নিয়মীয়া বাৰ্তা, ১৭ মেঃ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে কালি নলবাৰী মেডিকেল কলেজৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে ডাঃ বাবুল বেজবৰুৱাক। পুৰ্বৰ অধ্যক্ষ ডাঃ যোগেশ শৰ্মা শাৰীৰিক অসুস্থৰ বাবে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা হেতুকে অসম চৰকাৰে বেজবৰুৱাক নলবাৰী মেডিকেল কলেজৰ অধ্যক্ষ হিচাপে নিয়ুক্তি দিয়ে। উল্লেখ্য যে ইয়াৰ আগতে ডাঃ বেজবৰুৱা শিলচৰ মেডিকেল কলেজত সেৱা আগবঢ়াই আছিল। আজি নলবাৰী মেডিকেল কলেজত এক সম্বৰ্ধনা অনুষ্ঠান আয়োজিত কৰা হয়। মেডিকেল কলেজৰ পৰিয়াল বৰ্গই অধ্যক্ষ ডাঃ শৰ্মাক বিদায় সম্বৰ্ধনা জনোৱাৰ লগতে নলবাৰী মেডিকেল কলেজৰ নতুন অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাক অভিনন্দন জ্ঞাপন কৰে। ইফালে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে দল-সংগঠনে আজি নলবাৰী মেডিকেল কলেজত উপস্থিত হৈ নতুন অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে পুৰ্বৰ অধ্যক্ষ ডাঃ যোগেশ শৰ্মাই নতুনকৈ নিৰ্মাণ কৰা মেডিকেল কলেজ হস্পিটেলখন সম্পূৰ্ণ কৰিবলৈ অপ্ৰাণ প্ৰচেষ্টা কৰিছিল, যাৰ ফলত নলবাৰী মেডিকেল কলেজখন কিছু পৰিমাণে হলেও ঠন ধৰি উঠিছিল। এতিয়া নৱনিযুক্ত অধ্যক্ষ ডাঃ বেজবৰুৱাই নলবাৰী মেডিকেল কলেজখনক কি ৰূপ দিয়ে সেয়া লক্ষণীয় হব।
প্ৰেৰক বীৰেন কলিতা