নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৭খন দুর্ঘটনাপ্রৱণ জিলালৈ ডিজিপিৰ কাঢ়া নির্দেশ

ৰাজ্যৰ ৭খন দুর্ঘটনাপ্রৱণ জিলালৈ ডিজিপিৰ কাঢ়া নির্দেশ ঃ দুর্ঘটনা প্রতিৰোধ কৰিবলৈ বিশেষ একচন প্লেন প্রস্তুত ঃ সুৰাপান কৰি গাড়ী চলোৱাৰ ক্ষেত্রতো লোৱা হ’ব কঠোৰ ব্যৱস্থা ঃ নগাঁও–কামৰূপ (ম)–বৰপেটা–কামৰূপ–শ্ জিলাক বিশেষ পৰিকল্পনা ল’বলৈ নির্দেশ
বিশেষ বাৰ্তা, ৩১ মেঃ  ৰাজপথত সংঘটিত দুর্ঘটনাক লৈ সৃষ্টি হয় নানা চর্চা তথা অভিযোগো৷ এনে দুর্ঘটনা প্রতিৰোধৰ বাবে প্রশাসন–আৰক্ষীয়ে কঠোৰ স্থিতি কিয় গ্রহণ কৰিব নোৱাৰে, তাক লৈও নানা প্রশ্ন উত্থাপন হৈছে৷ বিষয়টোক লৈ সৃষ্টি হোৱা এনেবোৰ প্রতিক্রিয়াৰ মাজতে ৰাজ্যৰ ৭খন জিলা দুর্ঘটনাপ্রৱণ জিলা বুলি চিহ্ণিত কৰিছে অসম আৰক্ষীয়ে৷ দেওবাৰে নিশা জালুকবাৰীত সংঘটিত ভয়াৱহ দুর্ঘটনাৰ পাছতে আজি মহানগৰীৰ উলুবাৰীস্থিত আৰক্ষী সঞ্চালকপ্রধানৰ কার্যালয়ত অনুষ্ঠত হয় এক গুৰুত্বপূর্ণ বৈঠক৷ মুখ্যতঃ ৰাষ্ট্রীয় ঘাইপথ তথা ৰাজপথত সংঘটিত দুর্ঘটনা কিদৰে প্রতিৰোধ কৰিব পাৰি সেই সন্দর্ভত শীর্ষ আৰক্ষী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকৰ পাছতে আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে ৰাজ্যৰ ৭খন জিলালৈ প্রেৰণ কৰে বিশেষ নির্দেশ৷ দুর্ঘটনাপ্রৱণ জিলা বুলি চিহ্ণিত হোৱা জিলাকেইখন হ’ল– নগাঁও, কামৰূপ (ম), বৰপেটা, কামৰূপ, শোণিতপুৰ, ধেমাজি আৰু নলবাৰী৷ দুর্ঘটনা সংঘটিত হোৱা জিলাৰ ভিতৰত শীর্ষত আছে নগাঁও জিলা৷ ইয়াৰ পাছতে আছে কামৰূপ (ম), বৰপেটা, শোণিতপুৰ, কামৰূপ, ধেমাজি আৰু নলবাৰী৷ এই ৭ জিলাত দুর্ঘটনা কিদৰে ৰোধ কৰিব পাৰি তাৰ বাবে একচন প্লেন গ্রহণৰ বাবেও আজি আৰক্ষী সঞ্চালকপ্রধানে নির্দেশ দিয়ে৷ ইতিমধ্যে এই জিলাকেইখনৰ পৰা সংগ্রহ কৰা তথ্যৰ আধাৰতে সর্বাধিক দুর্ঘটনা সংঘটিত হোৱা জিলা বুলি চিহ্ণিত কৰা হৈছে৷ মন কৰিবলগীয়া যে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ৰ তথ্য অনুসৰি ২০২১ চনত পথ দুর্ঘটনাত ১.৫ লাখ লোক নিহত হৈছিল৷ আনহাতে, ৩.৮৪ লাখ লোক ৰাষ্ট্রীয় ঘাইপথৰ দুর্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল৷ স্বাভাৱিকতে এই বিষয়টোৱে উদ্বিগ্ন কৰি তুলিছে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক৷ ৰাষ্ট্রীয় ঘাইপথৰ দুর্ঘটনা কিদৰে প্রতিৰোধ কৰিব পাৰি সেই সন্দর্ভত কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক ব্যৱস্থা গ্রহণৰ বাবেও পৰামর্শ দিছিল৷ উক্ত পৰামর্শৰ ভিত্তিতে আৰক্ষীয়ে দুর্ঘটনাপ্রৱণ অঞ্চল হিচাপে ৰাজ্যৰ বিভিন্ন অঞ্চল চিনাক্ত কৰি চালকসকলক ফলকৰ জৰিয়তে এইক্ষেত্রত সজাগ–সাৱধান হোৱাৰ বার্তা প্রেৰণ কৰি আহিছে৷ কিন্তু সেয়া যেন এতিয়া অমূলক হৈ পৰিছে৷ এনেবোৰ ব্যৱস্থাৰ পাছতো ৰাষ্ট্রীয় ঘাইপথত প্রতিদিনে বৃদ্ধি পাইছে দুর্ঘটনা৷ একাংশ মদ্যপায়ী চালকৰ বাবে তথা আন একাধিক কাৰকৰ বাবেই দুর্ঘটনাৰ সংখ্যা বৃদ্ধি হোৱা বিষয়টোৱে সৃষ্টি কৰি আহিছে উদ্বিগ্ণতা৷ ৭জনকৈ অভিযান্ত্রিক মহাবিদ্যালয়ৰ ছাত্র নিহত হোৱাৰ পাছত বিষয়টোক লৈ অসম আৰক্ষী তৎপৰ হৈ পৰে৷ চিনাক্ত হোৱা দুর্ঘটনাপ্রৱণ ৭ জিলাত দুর্ঘটনা প্রতিৰোধৰ বাবে বিশেষ একচন প্লেন প্রস্তুতৰ বাবে ইতিমধ্যে নির্দেশ দিছে আৰক্ষী সঞ্চালকপ্রধানে৷ এইক্ষেত্রত পথত বাহনৰ গতিবেগ ৰোধ কৰা, চালক সুৰাপায়ী নেকি তাক পৰীক্ষা কৰাকে ধৰি কেইবাটাও ব্যৱস্থা গ্রহণৰ নির্দেশ দিয়া হৈছে৷ ইফালে, দেওবাৰে নিশা সংঘটিত ঘটনাৰ পাছতে সৃষ্টি হোৱা প্রতিক্রিয়াৰ পাছত আৰক্ষী আৰু পৰিবহণ বিভাগ তৎপৰ হৈ পৰিছে৷ কালি নিশা যান–বাহন আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰে৷ আনকি আৰক্ষী সঞ্চালকপ্রধানে সুৰা সেৱন কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈও আৰক্ষীক নির্দেশ দিছে৷

You might also like