নিয়মীয়া বাৰ্তা, ২৩ মেঃ বজালীৰ নিত্যানন্দত সংঘটিত হ’ল মানৱ সমাজক লজ্জানত কৰা এক নিদাৰুণ ঘটনা৷ নিজৰ মাতৃতুল্য শাহুআইৰ হাতত প্ৰহৃত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সম্প্ৰতি মৃত্যুৰে যুজিছে বজালীৰ এগৰাকী বোৱাৰী৷ বজালীৰ নিত্যানন্দৰ এগৰাকী পাষণ হৃদয়ৰ শাহু তৰুলতা দাসৰ প্ৰহাৰত প্ৰহিত হৈ মৃত্যুৰে যুঁজিছে বোৱাৰী শেৱালি দাসে৷ উল্লেখ্য যে চাৰি বছৰ পূৰ্বে সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত শিয়ালমাৰীৰ কন্যা শেৱালি দাসে বৈবাহিক সূত্ৰে নিত্যানন্দৰ বোৱাৰী হৈ আহিছিল৷ একাংশ স্থানীয় লোকৰ অভিযোগ অনুসৰি এটি আঢ়ৈ বছৰীয়া সন্তানৰ মাতৃ তথা অমায়িক স্বভাৱৰ বোৱাৰী শেৱালি দাসক পাষাণ হৃদয়ৰ শাহুআই তৰুলতা দাসে বিয়াৰ পিছৰে পৰা বাৰে বাৰে শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছে৷ আনহাতে তৰুলতা দাসৰ এই কুকাৰ্যত তেওঁৰ বিবাহিতা দুয়োগৰাকী কন্যায়ো মাতৃৰ লগত সহযোগ কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি সঘনাই শাৰীৰিক তথা মানসিক নিৰ্যাতন চলাই অহা পাশান শাহু তৰুলতাই যোৱা দেওবাৰৰ নিশা বোৱাৰীগৰাকীক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰি দুয়োগৰাকী জীয়ৰীৰ সহযোগত ঘটনাটোক দুৰ্ঘটনালৈ ৰূপান্তৰ কৰাৰ চেষ্টা কৰে৷ শৰীৰৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত বোৱাৰীগৰাকীক নিশাৰ ভিতৰতে পাঠশালাৰ শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও কালি তেওঁক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷ কিন্ত মৃত্যুৰ সৈতে যুঁজি থকা শেৱালি দাসক আজি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়৷ ইপিনে এই চাঞ্চল্যকৰ ঘটনাৰ পিছতে শেৱালিৰ পিতৃ গৃহৰ তৰফৰ পৰা পাটাছাৰকুছি থানাত তৰুলতা আৰু তেওঁৰ দুই বিবাহিতা জীয়ৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে৷ আৰক্ষীয়ে শাহু তৰুলতা দাসক আটক কৰিছে যদিও তেওঁৰ দুই কন্যা সম্প্ৰতি পলাতক অৱস্থাত আছে৷ এগৰাকী হৃদয়হীনা শাহুৰ এই কাৰ্যই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰেৰক কল্যাণ কলিতা