নিয়মীয়া বাৰ্তা, ২২ মেঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত বিগত বৰ্ষসমুহৰ তুলনাত এই বছৰৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক। পাৰ হৈ যোৱা ২০২১ চনৰ কৰণা মহামাৰীৰ সময় ছোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পৰিসংখ্যা বাদ দিলে চলিত বছৰৰ উত্তীৰ্ণৰ হাৰ সৰ্বোচ্চ ৭২.৬৯ শতাংশ। ইয়াৰ আগত মাত্ৰ দুবছৰ উত্তীৰ্ণৰ হাৰে ৭০ শতাংশ পৰিসংখ্যা পাৰ কৰিবলৈ সক্ষম হৈছিল। ২০১১ আৰু ২০১৩ চনৰ ফলাফলত এই হাৰ আছিল ক্ৰমে ৭০.৩৮ শতাংশ আৰু ৭০.৭১ শতাংশ। এইবাৰৰ ফলাফলত এক লক্ষণীয় দিশ হৈছে বিগত বছৰত চিৰাং জিলা উত্তীৰ্ণৰ হাৰত সৰ্বনিম্নত থকাৰ বিপৰীতে এইবাৰ চিৰাং জিলাই ৮৮.৬৮ শতাংশৰ হাৰেৰে উত্তীৰ্ণৰ হাৰৰ তালিকাত প্ৰথম স্থান দখল কৰে। বিগত বছৰত চিৰাং জিলাৰ উত্তীৰ্ণৰ হাৰ আছিল মাত্ৰ ৩৪.২৭ শতাংশ। আনহাতে সামগ্ৰিক উত্তীৰ্ণৰ হাৰে চাহ বাগান এলেকাত এতিয়াও শিক্ষাৰ অনগ্ৰসৰতাৰ ছবিখন পৰিস্ফুট কৰি তুলিছে। এই বছৰ চেবাই প্ৰকাশ কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দেখা যায় যে জেনেৰেল, অবিচি, অনুসূচিত জাতি, অনুসূচিত জনজাতি আদিৰ তুলনাত চাহ বাগান অঞ্চলত এতিয়াও উত্তীৰ্ণৰ হাৰ চকুত লগা ধৰণে পিচ পৰা ধৰণৰ। আনহে নালাগে বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰৰ তুলনাত চাহ বাগানৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ যঠেষ্ট কম।চলিত বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত চাহ বাগান এলেকাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ১৩৩০৬গৰাকী। ইয়াৰে ৫২২১গৰাকী ছাত্ৰৰ বিপৰীতে ছাত্ৰী আছিল ৭৫৮৫ গৰাকী। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে ফলাফল ঘোষণা কৰা এই বছৰৰ পৰীক্ষাত চাহ বাগান এলেকাৰ ৬৬৬৭ গৰাকী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। উত্তীৰ্ণৰ হাৰ ৪৯.৯৫ শতাংশ। চাহ বাগান এলেকাত শিক্ষাৰ পোহৰ বিলাবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত কেইবাটাও দিশত বিভিন্ন উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো এনে উত্তীৰ্ণৰ হাৰে কিহৰ ইংগিত দিছে ইয়াক লৈ বৌদ্ধিক মহলৰ মাজত চৰ্চা চলিছে। ইয়াৰ বিপৰীতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত জেনেৰেল শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৭৪.২৯ শতাংশ, অবিচিৰ ৭৩.৪১ শতাংশ, এমঅবিচিৰ ৭২.৯৮ শতাংশ, অনুসূচিত জাতিৰ ৬৬.৭৬ শতাংশ, অনুসূচিত জনজাতি (ভৈয়াম) ৭৫.৬৯ শতাংশ, আৰু অনুসূচিত জনজাতি (পাৰ্বত্য) ৭২.৪৭ শতাংশ। আনহে নালাগে এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বিশেষভাৱে সক্ষম ৫৮৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৬২.৮৪ শতাংশ হাৰেৰে ৩৬৭ গৰাকী উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।এই উত্তীৰ্ণৰ হাৰো চাহ চাহ বাগান শ্ৰেণীৰ তুলনাত যথেষ্ট বেচি। বিগত বছৰত ৩৪.২৭ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তালিকাৰ শেষত থকা চিৰাং জিলাৰ এই বছৰৰ ৮৮.৬৮ শতাংশ উত্তীৰ্ণৰ হাৰেৰে তালিকাত প্ৰথম হোৱা যিদৰে এক চকুত লগা দিশ সেইদৰে চাহ বাগান এলেকাৰ ৪৯.৯৫ শতাংশ উত্তীৰ্ণৰ হাৰো যথেষ্ট উদ্বেগজনক বুলি বিবেচনা কৰা হৈছে।
প্ৰেৰক আশ্ৰফুৰ ৰহমান