নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুজৰাটৰ গভীৰ অৰণ্যত সন্ধান পোৱা গ’ল পাঁচ হাজাৰ বছৰ পুৰণি সভ্যতাৰ

নিয়মীয়া বাৰ্তা, ২০ মে’: গুজৰাটৰ দেৱগড় বৰিয়াৰ বনাঞ্চলৰ ঐতিহাসিক গুৰুত্ব অপৰিসীম৷ পূর্বেও মধ্যপ্রস্তৰ যুগৰ বহু প্রত্নতাত্ত্বিক নিদর্শনৰ সন্ধান পোৱা গৈছে এই বনাঞ্চল আৰু ইয়াৰ সৈতে সংলগ্ণ অঞ্চলত৷ এইবাৰ সেই দেৱগড় বৰিয়াতেই নতুনকৈ সন্ধান পোৱা গ’ল ৫০০০ বছৰ পুৰণি এক সভ্যতাৰ৷ দেৱগড় বৰিয়াৰ অৰণ্য ভালুকৰ বাবে বিখ্যাত৷ কিন্তু এই অৰণ্য তথা ইয়াৰ সমীপৱর্তী অঞ্চল ঐতিহাসিক সংস্কৃতি তথা সভ্যতাৰ ভাণ্ডাৰ৷ অলপতে গুজৰাট বন বিভাগৰ কর্মীৰ এটা দলে দেৱগড়ৰ বৰিয়াৰ গভীৰ অৰণ্যত ট্রেকিং কৰিবলৈ গৈছিল৷ এই কর্মীসকলৰে এজন অৰণ্যৰ মাজত থকা এটা গুহাৰ শিলত উজুটি খাই পৰি যায়৷ কিছু উচ্চতাৰ পৰা মাটিত পোত খাই থকা এই পাথৰটোত নজৰ দিয়াৰ লগে লগে তাক শৈল্পিক হাতৰ পৰশ দেখিবলৈ পায় বনকর্মীগৰাকীয়ে৷ অধিক সূক্ষ্মভাৱে পাথৰটোৰ ওপৰত পৰীক্ষা চলোৱাৰ সময়ত আৱিষ্কাৰ হয় ৫ হাজাৰ বছৰৰ পুৰণি সভ্যতাৰ গুহা চিত্র৷ বিষয়টোক অধিক পর্যবেক্ষণৰ বাবে লাহে লাহে গুহাৰ ভিতৰত প্রৱেশ কৰে বনকর্মীসকলে৷ গুহাৰ মাজতো এনেধৰণৰ কেইবাখনো ছবি তেওঁলোকৰ নজৰলৈ আহে৷ কিন্তু গুহাৰ অধিক ভিতৰলৈ প্রৱেশ কৰাৰ লগে লগে বনকর্মীসকল আতংকিত হৈ পৰে৷ তেওঁলোকে দেখিবলৈ পায় যে অমূল্য এই প্রত্নতাত্ত্বিক গুহা চিত্রবোৰক পহৰা দি আছে এটা ভালুকে৷ গুহাৰ ভিতৰৰ এটা কোণত এই ভালুকটো আছিল বুলি বনকর্মীসকলে নিশ্চিত কৰে৷ গুহাটোৰ পৰা উভতি অহাৰ সময়ত বনকর্মীসকলে লগত লৈ আহে কেইবাটাও ছবিসম্বলিত পাথৰ৷ এই পাথৰৰ টুকুৰাবোৰ পৰীক্ষা–নিৰীক্ষা কৰাৰ পাছত প্রত্নতত্ত্ববিদসক নিশ্চিত হয় যে অঞ্চলটোত মধ্যপ্রস্তৰ যুগত মানুহৰ বসবাস আছিল৷ গঢ়ি উঠিছিল এক সভ্যতা৷

You might also like