নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিএছচিত ঈৰ্ষণীয় সফলতাৰে পঞ্চম স্থান ময়ূৰ হাজৰিকাৰ

বাৰ্তা ব্যুৰ’, তেজপুৰ, ২৩ মে: ইউ পি এ চিৰ চূড়ান্ত পৰীক্ষাত দেশৰ ভিতৰতে পঞ্চম স্থানেৰে ঈৰ্ষনীয় সফলতাৰে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিলে তেজপুৰ মাজগাঁও শইকীয়া চুবুৰী নিবাসী কৃষ্ণ হাজৰিকা আৰু মৌচুমী বৰা হাজৰিকাৰ পুত্ৰ ডা০ ময়ূৰ হাজৰিকাই । তেজপুৰ লোকনিমাৰ্ণ বিভাগৰ পথ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা হিচাপে দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰি শেহতীয়াকৈ তেজপুৰ সংমণ্ডলৰ এছ ডি অ’ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা কৃষ্ণ হাজৰিকা আৰু মৌচুমী বৰা হাজৰিকাৰ একমাত্ৰ পুত্ৰ সন্তান ময়ূৰ সৰুৰে পৰাই মেধাৱী ছাত্ৰ হিচাপে পৰিগণিত হোৱাৰ বাবেই ২০১৩ বৰ্ষত তেজপুৰ ডনবস্ক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে নগাঁৱৰ ৰামানুজনৰ পৰা ২০১৫ বৰ্ষত মেধাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত পুনৰ নৱম স্থানেৰে জিলিকি উঠিছিল। ইয়াৰ পিছতেই চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰি ২০২১ বৰ্ষত এম বি বি এছ ডিগ্ৰী লাভ কৰে যদিও সৰুৰে পৰা ভাৰতীয় প্ৰশাসনিক বিষয়াৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য থকাই নহয় বৈদেশিক সেৱাৰ লক্ষ্য স্থিৰ কৰি লোৱা ময়ূৰে আজি সেই সপোন যেন বাস্তবায়িত কৰিবলৈ সক্ষম হ’ল ইউ পি এচিৰ কঠিন পৰীক্ষাত পঞ্চম স্থান লাভ কৰি। উল্লেখ্য যে, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰি থকাৰ মাজতে নিজৰ লক্ষ্য পূৰণৰ বাবে কোনো ধৰণৰ ক’চিং আদি নলৈ নিজাববীয়াকৈ ইউ পি এচিৰ প্ৰস্তুতি চলাই অহাই নহয় এম বি বি এছ ডিগ্ৰী লাভৰ পিছত চৰকাৰী কনিষ্ঠ চিকিৎসক হিচাপে জখলাবন্ধাত কৰ্মৰত হৈ থকাৰ সময়ছোৱাতো নিজৰ অধ্যৱসায় আৰু কৃচ্ছ্ৰ সাধনাৰে লক্ষ্য প্ৰাপ্তিৰ বাবে ইউ পি এচিৰ প্ৰস্তুতি চলাই দেশৰ আটাইতকৈ কঠিন পৰীক্ষাটোত এনে ফল প্ৰদৰ্শন কৰি একপ্ৰকাৰ নজিৰ সৃষ্টি কৰি তেজপুৰ তথা অসমবাসীক গৌৰৱাম্বিত কৰি তোলাত আজি ওপজা গাওঁ তেজপুৰ মাজগাঁও শইকীয়া চুবুৰীত এক উছৱমুখৰ পৰিৱেশ বিৰাজ কৰে। ছাত্ৰ অৱস্থাতে মেধাৰ পৰিচয় দিয়া ময়ূৰে বিভিন্ন কুইজ প্ৰতিযোগিতা আৰু বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতাতো কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছিল বুলি আজি ময়ূৰে হাইস্কুলীয়া শিক্ষা লাভ কৰা তেজপুৰৰ ডনবস্ক বিদ্যালয়ৰ অধ্যক্ষ এন্থনী স্বামীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে সাংবাদিকৰ আগত মন্তব্য কৰে। আনহাতে এই ফল ঘোষিত হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যখনতে এক আনন্দৰ জোৱাৰ উঠাৰ লগতে উৎফুল্ল হৈ পৰা পিতৃ-মাতৃয়ে ময়ুৰৰ একাগ্ৰতা আৰু অধ্যৱসায়ী গুণৰ বিষয়ে সদৰী কৰি ময়ূৰে বৈদেশিক সেৱাৰ বাবে সৰুৰে পৰা থকা আগ্ৰহৰ প্ৰসংগ উত্থাপন কৰে। পিতৃ কৃষ্ণ হাজৰিকাই যি চাকৰিতে যোগদান নকৰক কিয় নিকা ভাৱমূৰ্তিৰে অসম মাতৃৰ সেৱা কৰিবলৈ পুত্ৰক আহ্বান জনায়। একেদৰে ময়ূৰেও পঞ্চম স্হান লাভ কৰাৰ বাবে আশা কৰাৰ দৰে বৈদেশিক সেৱাৰ কৰ্মত নিয়োজিত হ’ব পাৰিম বুলি আশা ব্যক্ত কৰি নিজৰ কৰ্ম জীৱনত অসম মাতৃৰ লগতে ওপজা ঠাই তেজপুৰৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সততা বজাই ৰাখি চেষ্টা কৰি যাব বুলি মন্তব্য কৰাৰ লগতে প্ৰয়োজন হ’লে ইউ পি এ চি পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা অসম সন্তানৰ প্ৰতি সহযোগিতা কৰিব বুলি জানিবলৈ দিয়ে। মাতৃ মৌচুমী বৰা হাজৰিকাই ময়ূৰে যিহেতু নিজৰ লক্ষ্য পূৰণ কৰিবলৈ একাগ্ৰতাৰে প্ৰয়াস চলাইছিল এদিন সফলতা লাভ কৰিব বুলি আশা কৰিছিল যদিও এনে এটা স্হান পাব বুলি আশা কৰা নাছিল বুলি মন্তব্য কৰে। উল্লেখ্য যে ফল ঘোষণা হোৱাৰ সময়ত একমাত্ৰ ভগ্নীয়ে নগাঁৱৰ ৰামানুজনত অধ্যয়ন কৰি থকাৰ সূত্ৰে নগাঁৱৰ ভাড়া ঘৰত থকাৰ সময়তেই তেজপুৰ মাজগাঁও শইকীয়া চুবুৰিৰ বাসগৃহৰ সন্মুখত উৎফুল্লিত জনতাই ভিৰ কৰাৰ লগতে বিহুনাচ আদি পৰিৱেশন কৰি গাওঁখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
প্ৰেৰক পুলক কুমাৰ ডেকা
You might also like