নিয়মীয়া বাৰ্তা, ২ জুনঃ প্ৰচণ্ড গৰমে ৰাজ্যবাসীক দহি ৰখাৰ সময়তে আজি দিনৰ ভাগত হঠাৎ অহা এজাক বৰষুণ-বতাহে গৰমৰ পৰা সকাহ দিয়াৰ বিপৰীতে তচনচ কৰি যায় সমগ্র তিতাবৰ। তিতাবৰ নগৰৰ উপৰি দাংধৰা, মাধপুৰ, বেঙেনাখোৱা, বিৰিনাহায়েক, তাঁতীগাঁও, ফালেঙীচুক, জালুকনিবাৰী আদি অঞ্চলৰ লগতে বিভিন্ন অঞ্চলত ক্ষয়-ক্ষতি হৈছে। প্ৰচণ্ড বতাহে মানুহৰ ঘৰ-দুৱাৰ ভাঙি তচনচ কৰাৰ লগতে গছ-গছনি উঘালি বহু ক্ষতি কৰে। অৱশ্যে এই ধুমুহাত কোনো মানুহ অথবা জীৱ-জন্তুৰ ক্ষতিসাধন হোৱাৰ বাতৰি পোৱা নাই। তিতাবৰ তিনিআলিত এজোপা প্ৰকাণ্ড গছ উভালি এখন ছেন্ত্ৰো গাড়ীত পৰি গাড়ীখন সম্পূৰ্ণ ভাঙি যায়। পকী ঘৰসমূহৰ বিশেষ ক্ষতি নহল যদিও গাঁও অঞ্চলৰ কেঁচা ঘৰসমূহৰ প্ৰায়বিলাকেই ভাঙি-ছিঙি গছে। বিদ্যুৎ পৰিবাহী খুঁটা আৰু তাঁৰসমূহৰ বিস্তৰ ক্ষতি হোৱাত নগৰ আৰু দাঁতিকাষৰীয়া গাঁওসমূহত বিদ্যুৎ যোগান সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে। সমান্তৰালভাৱে বিদ্যুৎ কৰ্তন হোৱাত ইণ্টাৰনেটত সেৱা বহু পৰিমাণে মন্থৰ হৈ পৰিছে। শেহতীয়াকৈ তিতাবৰ বেঙেনাখোৱা অঞ্চলত বসবাস কৰা প্ৰায় দহটা পৰিয়াল সম্পূৰ্ণ গৃহহাৰা হৈছে। উক্ত পৰিয়ালকেইটাক পঞ্চায়তৰ তৰফৰ পৰা নতুন গৃহ প্ৰদান কৰা হৈছিল যদিও ঘৰসমূহ সম্পূৰ্ণ হবলৈ বহু বাকী থকাত পুৰণা ঘৰসমূহ সম্পূৰ্ণ ধ্বংস হোৱাত গৃহহাৰা হৈ পৰিছে পৰিয়ালকেইটি। উক্ত পৰিয়ালকেইটাক নিশা কটাবলৈ স্থানীয় বিদ্যালয়ত অথবা অন্য গৃহত আশ্ৰয় প্ৰদান কৰাৰ ব্যৱস্থা প্ৰশাসন আৰু ৰাইজে কৰি নিদিলে নিশা উজাগৰে কটাব লাগিব পৰিয়ালকেইটাই । ৰাইজে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
প্ৰেৰক ইউচুফ আলী