নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহৰ ভিতৰত উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ সম্ভাৱনা!

বিশেষ বাৰ্তা, ৩১ মেঃ উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষাৰ ফলাফল এসপ্তাহৰ ভিতৰত প্রকাশৰ সম্ভাৱনা আছে৷ আজি জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই ইংগিত দিয়ে। তেওঁ কয় যে ফলাফল ঘোষণা অহা তিনি–চাৰি দিনতো হ’ব পাৰে, সাত দিনো লাগিব পাৰে৷ ফলাফল এই মুহূর্তলৈ প্রস্তুত হোৱা নাই বাবেই ফলাফল প্রকাশ কৰা নাই৷ কিন্তু সময় মতে কোনোবা এদিন ফলাফল প্রকাশ পাব৷ অসম মাধ্যমিক শিক্ষা সংসদে ফলাফল প্রকাশ কৰিবলৈ এতিয়ালৈ সাজু হোৱা নাই৷ ফলাফল প্রকাশৰ ক্ষেত্রত চৰকাৰে শিক্ষা সংসদক হেঁচা দিয়া নাই৷ কাৰণ শিক্ষা সংসদক ফলাফল প্রকাশৰ বাবে হেঁচা দিলে মানসিক হেঁচাত ভুল ফলাফল প্রকাশ পাব পাৰে৷ তেতিয়া ভুল ফলাফলৰ বাবে বহুতৰে জীৱন ধ্বংস হ’ব৷ ফলাফল প্রকাশৰ সময় যিহেতু উকলি যোৱা নাই, সেয়ে চৰকাৰে সুচাৰুৰূপে ফলাফল প্রকাশ পোৱাটো বিচাৰিছে৷

You might also like