নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাকচত উদ্ধাৰ মহিলাৰ মৃতদেহ

🔴 মহানগৰীৰ লালুং গাঁৱত ভয়ংকৰ কাণ্ড

বিশেষ বাৰ্তা, ২ জুনঃ কালিকা লগা ঠাইত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ আৰক্ষীৰ গিজগিজিয়া নিৰাপত্তাৰ পাছতো মহানগৰীত ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড৷ গড়চুকৰ অন্তর্গত লালুং গাঁৱৰ এটা ভাৰাঘৰত ট্রাংকত ভৰাই থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ মৃত মহিলাগৰাকী বাসন্তী বৈশ্য (৩৫) বুলি জানিব পৰা গৈছে৷ লালুং গাঁৱৰ কটকীপাৰাৰ গৃহ নং ১০ৰ নিৱাসী এম লালুং নামৰ লোকজনে দিয়া ভাৰাঘৰৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো৷ প্রায় তিনি দিন ধৰি বন্ধ অৱস্থাত থকা ঘৰটোৰ ভিতৰৰ পৰা নির্গত হোৱা দুর্গন্ধৰ পাছতে ঘৰটোৰ মালিক তথা অঞ্চলটোৰ বাসিন্দাসকলে সন্দেহ প্রকাশ কৰি ঘৰটোৰ দুৱাৰ ভাঙি ভিতৰত প্রৱেশ কৰি মহিলাগৰাকীৰ মৃতদেহটো এটা ট্রাংকৰ ভিতৰত সোমাই থকা অৱস্থাত প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ বিয়লি প্রায় ৫ বজাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ট্রাংকটো খুলি ভিতৰত মহিলাগৰাকীৰ উৱলি যোৱা মৃতদেহটো উদ্ধাৰ কৰে৷ প্রাথমিক তদন্তত আৰক্ষী এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত হৈছে৷ ভাৰাঘৰটোৰ মালিক লালুঙে সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, যোৱা প্রায় এপষেক পূর্বে উক্ত ঘৰটো ভাৰালৈ লৈছিল মালিগাঁৱৰ ৰাজু বৈশ্য নামৰ লোকজনে৷ বেহাৰবাৰীৰ এখন গ্রিলৰ দোকানত কর্মচাৰী হিচাপে নিয়োজিত ৰাজুৱে তিনিদিন পূর্বে তেজপুৰত কাম পাইছে বুলি মালিকক অৱগত কৰি তালৈ যাব বুলি কৈছিল৷ লালুঙে জনোৱা মতে, ৰাজুৱে মৃত মহিলাগৰাকী নিজৰ পত্নী বুলি চিনাকি দিছিল৷ কার্বি আংলঙৰ বাসিন্দা মহিলাগৰাকীয়ে এসপ্তাহ পূর্বে ভাৰাঘৰটোলৈ ৰাজুৰ সৈতে আহিছিল বুলি অঞ্চলটোৰ স্থানীয় লোকে জানিবলৈ দিছে৷ মহিলাগৰাকীৰ ঘৰ কার্বি আংলঙত বুলি বাসিন্দাসকলে লগতে কয়৷ জানিব পৰা মতে, গ্রিলৰ দোকানত কর্মচাৰী ৰূপে কর্মৰত ৰাজুৰ এইগৰাকী আছিল দ্বিতীয় পত্নী৷ প্রথমা পত্নীৰ ফালৰ পৰা এটি ১২ বছৰীয়া পুত্র সন্তানো ৰাজুৰ আছিল৷ তিনিদিন পূর্বে পুত্রসহ ঘৰটোৰ পৰা ওলাই গৈছিল ৰাজু ৷ সেইদিনাৰ পৰা ৰাজুক স্থানীয় লোকে ঘৰটোলৈ অহা দেখা নাই৷ হত্যাকাণ্ড সংঘটিত কৰিয়ে পুত্রসহ ৰাজুৱে পলায়ন কৰাৰ সন্দেহ কৰিছে আৰক্ষী তথা স্থানীয় লোকে৷ ঘৰটো বাহিৰৰ পৰা তলা লগাই যোৱা ৰাজুৰ সৈতে পত্নী বাসন্তীও যোৱা বুলি ভাবিছিল স্থানীয় লোকে৷ কিন্তু দুদিন ধৰি ঘৰটোৰ পৰা নির্গত হোৱা অসহ্য দুর্গন্ধৰ পাছতহে সন্দেহজনক হৈ পৰিল সম্পূর্ণ পৰিস্থিতি৷ স্থানীয় লোকৰ মতে, পলাতক ৰাজুৱেই মহিলাগৰাকীক হত্যা কৰিছে৷ অৱশ্যে আৰক্ষীয়ে এই সন্দর্ভত এতিয়ালৈকে স্পষ্টভাৱে কোনো কথা প্রকাশ কৰা নাই৷ মন কৰিবলগীয়া যে এটা ষ্টীলৰ বৃহৎ ট্রাংক ভাৰাঘৰটোৰ বিছনা এখনৰ ওপৰত তুলি থোৱা আছিল৷ ট্রাংকটোৰ এটা ফালে মৃতদেহটোৰ ভৰি দুখন বাহিৰলৈ ওলাই আছিল৷ মৃতদেহটো সম্পূর্ণৰূপে ফুলি গৈ এনেদৰে ট্রাংকটো খোল খোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ মৃতদেহটোৰ মুখমণ্ডল সম্পূর্ণৰূপে ক’লা পৰি বিসদৃশ হৈ পৰিছিল৷ জানিব পৰা মতে, ট্রাংকটোৰ কাষতে এটা প্লাষ্টিকৰ বটলো উদ্ধাৰ কৰা হৈছে৷ উক্ত বটলটোত থকা ৰাসায়নিক সামগ্রী মুখত ঢালি দিয়াৰ পাছতে মৃতদেহটোৰ মুখমণ্ডলৰ বৰণ সলনি হোৱাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীৰ লগতে স্থানীয় ৰাইজে৷ কিন্তু কি কাৰণত এই হত্যাকাণ্ড সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ স্থানীয় লোকৰ মতে, এসপ্তাহ পূর্বে ঘৰটোলৈ অহা মহিলাগৰাকীৰ সৈতে কোনোধৰণৰ কাজিয়া অথবা বাক-বিতণ্ডা ৰাজু বৈশ্যৰ হোৱা শুনা নাই৷ তেন্তে কি কাৰণত এনেদৰে নৃশংসভাৱে মহিলাগৰাকীক হত্যা কৰা হ’ল, সেয়া এতিয়াও ৰহস্যৰ আৱর্তত৷ অৱশ্যে আৰক্ষীয়ে পাৰিবাৰিক কাৰণতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্রকাশ কৰিছে৷ নিশা প্রায় ৮ বজাত ঘটনাস্থলীত উপস্থিত হৈ ফৰেনছিক বিভাগৰ দলে বিভিন্ন তথ্য সংগ্রহ কৰিছে৷ মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মর্গলৈ প্রেৰণ কৰিছে৷ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে হত্যাকাণ্ডৰ প্রকৃত কাৰণ হয়তো পোহৰলৈ আহিব ৷

You might also like