নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰিয়হ ক্রয়ৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ : দুগ্ধপালকক লিটাৰেপতি ৫ টকাকৈ ৰাজসাহায্য

বিশেষ বাৰ্তা, ৩১ মেঃ ধানৰ পাছত এইবাৰ সৰিয়হ ক্রয়ৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ ৷ লগতে দুগ্ধপালকক প্রতিলিটাৰ গাখীৰৰ বিপৰীতে চৰকাৰে ৫টকাকৈ ৰাজসাহায্য প্রদান কৰিব৷ আজি জনতা ভৱনৰ মুখ্যমন্ত্রীৰ সভাগৃহত আয়োজিত সংবাদ মেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই বিষয়ে প্রকাশ কৰে৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান ৰাজ্যখনত প্রতি কুইণ্টল সৰিয়হ মুকলি বজাৰত ৪,৫০০টকাত বিক্রী হৈ আছে৷ সৰিয়হ উৎপাদন কৰা কৃষকসকলে যাতে উচিত মূল্য লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে ন্যূনতম সমর্থনমূল্যত সৰিয়হ ক্রয়ৰ সিদ্ধান্ত লৈছে৷ এতিয়াৰে পৰা প্রতি কুইণ্টল সৰিয়হৰ বিপৰীতে নূ্যনতম সমর্থনমূল্য ৫,৪৫০ টকা ধার্য কৰা হৈছে৷ ইয়াৰ ফলত কৃষকসকলে প্রতি কুইণ্টল সৰিয়হৰ বিপৰীতে প্রায় এহেজাৰ টকাকৈ অধিক মূল্য লাভ কৰিব৷ ৰহা আৰু আমিনগাঁৱত ইতিমধ্যে দুটা সৰিয়হ ক্রয় কেন্দ্র স্থান কৰা হৈছে৷ শেহতীয়াকৈ ধান ক্রয় কেন্দ্রসমূহত সৰিয়হ ক্রয়ৰো সিদ্ধান্ত লোৱা হৈছে৷ বর্তমান ৰাজ্যখনত ৯২টা ধান ক্রয় কেন্দ্র আছে৷ কৃষি বিভাগৰ অধীনত আৰু ৯টা কেন্দ্র স্থাপন কৰি এসপ্তাহৰ ভিতৰত মুঠ ১০১টা কেন্দ্রৰ জৰিয়তে সৰিয়হ ক্রয়ৰ কাম আৰম্ভ কৰা হ’ব৷ ধান বিক্রীৰ ক্ষেত্রত কৃষকসকলে কৃষি উন্নয়ন বিষয়াৰ পৰা যিদৰে কৃষকৰ চার্টিফিকেট লৈছিল, সৰিয়হ বিক্রীৰ ক্ষেত্রতো তেনেদৰে কৃষকৰ চার্টিফিকেট সংগ্রহ কৰিব লাগিব৷ নূ্যনতম সমর্থন মূল্যত কৃষকৰ পৰা চৰকাৰে ক্রয় কৰা সৰিয়হ নাফেডক বিক্রী কৰিব৷ আনহাতে সৰিয়হ বিক্রীৰ পাছত কৃষকসকলৰ একাউণ্টত তিনিদিনৰ ভিতৰত ধন জমা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবছৰ ৰাজ্যখনত চৰকাৰে ৪৫লাখ মেট্রিকটন সৰিয়হ ক্রয়ৰ লক্ষ্য স্থিৰ কৰিছে৷ নূ্যনতম সমর্থন মূল্যত সৰিয়হ ক্রয় কৰাৰ ক্ষেত্রত সর্বাধিক ব্যয় কেন্দ্রীয় চৰকাৰে বহন কৰিব৷ সেইদৰে কম সময়ৰ ভিতৰতে দুগ্ধপালকসকলক প্রতিলিটাৰ গাখীৰৰ বিপৰীতে ৫টকাকৈ ৰাজসাহায্য প্রদান কৰা হ’ব বুলি প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰে সমবায় সমিতিৰ পৰা বর্তমান দুগ্ধ পালকৰ তালিকা লৈ আছে৷ সেই অনুসৰি দুগ্ধপালকসকলৰ একাউণ্টত চৰকাৰে ৰাজসাহায্যৰ ধন প্রদান কৰিব৷ আনহাতে ধানৰ ক্ষেত্রত চৰকাৰে নূ্যনতম সমর্থনমূল্য দিয়াৰ পাছত কৃষকসকল উপকৃত হোৱাৰ বিষয়ে প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবছৰ প্রতি কুইণ্টল ধানৰ নূ্যনতম সমর্থনমূল্য ২,০৪০ টকা ধার্য কৰাৰ পাছত ব্যক্তিগত ধানবনা মিলে প্রতি কুইণ্টল ধান ২,৩০০ টকা পর্যন্ত দিছে৷ তিনি বছৰ পূর্বে সেইসমূহ ধানবনা মিলে প্রতি কুইণ্টল ধানৰ বিপৰীতে ১২০০ টকা দিছিল৷ এতিয়া প্রতি কুইণ্টলত ২,৩০০ টকা দি ক্রয় কৰাৰ পাছতো তেওঁলোক লাভাৱান্বিত হৈ আছে৷ এই ব্যৱস্থা কৰাৰ ফলত কৃষি কার্যৰ প্রতি মানুহৰ আগ্রহ বৃদ্ধি পোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে যোৱা বছৰ এই সময়ছোৱালৈ (মে’ মাহ) চৰকাৰে তিনিলাখ মেট্রিকটন ধান ক্রয় কৰিছিল৷ এইবাৰ এতিয়ালৈ ৫লাখ ৭০ হাজাৰ মেট্রিকটন ধান ক্রয় কৰিছে৷ অর্থাৎ যোৱা বছৰৰ তুলনাত এই সময়ছোৱাত ৰাজ্যখনৰ পৰা চৰকাৰে অতিৰিক্ত দুই লাখ ৭০ হাজাৰ মেট্রিকটন ধান ক্রয় কৰিছে৷ ধানৰ উৎপাদনো এইবছৰ ১০ৰ পৰা ১৫শতাংশ বৃদ্ধি পাইছে৷ কার্বি আংলং, পশ্চিম কার্বি আংলং, ধেমাজি, লখিমপুৰ জিলাত ধানৰ উৎপাদন বহু বাঢ়িছে৷ দ্বিতীয়টো খেতি কৰাৰ বাবে কৃষকসকলক প্রেৰণা যোগোৱাৰ বাবেই চৰকাৰে নূ্যনতম সমর্থন মূল্য নির্ধাৰণত অধিক গুৰুত্ব আৰোপ কৰিছে৷

You might also like