নিয়মীয়া বার্তা, ১১ ফেব্রুৱাৰীঃ মৰেল পুলিচৰ ৰূপত অৱতীর্ণ এচাম উদণ্ড যুৱকে প্রহাৰ কৰা মৎস্য ব্যৱসায়ী মহচেন আলীৰ মৃত্যুক লৈ নলবাৰীৰ আৰিকুছিত উত্তেজনা অব্যাহত আছে ৷ যুৱকজনৰ মৃতদেহ সোমবাৰে বিয়লি চিকিৎসালয়ৰ পৰা পূব কালাকুছিৰ ঘৰলৈ অনাৰ পাছতে অঞ্চলটোত তীব্র উত্তেজনাৰ সৃষ্টি হয় ৷ উল্লেখ্য যে যোৱা ৬ ফেব্রুৱাৰীত আৰিকুছি চ’কত এখন বাইকৰ সালসলনিক লৈ স্থানীয় একাংশ লোকে মৎস্য ব্যৱসায়ী যুৱকজনক প্রহাৰ কৰিছিল ৷ মুমূর্ষ অৱস্থাত পৰিয়ালৰ লোকে মহচেনক ততাতৈয়াকৈ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱায় ৷ কিন্তু অৱস্থা অতি সংকটজনক হোৱাত নিশাই আমিনগাঁৱৰ নাৰায়না মাল্টি স্পেচিয়েলিটী হাস্পতাললৈ লৈ যায় ৷ উক্ত চিকিৎসালয়খনতে চিকিৎসাধীন অৱস্থাত দেওবাৰে পুৱা প্রায় পাঁচ বজাত মৃত্যুক সাবটি লয় দুটা সন্তানৰ পিতৃ মহচেন আলীয়ে ৷ যুৱকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অঞ্চলটোত উত্তেজনাময় পৰিৱেশ সৃষ্টি হয় ৷
ইপিনে, সোমবাৰে জি এম চি এইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বিয়লিৰ ভাগত যুৱকজনৰ মৃতদেহ নিজ গৃহলৈ অনাৰ পাছতে অঞ্চলটোৰ লোকসকল অধিক উত্তেজিত হৈ পৰে ৷ যুৱকজনৰ মৃতদেহ লৈ পৰিয়াল, আত্মীয় আৰু অঞ্চলটোৰ শ শ লোক ওলাই আহি এই হত্যাকাণ্ডৰ প্রতিবাদ জনোৱাৰ লগতে অভিযুক্তক গ্রেপ্তাৰৰ দাবী জনায় ৷ অৱশ্যে মৃতদেহ আহি পোৱাৰ পূর্বৰে পৰা অঞ্চলটোত মোতায়েন কৰি ৰখা আৰক্ষী আৰু অর্ধসামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে পূব কালাকুছি গাঁৱৰ মহচেন আলীয়ে (৩৫) যোৱা ৬ ফেব্রুৱাৰীৰ সন্ধিয়া ঘৰৰ ওচৰৰে পোহাৰ আলী নামৰ লোকজনৰ পালছাৰ বাইকখন লৈ আৰিকুছি চ’কলৈ গৈ বজাৰ কৰাৰ লগতে চৰকাৰীভাৱে লাভ কৰা পিএমৱাই ঘৰৰ কাঠ কিনাৰ বাবে লগত ৩৫ হাজাৰ টকা লৈ গৈছিল ৷ আৰিকুছি চ’কৰ মৃদুল চক্রৱর্তীৰ দোকানৰ সন্মুখত বাইকখন ৰখাই কাঠ বিচাৰি যোৱাৰ লগতে কিছু বজাৰো কৰে ৷ ইপিনে বজাৰ–সমাৰ কৰি উভতি আহি ভুলবশতঃ ওচৰতে থকা অন্য এখন পালছাৰ বাইকত উঠি চাবি লগোৱাৰ লগে লগে কেইজনমান যুৱকে আক্রমণ কৰে ৷ উল্লেখনীয় যে ভুলতে আনৰ মটৰচাইকেলত উঠা বুলি যুৱকজনে জনাৰ লগে লগে হাতযোৰ কৰি ক্ষমা খোজাৰ পাছতো মৰেল পুলিচধাৰী যুৱককেইজনে প্রহাৰ কৰিছিল মহচেন আলীক ৷ ইপিনে, পৰিয়ালৰ লোকে নলবাৰী সদৰ থানাত এই আক্রমণৰ ঘটনাত তৰমাথা গাঁৱৰ বিচিত্র তালুকদাৰ আৰু আৰিকুছি গাঁৱৰ মৃদুল চক্রৱর্তী, কমল বৈশ্য আৰু পার্থ মজুমদাৰ জড়িত থকা বুলি এজাহাৰ দিয়ে৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিচিত্র তালুকদাৰ (২৭) আৰু মৃদুল চক্রৱর্তী (৫১)ক গ্রেপ্তাৰ কৰে ৷