নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ কবৰৰ পৰা খান্দি উলিয়ালে ফাইজানৰ মৃতদেহ : কালি বিমানেৰে নিয়া হব কলকাতালৈ!

বিশেষ বাৰ্তা, ২৩ মেঃ অৱশেষত কলকতাৰ উচ্চ ন্যায়লয়ৰ নিৰ্দেশত খড়গপুৰ আইআইটিৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহটো সাত মাহৰ অন্তত আজি ডিব্ৰুগড়ৰ কবৰৰ পৰা খান্দি উলিওৱা হয়।কলকতাত দ্বিতীয় বাৰৰ বাবে পুনৰ ফাইজানৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰা হব।কলকতাৰ উচ্চ ন্যায়লয়ৰ নিৰ্দেশত পৰহি নিশা পশ্চিমবংগ খড়গপুৰ সদৰৰ এটা চাৰিজনীয়া বিশেষ তদন্তকাৰী দল ডিব্ৰুগড়ত উপস্থিত হৈছিল আৰু কালি ডিব্ৰুগড়ৰ সত্ৰ ন্যায়ধীশ আদালতৰ পৰা যাৱতীয় অনুমোদন লাভ কৰাৰ পাছত আজি খড়গপুৰ আইআইটিত মৃত্যু হোৱা ছাত্ৰ ফাইজানৰ চহৰখনৰ আমোলাপট্টী কবৰস্থানৰ কবৰত পুৱা প্ৰায় ১০ বজাত খনন চলায়।খননৰ সময়ত পশ্চিমবংগ খড়গপুৰৰ তদন্তকাৰী বিষয়া বিশ্বৰঞ্জন বেনাৰ্জীসহ চাৰজনীয়া এটা দল,ডিব্ৰুগড়ৰ ফৰেনচিক বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশেষজ্ঞ ডাঃ ৰেনুকা ৰংপি,গুৱাহাটীৰ ফৰেনচিক সঞ্চালকালয়ৰ চাৰিগৰাকী বিশেষজ্ঞ আৰু ফাইজানৰ অভিভাৱক,দণ্ডাধীশ গৌতম প্ৰিয়ম মহন্ত,ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) বিতুল চেতিয়া আৰু কবৰস্থান কমিটিৰ বিষয়ববীয়া উপস্থিত থাকে।দুপৰীয়া প্ৰায় ১২ বজাত মৃতদেহটো সকলোৰে উপস্থিতিত এটা কফিনত ভৰাই অসম মেডিকেল কলেজৰ ফৰেনচিক বিভাগলৈ নিয়া হয়।মৃতদেহটো আজি ফৰেনচিক বিভাগতে ৰখাৰ পাছত কালিলৈ কলকতালৈ বিমানৰে নিয়া হব বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে কলকতাৰ উচ্চ ন্যায়লয়ে খনন পুৱা ৬ বজাত আৰম্ভ কৰি ৯ বজাত শেষ কৰিবলৈকো আদেশত কোৱা হৈছিল।কেৱল সিমানেই নহয়,নিৰ্দেশত এইবুলিও কোৱা হৈছিল যে খননৰ পাছতেই তাৎক্ষণিকভাবে অৰ্থাৎ একেদিনাই মৃতদেহটো পশ্চিমবংগৰ খড়গপুৰ চিকিৎসা মহাবিদ্যালয় তথা হস্পিতালৰ ফৰেনচিকত জমা দিব লাগিব আৰু খননৰ সময়ত কোনো তৃতীয় পক্ষ উপস্থিত থাকিব নোৱাৰিব।এনেস্থলত খননৰ পাছতে তৎকালে মৃতদেহটো কলকতালৈ বিমানেৰে লৈ যোৱাৰ পৰিৱৰ্তে ডিব্ৰুগড়ৰ ফৰেনচিকত ৰাখিব লগা হল কিয় ? সেয়াও তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। আনহাতেদি খননৰ সময়ত আজি পশ্চিমবংগৰ তদন্তকাৰী দল আৰু ফৰেনচিক দলৰ উপৰিও খড়গপুৰ আইআইটিৰ চাৰিজনীয়া দলে অনুমতি নোহোৱাকৈ কিদৰে কবৰস্থানত প্ৰৱেশ কৰিলে সেয়াও লক্ষনীয় বিষয়।যিটো বিষয়ক লৈ আজি একপ্ৰকাৰ উতপ্ত হৈ পৰে খনন চলি থকা আমোলাপট্টী কৱৰস্থানত।তাতে যিগৰাকী হোষ্টেলৰ ৱাৰ্ডেন তথা পঞ্জীয়ক ড° তামাল নাথৰ ওপৰত,ফাইজানৰ অভিভাৱকৰ গুৰুতৰ অভিযোগ আছিল;সেই গৰাকী বিষয়াসহ চাৰিগৰাকীয়ে খনন স্থলীত কলকতাৰ পৰা আহি আশ্বৰ্যজনকভাবে উপস্থিত হোৱাতোৱে বহু ৰহস্যৰ স্বৃষ্টি কৰিছে।এনে অনাধিকাৰ প্ৰৱেশত ফাইজানৰ পিতৃ-মাতৃ একপ্ৰকাৰ খঢ়গহস্ত হৈ পৰে আৰু পৰিৱেশ উতপ্ত কৰি কৱৰস্থানৰ বাহিৰলৈ যাবলৈ বাধ্য কৰে।উপস্থিত থকা সকলো সাংবাদিকে এই বিষয়ত তেওঁলোকক প্ৰশ্ন কৰাত অনুমতি আছে বুলি কলেও একো কাগজ দেখুৱাব নোৱাৰি পলাই পতং দিয়ে।স্বাভাৱিকতেই খড়গপুৰ আইআইটিৰ বিষয়া-কৰ্মচাৰীৰ এনে কাৰ্যই, কলকতা উচ্চ ন্যায়লয়ৰ আদেশক ভেঙুচালি কৰাকে বুজাইছে বুলিও সৰব চৰ্চা চলিছে। আনহাতেদি আজি খননৰ সময়ত উপস্থিত থকা ফাইজানৰ দুৰ্ভগীয়া পিতৃ চেলিম আহমেদ সংবাদ মাধ্যমক অতি আবেগৰে কয়— আজি সাত মাহ হৈ গল।এবাৰো খবৰ নললে।এতিয়া কবৰ খন্দাৰ সময়ত খড়গপুৰৰ পৰা তিনিজন শিক্ষক কিয় আহিছে? আইআইটি খড়গপুৰ পৰা এদিনো আমাৰ বেটাৰ খবৰ নললে।আইআইটিৰ চূড়ান্ত গাফিলতিৰ বাবেই মোৰ লৰাটো হেৰুৱালো।ফাইজানৰ মৃতদেহটো যেনেদৰে পেলাই থৈছিল,মানুহে আনকি কুকৰ মেকুৰীকো মৰাৰ পাছত তেনেদৰে পেলাই নথয়।মানুহক, মানুহে এনে ব্যৱহাৰ কৰে নি?পলিঠিনৰে মেৰিয়াই তাক পকাত পেলাই থৈছিল বুলি হুকহুককৈ উচুপি উঠিছিল দুৰ্ভগীয়া পিতৃ চেলিম।পুনৰ কৈ গল—‘আমাক ন্যায় লাগে!কোনে আৰু কিয় হত্যা কৰিলে তাক আমি জানিবই লাগিব।মোৰ এটাই সন্তান,কিমান কষ্টৰে তাক লিখাই পঢ়াই ডাঙৰ কৰিলো।মেট্ৰিক পাছ কৰাৰ পাছৰে পৰা সি অসমৰ বাহিৰতে পঢ়া শুনা কৰিছিল।মই তাক ৭ বছৰে ভালকৈ লগ পোৱা নাই।যোৱা বছৰ খড়গপুৰ আইআইটিত তাৰ শেষ বৰ্ষ আছিল। ৰিজাল্ট ভাল হব বুলি আমি সকলোৱেই ভাবিছিলো আৰু শেষত ৰিজাল্ট এয়া। কব নোৱাৰাকৈ দুচকুৰে বাগৰি আহিছিল তপত অশ্ৰু।কাৰোৰে লগত যাতে এনে দশা নহওক বুলি কৈ ঘটনাৰ বিষয়ে কয় যে যোৱা বছৰৰ অক্টোবৰৰ ১১তাৰিখে ফাইজানৰ সতে কথা হৈছিল।তাৰ পাছত ১২/১৩ তাৰিখত চুইচ অফ।১৪ তাৰিখে খড়গপুৰ কতৃপক্ষই ফোন কৰি কয়– ফাইজান ইজ ন’ ম’ৰ।বাৰে বাৰে ফোন কৰাত ফোন কাটি পাছত কলে যে ফাইজানে চুইচাইড কৰিছে।লগে লগেই খড়গপুৰলৈ গলো।তাত মেডিকেলত ফাইজানৰ মৃতদেহটো দেখিয়েই চিঞৰি চিঞৰি কলো যে এয়া হত্যা।লৰাৰ মুখত ৰাসায়নিক পদাৰ্থ দি জ্বলাই দিয়া হৈছিল।চকু নাছিল।আমাৰ আশা আছে কলকতা আদালতে আমাক ন্যায় প্ৰদান কৰিব বুলি উল্লেখ কৰি কয় –আমি ন্যায় পাম।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আমাক বহুত সহায় কৰিছে। আশা কৰো যে তেওঁ আমাক আৰু সহায় কৰিব।ৰেগিংৰ বাবেই তাক নৃশংসভাৱে মাৰি পেলালে।ৰেগিংৰ সদায়েই সি বিৰোধ কৰি আহিছিল।সেইবাবেই তাক নিৰ্মমভাৱে হত্যা কৰিলে বুলিও সদৰী কৰি খড়গপুৰ আইআইটিৰ কৰ্মচাৰী,শিক্ষক আনকি আৰক্ষীয়েও বহুত দুৰ্ব্যৱহাৰ কৰাৰ লগতে কোনো গুৰুত্ব প্ৰদানেই নকৰিলে বুলি কৈ মৃতদেহটো ভালদৰে নোথোৱাৰ বাবেই মুখখন বিকৃত হৈ পৰিছিল যাৰ বাবে তাৰ মাক আৰু মই শেষ চুমাটোও দিব নোৱাৰিলো। ইফালে ফাইজানৰ দুৰ্ভগীয়া মাতৃ ৰেহেনা আহমেদে কয় যে মই ইয়াত যথেষ্ট ৰহস্যৰ গোন্ধ পাইছো।চুৰৰ দৰে মনে মনে খড়গপুৰৰ বিষয়া-কৰ্মচাৰী কবৰস্থানলৈ সোমাই গৈছিল।তেওঁলোকৰ কাম কাজতেই সকলো স্পষ্ট হৈছে যে কামবোৰৰ সঠিকভাৱে হোৱা নাই।দুদিনকৈ লৰা ৰূমত পৰি থকাৰ পাছতো কিন্তু ৱাৰ্ডেনজনে কোনো খবৰেই লোৱা নাছিল।এই বিষয়ত প্ৰশ্ন কৰাত ৱাৰ্ডেনে অসুখ হোৱা বুলি কৈ দায়সৰা মন্তব্য দিছিল।যদি ৱাৰ্ডেনৰ অসুখ হৈছিলেই,তেনেহলে বেলগক সেই স্থানত দায়িত্ব দিয়া নহল কিয় বুলি ৰে?সকলো অভিযোগ পোৱাৰ পাছতো ৱাডেন নিচুপ হৈ থাকিল কিয় বুলি মাকে প্ৰশ্ন কৰে। বিগত বষৰ ১৬ অক্টোবৰত ফাইজানক ডিব্ৰুগড়ৰ আমোলাপট্টী কবৰস্থানত সমাধিস্থ কৰা হৈছিল।

প্ৰেৰক বিভাস দুৱৰা

You might also like