নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালা তপোবনৰ দিব্যাংগ শিক্ষাৰ্থী পাৰ্থপ্ৰতিম প্ৰথম বিভাগত উত্তীৰ্ণ

নিয়মীয়া বাৰ্তা, ২২ মেঃ সমাজৰ পৰা বহু সময়ত অবহেলিত দিব্যাংগ শিশুসকলৰ আৱাসিক শিক্ষানুষ্ঠান পাঠশালা তপোবন শিশুগৃহৰ বিশেষভাবে সক্ষম এগৰাকী দিব্যাংগ শিক্ষাৰ্থীয়ে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আজি ঘোষিত ফলাফলত সুক্ষ্যাতিৰে উৰ্ত্তীণ হৈ প্ৰমাণ কৰিছে যে শাৰীৰিক বাধাগ্ৰস্ততা সফলতাৰ অন্তৰাই হব নোৱাৰে৷ তপোবনৰ দৃষ্টিহীন দিব্যাংগ শিক্ষাৰ্থী পাৰ্থ প্ৰতীম নাথে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা খবৰে সকলোকে আহ্লাদিত কৰিছে৷ উল্লেখ্য যে বাকসা জিলাৰ জালাহৰ সন্তান দৃষ্টিহীন পাৰ্থপ্ৰতিমে তিনি বছৰ বয়সৰ পৰাই পাঠশালা তপোবন শিশুগৃহত পালিত হৈ আহিছে৷ ব্ৰেইলি পদ্ধতিৰ জৰিয়তে পঢ়া শুনা কৰিব পৰা পাৰ্থ প্ৰতীমে “হেল্পাৰ ৰাইটাৰ”ৰ সহায়ত পাঠশালা হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ সুন্দৰভাৱে কবিতা আবৃত্তি কৰিব পৰা পাৰ্থ প্ৰতীমে ধৈৰ্য্য, একাগ্ৰতা আৰু তপোবনৰ সুযত্নেৰে নিজৰ মেধাৰ পৰিচয় দিবলৈ সক্ষম হোৱাত বজালীৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে৷ আজি এই ফলাফল লাভ কৰাৰ পিছতে তপোবন পৰিয়ালৰ নিষ্পাপ দিব্যাংগ শিশুসকলৰ মাজত আনন্দ বিয়পি পৰে৷ তপোবনৰ অধ্যক্ষ কুমুদ কলিতা সহিতে তপোবন পৰিয়াল তথা বিদ্যানুৰাগী ৰাইজে পাৰ্থপ্ৰতিমৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like