কেন্দ্ৰীয় পৰ্যবেক্ষকে বিধায়কসকলৰ গোপন শ্লিপ লৈ নতুন দিল্লীত উপস্থিত হৈ দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক বিধায়কসকলৰ মতামত সন্দৰ্ভত অৱগত কৰে।

You might also like